Type Here to Get Search Results !

স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সংজ্ঞা আৰু সন্তানটিৰ প্ৰতি আপোনাৰ কৰ্তব্য

 ৰেখামণি চাৰিঙীয়া


স্বাধীনতা দিৱসৰ দিনা পুৱা প্ৰতিবেশী পৰিয়ালটোৰ ছয়বছৰীয়া কন্যাক বেলকনিত খেলি থকা দেখি সুধিলো-'স্কুললৈ যোৱা নাই! তাই ক'লে-'আজি অসম বন্ধ নহয়,স্কুল ছুটি।'সুধিলো-'অসম বন্ধ বুলি কোনে ক'লে তোমাক? 'মা-পাপাই কেছে।আজি ১৫আগষ্ট যে,সেইকাৰণে অসম বন্ধ।কণমানিজনীয়ে অতি সহজতে উত্তৰটো দিলে।'


এই কণমানিজনীৰ আঁত ধৰিয়েই সকলোলৈ এটি প্ৰশ্ন-গণতন্ত্ৰ দিৱস,স্বাধীনতা দিৱস বুলিলে আপোনাৰ সন্তানটিয়ে কি বুজে!এটা অসম বন্ধৰ দিন নে অইন কিবা?আমাৰ প্ৰতিবেশীৰ কণমানি জীয়ৰীয়ে জানে-১৫আগষ্ট বা ২৬জানুৱাৰীৰ দিনটো অসম বন্ধৰ দিন।সেইদিনা ৰাস্তাত ওলাব নালাগে।কলৈকো যোৱা মানা,কাৰণ ব'ম ফুটিব পাৰে।মাকে তাইক কৈ থৈছে।প্ৰতিবেশীৰ কণমানি জীয়ৰীৰ উত্তৰে ভবাই তুলিছিল-১৫আগষ্ট,তাইৰ বাবে কেৱল এটা অসম বন্ধৰ দিন হ'বলগীয়া হ'ল কিয়?উত্তৰ সহজ-তাইটো সেই দিনটোক তেনেদৰেই পাইছে।কেৱল এই ছবছৰীয়া কণমানিজনীয়ে বা তাইৰ সমনীয়া সকলেই নহয় যোৱা দুটা দশকত জন্ম লাভ কৰা প্ৰতিজন ল'ৰা-ছোৱালীয়েই এটা বন্ধৰ দিন হিচাপে পাই আহিছে ভাৰতীয়ৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ এই দিন দুটাক।য'ত সন্ত্ৰাসেই একমাত্ৰ সঁচা।জাতীয়বোধৰ স্থান নাই।ত্ৰিৰংগৰ তলত সমবেত কন্ঠে'জন-গণ-মন' গোৱাৰ উচ্চাস কি,সেয়া এই প্ৰজন্মই কিদৰে অনুভৱ কৰিব?প্ৰতিখন ঘৰেই সমাজৰ প্ৰাথমিক আৰু অনিবাৰ্য উপাদান বা অংগ।সেই অংগৰ গুৰি ধৰোঁতা হৈছে-আপোনালোক।গতিকে দেশৰ সুনাগৰিক গঢ়াৰ দায়িত্ব আপোনালোকে নিঃসন্দেহে পালন কৰে।ঘৰ এখনৰ মজিয়াৰ পৰাই শিশুৱে সমাজত চলাৰ শিক্ষা লাভ কৰে।নাগৰিক জীৱনৰ আদিপাঠ লয়।এই আদিপাঠ শিক্ষাৰ প্ৰথম গুৰু হিচাপে শিশুটিৰ ব্যক্তিত্ব বিকাশ আৰু মূল্যবোধ গঢ়াৰ দায়িত্ব যিহেতু আপোনালোৰ,সেইহেতু আপোনালোক সচেতন  হওক সন্তানটিৰ গণতান্ত্ৰিক চেতনা আৰু মূল্যবোধ গঢ়াৰ ক্ষেত্ৰত।প্ৰথমেই,১৫আগষ্ট, ২৬জানুৱাৰী সম্পৰ্কে নূন্যতম ধাৰণা শিশুটিক দিবলৈ যত্ন কৰক।আমাৰ শাসন ব্যৱস্থাৰ গাঁঠনি,পদমৰ্যাদা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অতি সৰল ব্যাখ্যা দিয়াৰো চেষ্টা কৰিব পাৰে।অৱশ্যে এই বাখ্যা ছয়বছৰ তলৰ শিশুৰ বাবে নহ'লেও হ'ব।

যিকোনো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিশুৱে ৰংৰ মাধ্যমটোক অতি সোনকালে হৃদয়ংগম কৰিব পাৰে।গতিকে আপোনাৰ সন্তানটিক গণতান্ত্ৰিক মূল্যবোধৰ শিক্ষা ত্ৰিৰংগৰ ৰংৰ সহায়েৰেই দিবলৈ সহজ হ'ব।তিনিবৰণৰ জাতীয় পতাকাখনৰ মৰ্যাদা,তিনিওটা ৰংৰ তাৎপৰ্য,অশোক চক্ৰটোৰ প্ৰতীকী বাখ্যা কৰি অৰ্থ ৰংৰ খেলৰ মাজেৰেই দিয়াৰ যত্ন কৰকচোন।সেইদৰে ৰাষ্ট্ৰীয় সংগীতটোৰ মাজেৰেও আমাৰ দেশৰ গণতান্ত্ৰিক আদৰ্শৰ কথা বুজাব পাৰি।খেল আৰু আমোদৰ মাজেৰে কিদৰে এই শিক্ষা শিশুক দিব,তাৰে কেইটামান উদাহৰণ-

