Type Here to Get Search Results !

প্ৰাত্যহিক

 গীতাঞ্জলি দেৱী


জাৰজ ডাৱৰ এটুকুৰাই জোনটো ঢাকি 

ধৰাৰ সময়ত কৰুণ হৈ পৰা আইৰ চকুদুটা দেখি জানিছিলোঁ,

পচোৱা কঠীয়াখিনি এইবাৰো তুলিব নোৱাৰিব । 

এচুকত জ্বলি থকা টিপচাকিটো তুলি 

জোকাৰ এটা মাৰি চাই আয়ে মুখখন মচিছিল। 

তেতিয়াই জানিছিলোঁ 

পোহৰাব পৰাকৈ আইৰ হাতত আৰু একো নাথাকিব ।