Type Here to Get Search Results !

বিকি (৫)

 গীতাঞ্জলি দেৱী


ঘিটমিটীয়া আন্ধাৰৰ মাজত মই  অকলে ৰৈ আছোঁ । মোৰ  উশাহ-নিশাহ বন্ধ হোৱা যেন লাগিল । এনেদৰে কাৰেণ্ট গ'লে মুহুৰ্ততে জেনেৰেটৰ চলাই দিয়া হয় ।  খুউব বেছি এক-দুই মিনিটৰ ভিতৰতে ধপ্-ধপ্ কৈ জেনেৰেটৰ চলে আৰু   লগে-লগে চাৰিওফালৰ পৰিৱেশ  আকৌ দিন যেন পোহৰ হৈ পৰে  । আজি দেখুন জেনেৰেটৰ চলাৰ শব্দই শুনা  নাই । কি হ'ল আকৌ  !  আন্ধাৰৰ মাজত এনেদৰে  ৰৈ  থকা প্ৰতিটো পল  মোৰ বাবে এযুগ যেন লাগিল । ক্ষন্তেক আগতে মই দেখা অদ্ভূত দৃশ্যটোৱে মোক হতবাক কৰাৰ  লগতে অস্থিৰ কৰি ৰাখিছেই তাতে আকৌ এতিয়া চোৰে  চৰ মাৰিলেও নেদেখা আন্ধাৰ  । মোৰ চুলিৰ আগে জিউ যোৱা উৰি যোৱা  উপক্ৰম হ'ল । মই  বিক্ৰমক মাতিছিলোঁ । কিন্তু  ইমান সময়ে  সিও   আহি নাপালেহি । মোৰ  লগত এয়া কি হৈ আছে বাৰু ?

           হে ভগৱান !  হয় জেনেৰেটৰ চলক , নহয় বিক্ৰম আহক । কিন্তু কোনো  এটাৰো দেখা-দেখি নাই । ভয়ত মোৰ  চিন্তা শক্তি লোপ পোৱা যেন  লাগিল । ঠিক  সেই  সময়তে মই অনুভৱ কৰিলোঁ মোৰ সোঁকাষে যেন কোনোবা থিয় হৈ আছে আৰু কাণৰ  কাষত কাৰোবাৰ উশাহ-নিশাহ লোৱা  শব্দ শুনিবলৈ  পালোঁ । এনেকুৱা লাগিল  যেন  মোৰ   সোঁ গালখনৰ পৰা ডিঙিলৈকে  খুউব চেঁচা , হীম শীতল এছাটি বতাহ  বৈ পৰিছে । অতি পাত ঠাণ্ডাৰ দিনত বন্ধ কোঠালিৰ ভিতৰত , এজাপ কাপোৰৰ মাজত সোমাই থকাৰ মাজতো যেতিয়া কোনোবা সুৰুঙাৰে শীতল, চেঁচা বতাহ এছাটি গাত লাগে আৰু তেতিয়া যেনেকৈ গাটো সিৰসিৰাই  উঠে , এই  মূহুৰ্তত ঠিক তেনেকুৱা  অনুভৱ কৰিলোঁ মই । উস্ ! ইমান  চেঁচা ! কি  হ'ব পাৰে বাৰু ?

      এতিয়া নি:শ্চয় এখন  হীম শীতল হাত মোলৈ আগবাঢ়ি আহিব আৰু সেই হাতখনৰ  প্ৰসাৰিত দীঘল আঙুলিবোৰ  মোৰ গললৈ বুলি …… ।  আৰু মই …। মই
আৰু ভাবিব নোৱাৰিলোঁ ।
মোৰ অণ্ঠ-কণ্ঠ শুকাই গ'ল । মই মৰিলো নে জী আছোঁ বাৰু ?  সোঁ হাতখনেৰে লাহে-লাহে নিজৰ সোঁ  গালখন চুই চালোঁ । ইমান চেঁচা ! মোৰ হাতখনো চেঁচা পৰি গ'ল । মোৰ  উশাহ-নিশাহবোৰ ঘন হ'বলৈ ধৰিলে । কোনোমতে দীঘলকৈ  উশাহ এটা টানি লওঁতে ধুনীয়া গোন্ধ  এটা নাকত লাগিলহি  । বতাহত ভাঁহি  আহিছে এক অনন্য সুগন্ধি ।  মোৰ আন্ধাৰ কোঠাটোত সেই  সুগন্ধি বিয়পি  পৰিছে।   আস্ কি সুগন্ধি ! ইমান ধুনীয়া গোন্ধ ।  কিবা ফুলৰ গোন্ধ চাগে …… । হঠাৎ  মোৰ গোন্ধটো  চিনাকি-চিনাকি যেন লাগিল , মই যেন   আগতে ক'ৰবাত এই  সুগন্ধি পাইছোঁ । কিহৰ  গোন্ধ বাৰু ?  এইটো …   এইটো বিকিয়ে লোৱা পাৰফিউমটোৰ গোন্ধ দেখুন …। হয় , হয় । এই সুগন্ধি মই চিনি নাপামনে ? বিকিৰ গাৰ পৰা ভাঁহি অহা মিঠা সুগন্ধি এতিয়া মই ৰৈ থকা এই আন্ধাৰ কোঠালিত বিয়পি আছে ।
       