আপোনাৰ চুবুৰী বা কলনীটোৰ শিশুহঁতক লগ-লগাই কাৰোবাৰ ঘৰত,গছৰ তলত,চোতালত,চাদত বা স্থানীয় অনুষ্ঠানৰ প্ৰাংগনত ১৫আগষ্ট বা ২৬জানুৱাৰীৰ দিনা কিছুমান প্ৰতিযোগীতা পাতিব পাৰে।

এক কুইজ।
১৫আগষ্ট বা ২৬জানুৱাৰীৰ কিছুদিনৰ আগৰেপৰাই এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতি চলাওক।চুবুৰীটোৰ শিশুহঁতক গণতন্ত্ৰ,স্বাধীনতা দিৱস,দেশৰ সংবিধান,ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বিভাগীয় মন্ত্ৰীৰ নাম,জাতীয় পতাকা,ৰাষ্ট্ৰীয় সংগীত আদিৰ বিষয়ে পঢ়িবলৈ দিয়ক।সৰু সৰু কাৰ্ডত এই কথাবোৰ লিখি থিতাতে পঢ়িবলৈ দি দিৱসৰ দিনাও শিশুহঁতৰ মাজত আকস্মিক কুইজ অনুষ্ঠিত কৰিব পাৰে।

দুই/আকস্মিক বক্তৃতা।উপৰি উক্ত বিষয়বোৰকে লৈ আকস্মিক বক্তৃতাৰ আয়োজন কৰিব পাৰিব।

তিনি-
দেশ-প্ৰেমমূলক গীত,কবিতা,আবৃত্তি প্ৰতিযোগিতা।

চাৰি-
জাতীয় পতাকা অকাঁ।বিভিন্ন মাধ্যমেৰে তৈয়াৰ কৰা বা কণ-কণহঁতৰ মাজত জাতীয় পতাকাখনত ৰং কৰা প্ৰতিযোগিতাও পাতিব পাৰে।এই প্ৰতিযোগিতাখন অভিনৱ কৰি তোলাৰ থল আছে।জাতীয় পতাকাৰ ৰংৰ বিভিন্ন আকৃতিৰ গুটি,শিল,সৰু-সৰু কাগজৰ টুকুৰা,ফাকু আদি কণ-কণহঁতক দি তাৰে পতাকা সাঁজিবলৈ দিব পাৰে।জাতীয় পতাকাত ৰঙেৰে কাগজৰ ষ্টিকাৰ,পোষ্টাৰ,চিলা,টুপী,
মোনা আদি বিভিন্ন অৰিগামী কৰিবলৈ দিব পাৰে।

পাঁচ-
গ'এজ ইউ লাইক বাভেশচন বা ফেঞ্চীড্ৰেচ।দিৱসৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতাও পাতিব পাৰে।

যি প্ৰতিযোগিতাই নাপাত কিয় বা,যিয়েই শ্ৰেষ্ঠ বিবেচিত নহওক,সদায় মনত ৰাখিব শিশুহঁতক আনন্দৰ মাজেৰে জ্ঞান দিয়াটো,উৎসাহ যোগোৱাটো আপোনালোকৰ কৰ্তব্য।গতিকে সকলোকে ভাগ লোৱাৰ আনন্দ যোগাওক।প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেককে সৰু সৰু পুৰস্কাৰ দিয়ক।নিচুকণি বঁটা নহয়,উদ্দীপনা বঁটা, অনুপ্ৰেৰণা বঁটা,ইত্যাদি।আপোনাৰ পৰিসৰৰ মাজত যদি এনে অনুষ্ঠান পতা সম্ভৱ হৈ নুঠে,তেন্তে নিজৰ ঘৰতে শিশুটিক বিভিন্ন ধৰণে ১৫আগষ্ট আৰু ২৬জানুৱাৰীৰ দিৱসৰ সৈতে জড়িত কৰিব পাৰে।যেনে-

১/শিশুটিয়ে আনন্দ পোৱা কামত জড়িত কৰক।যদি আঁকি ভাল পায়,পতাকা আঁকিবলৈ দিয়ক।

২/সৰু-সৰু পতাকা সাঁজি ঘৰৰ খিৰকীত আঁৰিবলৈ দিও স্ফূৰ্তি যোগাব পাৰে।

৩/ঘৰৰ সকলোৰে বাবে-সিদিনা তিনিবৰণীয়া মিঠাই,বিভিন্ন খোৱাবস্তু,তৈয়াৰ কৰিব পাৰে।স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস উপলক্ষ্যে আজিকালি এনে ৰেচিপিৰ জনপ্ৰিয়তাও বাঢ়িছে।

৪/যদি সময়-সুবিধা হয়,শিশুটিৰ লগত সেই দিনা তিনিবৰণীয়া চিলাকে উৰুৱাওক।

আপোনাৰ শিশুটিৰ মনত জাতীয় চেতনাৰ অংকুৰণ ঘটাবলৈ এয়া আমাৰ সামান্য পৰামৰ্শ মাত্ৰ।স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস আপোনাৰ শিশুটিৰ বাবে-কেৱল এটা বিৰক্তিকৰ বন্ধৰ দিন নহৈ এটা আনন্দৰ দিন হওক।উদযাপনৰ দিন হওক।।

(সংগ্ৰহিত)।