Type Here to Get Search Results !

কঁঠালৰ পৰা তৈয়াৰী কেইটিমান ব্যঞ্জন‌

 নৱাব নাৰ্জী ইছলাম


১) *কঁঠাল গুটিৰ বৰফি*

উপকৰণ- : পকা কঁঠালৰ গুটি ৩০ টামান, চেনি ১২৫ গ্রাম, ইলাচিৰ গুড়ি  অকণমান, মাখন আন্দাজমতে।
প্রণালী- : প্রথমে কঁঠাল গুটিৰ বাকলি গুচাই কিছুসময় পানীত তিয়াই থওক। এতিয়া কটাৰীৰে চুঁচি ওপৰৰ ৰঙা বাকলিবোৰ ওচাই গৰম পানীত ভালদৰে সিজাই শুকানে পটাত মিহিকৈ বটিব। এখন কেৰাহীত চেনি ৰস কৰি ঘন হলে তাতে বটি থোৱা গুটিৰ পেষ্টখিনি চামুচেৰে ভালদৰে লৰাই তাৰ ওপৰত ইলাচি গুড়ি আৰু মাখন দি পুনৰ ভালদৰে লৰাব। এখন কাঁহীত ঘি সানি তাতে তৈয়াৰী কঁঠাল গুটি ভালকৈ বহলাই দি কটাৰীৰে বৰফি আকাৰত কাটিব।(চেফৰন থাকিলে গাখীৰত সিজাই ৰং উলিয়াই চেফৰনৰ সোৱাদ ভৰা ৰং কৰিব পাৰে)।

২) *পকা কঁঠালৰ পুদিং*

উপকৰণ- : পকা পিহি লোৱা কঁঠাল তিনি কাপ, মাখন ১০০ গ্রাম, ময়দা একাপ, টেবুল চামুচেৰে দুচামুচ চেনি, চাহ চামুচেৰে ১ চামুচ বেকিং পাউডাৰ, ১ চামুচ ভেনিলা, আধাকাপ ঘন গাখীৰ, কাজুবাদাম, পেষ্টা বাদাম ইচ্ছানুসাৰে
(চেনিখিনি মিক্সি নাইবা পটাত পিহি মিহি কৰি ল'লে ভাল হয়।
প্রণালী- : ময়দা, বেকিং পাউডাৰ. চেনিখিনি ভালদৰে মিলাওক । এতিয়া গলাই লোৱা মাখন, পিহি লোৱা কঁঠাল, গাখীৰ ভেনিলা দি ফেটি পুনৰ বেকিং চেনি মিহলোৱা ময়দাখিনিৰ সৈতে খুব ভালদৰে ফেটি ওপৰত কাজুবাদাম, পেষ্টা কাটি দিব। এতিয়া বেক কৰা পাত্ৰটোত অলপমান মাখন সানি কাজুবাদাম, পেষ্টা মিহিকৈ কুটা ছটিয়াই তাত তৈয়াৰী কঁঠাল ঢালি মজলীয়া ভাপত বেক কৰক।

৩) *কঁঠালৰ কাটলেট*

উপকৰ-ণ : ১ কেজিমান ওজনৰ এটা কেঁচা কঁঠাল, দুই তিনিটা পিয়াজ, কেঁচা জলকীয়া স্বাদ অনুসাৰে, কণী দুটা, অলপ বেচন, আন্দাজমতে গৰম মছলাৰ গুড়ি, কচি অনুযায়ী নিমখ, ধনিয়া বা পদিনা পাত, ভাজিবৰ বাবে ঘিউ বা ৰিফাইন তেল।
প্রণালী- : কঁঠাল বাকলি গুচাই সৰু সৰুকৈ কাটি ধুই লওক। গুটি যদি কিছু টান হৈছে তেন্তে গুটি গুচাই অলপ পানীত সিজাই টুকি পটাত মিহিকৈ বটি লওক। এতিয়া বটি লোৱা কঁঠালখিনিত মিহিকৈ কুটা পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত, গৰম মছলাৰ গুড়ি, বেচন, স্বাদ অনুসাৰে নিমখ মিলাই ভালকৈ সানি কাটলেটৰ আকাৰত সাজি ফেটি লোৱা কণীত কালেটবোৰ এটা এটাকৈ ডুবাই গৰম ঘি বা ৰিফাইন তেলত ভাজক। যিকোনো চাটনীৰ সৈতে পৰিবেশন কৰক।