Type Here to Get Search Results !

সিংহ পুৰুষ লগতে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱৰ মৃত্যু তিথিত তেখেতলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

 চৈয়দা চায়ৰা বেগম


১৮৯০ চনৰ ৬ জুনত নগাঁৱৰ ৰহাত স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱৰ জন্ম হৈছিল ৷৷আৰু ১৯৫০ চনৰ ৫আগষ্টত এইজনা স্বাধীনতা সংগ্ৰামী নেতাৰ দেহাৱসান ঘটিছিল ৷
    ১৯০৮ চনত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিকত উৰ্ত্তীণ হৈ কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি.এ আৰু কলিকতা কলেজৰ পৰা এম.এ আৰু আইন পৰীক্ষাত উৰ্ত্তীণ হয় ৷ যদিও তেখেতে প্ৰথমে গুৱাহাটীলৈ আহি ওকালতি কৰিছিল পিছলৈ তেওঁ মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত যোগ দিছিল ৷ ইয়াৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিছিল ৷ ১৯৪৭চনত ভাৰতে স্বাধীনতা পোৱাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল ৷
    তেখেতে নিস্বাৰ্থ ভাৱে নিজৰ দেশক ভাল পাইছিল ৷তেখেতৰ পৰিশ্ৰমৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়,'অসম হাই কোৰ্ট,মেডিকেল কলেজ,ইঞ্জিনীয়াৰিং  কলেজ গঢ়ি উঠিছিল ৷ তেখেত এজন ভাল খেলুৱৈ আছিল ৷ তেখেতৰ কৰ্মৰাজিৰয়ে তেখেতক আজিও স্মৰণীয় কৰি ৰাখিছে ৷ অসম আৰু অসমীয়াৰ প্ৰতি  তেখেতৰ অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল  দৌলতৰামে তেখেতক 'লোকপ্ৰিয়'উপাধিৰে বিভূষিত কৰিছিল ৷ তেখেতক মৰণোত্তৰ ভাৱে ভাৰত চৰকাৰে ১৯৯৯চনত দেশৰ সৰ্ব্বোচ্চ অসামৰিক ভাৰত ৰত্ন প্ৰদান কৰিছিল ৷
_________________