Type Here to Get Search Results !

প্ৰেম আৰু ৰ’দালিৰ কবিজনালৈ সশ্ৰদ্ধ সোঁৱৰণ

 চৈয়দা চায়ৰা বেগম


'তোমাৰ পৰা মোলৈ উভতি আহিবলৈ মোৰ বহুপৰ লাগে_____কবি হীৰেন ভৰ্ট্ৰচাৰ্য দেৱ
২০১২চনৰ ৪জুলাই তাৰিখে কাব্য অনুৰাগী সকলক কন্দুৱাই চিৰ দিনৰ বাবে উভতি নহাৰ পথেৰে গুছি গ’ল সকলোৰে আপোন কবি হীৰেন ভৰ্ট্ৰচাৰ্য দেৱ ৷
তেখেতৰ এই মৃত্যু তিথিত তেখেতলৈ সশ্ৰদ্ধৰে একাঁজলি শ্ৰদ্ধঞ্জলি নিবেদিলো ৷
     'সহজ এন্ধাৰ,সহজতৰ মোৰ সহজাত দুখ
প্ৰকৃততে দুখবোৰ সজ,সহজ আৰু সুনিশ্চিত___কবি হীৰেন ভৰ্ট্ৰচাৰ্য দেৱ

'সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত হীৰেন ভৰ্ট্ৰচাৰ্য দেৱ কাব্য জগতৰ এক প্ৰসিদ্ধ নাম ,কাব্য প্ৰেমী সকলৰ মাজত হীৰুদা নামেৰে সকলোৰে প্ৰিয় ৷
     হীৰুদাৰ জন্ম হৈছিল ১৯৩২চনৰ ২৮জুলাইত যোৰহাটত ৷ হীৰুদাৰ শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড় গ্ৰেহেম বজাৰ এম ই স্কুলৰ পৰা ৷ ১৯৪৫চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ হৈ বি বৰুৱা কলেজত নাম ভৰ্তি কৰিছিল ৷
    । হীৰুদাৰ প্ৰথম কবিতা পুথি আছিল 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা'
তেখেতৰ উল্লেখযোগ্য সাহিত্য সমূহ হৈছে__
তোমাৰ গান(১৯৭২)
বিভিন্ন দিনৰ কবিতা(১৯৭৪)
সুগন্ধি পখিলা(১৯৮১)
শইচৰ পথাৰ মানুহ(১৯৯১)
হীৰুদাৰ সাহিত্য কৰ্মৰ বাবে শ্ৰদ্ধা জনাই নিম্নোক্ত বঁটা সমূহ আগবঢ়াইছিল
'বিভিন্ন দিনৰ কবিতা'গ্ৰন্থখনৰ বাবে
১৯৭৬চনত অসম সাহিত্য সভাৰ ৰঘুনাথা চৌধাৰী বঁটা,' সুগন্ধি পখিলাৰ বাবে১৯৮৫ত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল ৷ ১৯৯২চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ৷
২০০০চনত তেখেতক অসম উপত্যকা সাহিত্য পুৰস্কাৰ দিয়া হৈছিল ৷
প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভৰ্ট্ৰচাৰ্য দেৱৰ কাব্য-সাহিত্যৰ অৱদান অপৰিহীম ৷ শেষত তেখেতৰ আন এটি ভাল লগা কবিতাৰ পংক্তিৰে

"কবি মই নাছিলো কোনো কালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে "_____হীৰুদা

নাজিৰা