Type Here to Get Search Results !

ট্ৰয় বিজয়ৰ পৰিকল্পনা

 অৰুণ দুৱৰা


ট্ৰয়ৰ অৱৰোধ বহু বছৰ ধৰি চলিছিল আৰু বহু মহান যোদ্ধা যুদ্ধত শ্বহীদ হৈছিল ।ট্ৰয়ৰ এই যুদ্ধত চহৰখন দখল কৰা গ্ৰীকসকলৰ বাবে সাধ্যাতীত যেন অনুমান হৈছিল ।তাৰ পিছত ওডিসিয়ুচে এটি ধূৰ্ত্ত পৰিকল্পনাৰে যুদ্ধ ওৰ পেলাবলৈ চেষ্টা কৰে ।পৰিকল্পনা মতে কাম।তেওঁ আদেশ দিলে এটি বৰ ডাঙৰ কাঠৰ ঘোঁৰা বনাবলৈ যাতে তাৰ পেটত আটাইতকৈ বেছি ভাল দক্ষ গ্ৰীক যোদ্ধা সোমাই লুকাই থাকিব পাৰে ।পিছত এই ঘোঁৰাটো ট্ৰয়ৰ দেৱালৰ বাহিৰত এৰি আহি নিজ সৈন্যৰ চাউনি নিজেই  জ্বলাই নাৱত উঠি তাৰ পৰা পলায়ন কৰাৰ ভাও ধৰিব।সেই উদ্দেশ্যৰে গ্ৰীক সৈন্য নিকটৱৰ্ত্তী টেনিডোস দ্বীপলৈ ৰাতিৰ আন্ধাৰত গুচি যায় আৰু ৰাতিয়েই তালৈ পুনৰ ঘূৰি আহে।সাইনন নামৰ এজন নিজৰ সেনাক চাকি জ্বলাই তেওঁলোকক সংকেত দিবৰ বাবে তাত থৈ যায় ।ওডিসিয়ুচে সাইননক পৰিকল্পনাৰ সকলো কথা শিকাই বুজাই থৈ যায় ।তাক ধৰি নিলে ট্ৰোজান সৈনিকে ট্ৰয়ৰ ৰজা প্ৰায়ামৰ ওচৰলৈ ।ওডিসিয়ুচে শিকোৱা গল্প সি ৰজাক এফালৰ পৰা কৈ গ'ল ।সি কলে যে মোক বলি দিয়াৰ সকলো ব্যৱস্থা পকা হৈছিল ।কিন্তু সেই ৰাতি মই শিবিৰৰ পৰা পলাবলৈ সক্ষম হলো আৰু জংগলৰ মাজত পলাই থাকোঁ ।গ্ৰীকসৈন্য তাৰ পৰা আতৰি যোৱাৰ পিছত মই হাবিৰ পৰা ওলাই আহোঁ।ৰজা সহ সকলো ট্ৰজানে সাইননে কোৱা কথা সৰল মনে বিশ্বাস কৰিল।ৰজাই তাক অভয় প্ৰদান কৰিল।সাইননে কৃতজ্ঞতাৰ ভাও ধৰি গল্পৰ বাকী অংশ বৰ্ণনা কৰি ক'লে এই কাঠৰ ঘোঁৰাটো গ্ৰীক সকলে দেৱী এথিনাৰ প্ৰতি অৰ্ঘস্বৰূপে ইয়াত ৰাখি থৈ গৈছে ।কিন্তু ইয়াৰ অন্তৰালত তেওঁলোকৰ এটা অসৎ উদ্দেশ্য আছে ।তেওঁলোকে বিচাৰে ট্ৰয়বাসীয়ে ঘোঁৰাটোক ধ্বংস কৰক যাতে দেৱী এথিনা ট্ৰয়ৰ ওপৰত ক্ৰুদ্ধ হয়।ইয়াৰ ওপৰিও ট্ৰয় নগৰৰ অভ্যন্তৰত যি এথিনাৰ মন্দিৰ আছে তালৈ ঘোঁৰাটো লৈ গলে দেৱীয়ে গ্ৰীকসকলৰ সলনি ট্ৰয়বাসীৰ প্ৰতিহে অনুগ্ৰহ দেখুৱাব ।গ্ৰীকসকলে এই চতুৰ পৰিকল্পনাৰ ঈপ্সিত ফল লগে লগে পালে আৰু এই দৰেই সফল হল ট্ৰয় জয় কৰাৰ ওডিসিয়ুচৰ ধূৰ্ত্ত কৌশল।দহ বছৰৰ যুদ্ধত যি সম্ভৱ নহ'ল সেই দু:সাধ্য সাধন হ'ল ওডিসিয়ুচৰ এটি ধাপ্পাৰ মাধ্যমত ।
     উৎফুল্লিত ট্ৰয়বাসীয়ে  গ্ৰীকসৈন্যই অৱৰোধ এৰি তাৰ পৰা যোৱা বুলি ভাবি ঘোঁৰাটো টানি নিলে এথিনাৰ মন্দিৰৰ দ্বাৰৰ ওচৰলৈ।মধ্য ৰাতি অন্ধকাৰ মন্দিৰৰ দ্বাৰত ঠিয় হৈ থকা কাঠৰ ঘোঁৰাটোৰ পেটৰ ফালে এখন দৰজা খুলিল আৰু তাৰ পৰা ওলাই আহিল পঞ্চাশজন দুধৰ্ষ গ্ৰীক যোদ্ধা আৰু সিহঁতৰ নেতা মহাবীৰ ওডিসিয়ুচ।তেওঁলোক সন্তৰ্পনে গৈ নগৰৰ মূল প্ৰবেশ দ্বাৰ খুলি দিয়ে আৰু বাহিৰত অপেক্ষাৰত গ্ৰীক সেনা শুই থকা ট্ৰয় নগৰত প্ৰবেশ কৰি তেওঁলোকে বিভিন্ন ভৱনত একেলগে একে সময়ত অগ্নি সংযোগ কৰে ।আৰু নিৰপেক্ষ ভাৱে সকলো ট্ৰজান যোদ্ধা আৰু যাকে য'ত পালে সকলো ট্ৰজানক হত্যা কৰিল ।পৰাজিত হ'ল ট্ৰয়বাসী।এসময়ৰ ইউৰোপ মহাদেশৰ সকলোতকৈ সম্পদশালী ট্ৰয় নগৰ এটা ৰাতিৰ ভিতৰত পৰিণত হ'ল ধ্বংস স্তূপত ।অনাদি কাল ধৰি মানুহে স্মৰণ কৰিব ট্ৰয়ৰ সেই ভয়ংকৰ কাল ৰাত্ৰিক।

(ৰজা প্ৰায়াম দহ বছৰীয়া ট্ৰজান যুদ্ধৰ সময়ত ট্ৰয়ৰ ৰজা  আছিল। পুৰণি সাহিত্যত ৰজাৰ জীয়ৰী কেচানদ্ৰাই ভবিষ্যতৰ বিষয়ে সকলো কথা কব পাৰিছিল আৰু তদানুযায়ী সেই যুদ্ধৰ পৰিণতিৰ বিষয়ে সজাগ কৰি দিলেও ৰজাই তাক অমান্য কৰিছিল)