Type Here to Get Search Results !

উপহাৰ (অণুগল্প)

 অংশুমান ভূঞা


     হাতত মেহেন্দি লৈ অপেক্ষাত থকা দিন এটাতেই ববিতাই সুখবৰটো পালে। মাকৰ চকুলৈ আশাৰে চাই ৰ'ল । মাকৰ অসহায় চাৱনিতে তাই উত্তৰো পালে - 'নহ'ব' । বিধৱা মাকে হয়তো আৰু বলে নোৱাৰে।

      ফুলশয্যাৰ নিশা সন্তৰ্পণে সোমাই অহা মানুহজনৰ হাতত এটা উপহাৰ। তাইৰ দুচকু উপচি পৰিল। সপোনটোৱে আকৌ সাৰ পাই উঠিল।

     এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ . . . .। চকুপানীখিনি ততাতৈয়াকৈ সামৰি মুখ্য অতিথিৰ ভাষণ দিবলৈ নৱনিযুক্ত উপায়ুক্ত ববিতা চৌধুৰী উঠি গ'ল।

      ন-কইনাৰ দেহ ভৰি থকা সোণ-ৰূপতকৈও সিদিনা অমূল্য আছিল নামভৰ্তিৰ আবেদন-পত্ৰখন।