সবিতা বৰুৱা ফুকন
শাওনৰ পথাৰ খন সেউজীয়া
হৈ ভৰি পৰিল !
ঠিক আইৰ বুকুৰ সেউজীয়া
সপোন বোৰৰ দৰে,
তথাপিও...
আইৰ বুকুত দুৰু দুৰু কঁপনি
কিজানিবা ভদীয়া বান আহি
পথাৰখন গেৰুৱা কৰেহি !!
মই থৰ লাগি চাই ৰ'লো..
লহিওৱা বেলিৰ পোহৰত
সোণালী আৰু সেউজ মিহলি
আদি অন্ত নোহোৱা
পথাৰখনে মোৰ বুকুখন
শাঁত পেলাই আনিলে ।
কিমান কথাই বুকুত
জুৰিৰ দৰে নাচি উঠিল...
কজলা হ'ব খোজা চকুহাল
পূৱাৰ ৰ'দৰ কিৰণেৰে
উজ্জ্বলি উঠিল। ।