             তাৰমানে কোঠাটোৰ ভিতৰত মই অকলে নাই , বিকিও আছে । মানে বিকিৰ অশৰীৰ আত্মা মোৰ নিচেই কাষত থিয় হৈ আছে । যাৰ নাকৰ নিশ্বাসত মোৰ সোঁ গালৰ পৰা ডিঙিলৈকে এটা হীম চেঁচা সোঁত বৈ  আহছে !  হে ভগৱান ! মই  আৰু ভাৱিব নোৱাৰিলোঁ ।
          এনেতে বাৰাণ্ডাইয়েদি এটা পোহৰ মই থকা কোঠাটোৰ দিশে আগবাঢ়ি অহা দেখিলোঁ ।  খৰ-খোজেৰে কোনোবা আহিছে । নি:শ্চয় বিক্ৰম । খোজৰ গতিৰ লগে-লগে তাৰ হাতৰ টৰ্চ লাইটৰ পোহৰটোও আগবাঢ়ি আহি আছে । পোহৰটো মোৰ কোঠাৰ দুৱাৰমুখ পোৱাৰ সময়তে জেনেৰেটৰটোও ধপ-ধপকৈ  শব্দ কৰি উঠিল আৰু চাৰিওফালৰ লাইটবোৰ জ্বলি উঠিল । পোহৰ হৈ পৰা অফিচ-কোঠাটোৰ চাৰিওফালে  সভয়ে চকু  ফুৰাই চালোঁ । নাই , একো নাই দেখুন ।  মোৰ কাষত ৰৈ থকা কাৰোবাৰ উপস্থিতিও নাই । মোৰ  গাল আৰু ডিঙিত লগা চেঁচা স্পৰ্শ সেইবিলাক  এতিয়া নাই   ।  মাত্ৰ দুৱাৰমুখৰ পৰ্দাখন সামান্য লৰি আছে । কিন্তু কোঠাটোৰ ভিতৰত এক মিঠা সুগন্ধি বিয়পি আছে। 

:: বাইদেউ ,  বিক্ৰমে কোঠাটোলৈ সোমাই মোক তেনেকৈ থিয় হৈ থকা দেখি মাত লগালে ।

::অঁ বিক্ৰম । আহিলা ?  পিছে , মই যাওঁৱেই নেকি ! 
তাক দেখিহে মোৰ শুকাই যোৱা কণ্ঠলৈ পানী আহিল ।

::হয় বাইদেউ ,  কাম হ'ল যদি  আপুনি যাওক গৈ আৰু এটা কথা বাইদেউ , আপুনি অকলে দেৰিলৈকে অফিচত নাথাকিব ।  গধূলি হোৱাৰ লগে-লগে পাৰিলে যাবগৈ ।

          " কি কয় বিক্ৰমে ?  তাৰমানে বিক্ৰমেও মোৰ দৰে কাৰোৱাৰ উপস্থিতি অনুভৱ কৰিছে নেকি ?   বিক্ৰমে এই অফিচটোত  কাৰোৱাক দেখিছে  নেকি  বাৰু ?  অশৰীৰি  কিবা  ?  নে  আন  কিবা কথা  ? " সি কিয় তেনেকৈ  ক'লে?
 

::কিয় ? কি হ'ল   বি  ক্ৰ  ম ?  মই ভয়ে-ভয়ে তাক সুধিলোঁ ।

:: বিশেষ একো নহয় বাইদেউ । ভয় নাখাব । মই আপোনাক কালিলৈ দিনত ক'ম । এতিয়া আপুনি যাওকগৈ । 

::ঠিক আছে । এটা কথা সুধোছোন  বিক্ৰম , তুমি বাৰু খুউব ধুনীয়া  গোন্ধ এটা পাইছানে ?  

::অঁ পাইছোঁ , মই বাৰাণ্ডাখনেৰে আহি থাকোঁতেও পাইছিলোঁ । এতিয়াও পাই আছোঁ । আপুনি ধুনীয়া গোন্ধৰ পাৰফিউম লৈছে বুলিহে ভাবিছিলোঁ  । কি কথা বাইদেউ ? কিয় সুধিলে ?

::নাই , এনেয়ে ।  এইটো মই  লোৱা পাৰফিউমৰ গোন্ধ নহয়  । ক'ৰবাত কিবা ফুলিছে চাগে ।  বাৰু , ই  জিতু অহা নাই নেকি ?  মই পাৰফিউমৰ গোন্ধৰ কথাটোৰ পৰা আঁতৰিব খুজি  কথাটো সলালোঁ আৰু  ফাইলবোৰ জাপি যিমান পাৰোঁ সোনকালে কোঠাটোৰ পৰা ওলাই যাবলৈ  খৰ-ধৰ কৰিলোঁ । 

::ব'লক বাইদেউ , মই আপোনাক  অলপ আগবঢ়াই দিওঁ ।
এইবুলি  বিক্ৰমে দুৱাৰৰ তলাটো মাৰি মোৰ লগে-লগে অফিচৰ গেট খনলৈকে আগবাঢ়ি আহিল ।  মোৰ চিন্তা, ভয়- সংশয়বোৰ বাঢ়ি গ'ল । বিক্ৰমে মোক কি ক'ব খুজিছে বাৰু ? কালিলৈ সি মোক ক'ব লগা কথাটো বিকিৰ স'তে জড়িত নহয়টো ?
আগলৈ…