Type Here to Get Search Results !

প্ৰভু জগন্নাথ স্বামীৰ ৰথ যাত্ৰাৰ কথাৰে

 ৰেখামণি চাৰিঙীয়া


প্ৰভু জগন্নাথ স্বামীৰ ৰথ যাত্ৰা কেতিয়াৰ পৰা আৰু কি কাৰণে আৰম্ভ হল,এই বিষয়ে বহু ধৰণৰ কথা প্ৰচলিত আছে।।তাৰে-দুটিমান কথাৰে-

প্ৰথম কথা-
যেতিয়া ৰজা ইন্দ্ৰদ্যুম্নই প্ৰভূ জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ মূৰ্তি নিৰ্মাণ কৰোৱালে,তেতিয়া ৰাণী গুণ্ডিচাই মূৰ্তি নিৰ্মাণ কৰা মূৰ্তিকাৰ বিশ্বকৰ্মা আৰু মূৰ্তিক দেখিলে,যাৰ বাবে মূৰ্তি সমূহ আধৰুৱা হৈ ৰ'ল।তেতিয়া আকাশবাণী হল যে-ভগৱানে এই ৰূপতে স্থাপিত হব বিচাৰিছে।ইয়াৰ পাছত ৰজা ইন্দ্ৰদ্যুম্নই এই আধৰুৱা মূৰ্তিক মন্দিৰত স্থাপিত কৰি দিলে।সেই সময়তো পুনৰ আকাশবাণী হল যে-ভগৱান জগন্নাথ বৰ্ষটোত এবাৰ নিজৰ জন্মভূমি মথুৰালৈ অৱশ্যে যাব।স্কন্দপুৰাণৰ উৎক্ল খণ্ডৰ অনুসাৰে ৰজা ইন্দ্ৰদ্যুম্নই আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া দিনা প্ৰভূৱে তেওঁৰ জন্মভূমিলৈ যোৱাৰ ব্যৱস্থা কৰিলে।তেতিয়াৰে পৰা এই পৰম্পৰা ৰথা যাত্ৰা ৰূপে চলি আহিছে।

দ্বিতীয় কথা অনুসৰি-
এক অন্য কথা অনুসৰি-দেৱী সুভদ্ৰাৰ দ্বাৰকা দৰ্শনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ ভগৱান শ্ৰী কৃষ্ণ আৰু বলোৰামে বেলেগে-বেলেগ ৰথত বহি যাত্ৰা কৰিছিল।সুভদ্ৰাৰ নগৰ যাত্ৰাৰ স্মৃতিতে এই ৰথ যাত্ৰা পুৰীত প্ৰতি বৰ্ষতে হয়।এই ৰথ যাত্ৰাৰ বিষয়ে-স্কন্দ পুৰাণ,নাৰদ পুৰাণ, পদ্ম পুৰাণ আৰু ব্ৰহ্ম পুৰাণত উল্লেখ কৰা হৈছে।।

তৃতীয় কথা অনুসৰি-
এবাৰ ৰাধা ৰাণী কুৰুক্ষেত্ৰত ভগৱান শ্ৰী কৃষ্ণক লগ কৰিবলৈ গৈছিল আৰু তাত ৰাধা ৰাণীয়ে ভগৱান শ্ৰী কৃৃষ্ণক বৃন্দাবনলৈ আহিবলৈ নিবেদন কৰিলে।ৰাধা ৰাণীৰ নিবেদনক স্বীকাৰ কৰি-এদিনাখন ভগৱান শ্ৰী কৃষ্ণ নিজৰ জেষ্ঠ ভাতৃ বলোৰাম আৰু ভগ্নী সুভদ্ৰাৰ লগত বৃন্দাৱনৰ দ্বাৰত উপস্থিত হৈছিল,আৰু তেতিয়া ৰাধা ৰাণী আৰু গোপীসকল আৰু বৃন্দাৱনৰ বাসীসকলে ইমান অধিক সুখ প্ৰাপ্ত কৰিলে যে-তেওঁলোকে ভগৱান শ্ৰী কৃষ্ণ,বলোভদ্ৰ আৰু সুভদ্ৰাক ৰথত বিৰাজমান কৰায় ৰথৰ ঘোঁৰাক আতৰাই,সেই ৰথক নিজৰে হাতেৰে টানি নগৰৰ ভ্ৰমণ কৰাইছিল।ইয়াৰ বাহিৰেও বৃন্দাৱনবাসীয়ে জগতৰ নাথ অৰ্থাৎ তেওঁক জগন্নাথ বুলি তেওঁলোকৰ জয়-জয়কাৰ কৰিলে।তেতিয়াৰপৰা এই পৰম্পৰা বৃন্দাৱনৰ বাহিৰেও জগন্নাথ পুৰীতো আৰম্ভ হল।

চতুৰ্থ কথা-
চাৰণ পৰম্পৰা অনুসৰি-ভগৱান দ্বাৰকাধীশৰ লগত বলোৰাম আৰু দেৱী সুভদ্ৰাৰ সমুদ্ৰৰ পাৰত অগ্নিদাহ কৰা হৈছিল।কোৱা হয় যে-সেই সময়ত সমুদ্ৰৰ পাৰত ধুমুহা আহিল আৰু তেওঁলোকৰ অদ্ধজ্বলা শৰীৰটো পুৰীৰ সমুদ্ৰৰ পাৰলৈ প্ৰবাহিত হৈ গুচি গল।আৰু তেতিয়া পুৰীৰ ৰজাই তিনিওৰে শ'ক বেলেগ-বেলেগ ৰথত বিৰাজিত কৰিলে আৰু সম্পূৰ্ণ নগৰতে নগৰৰ লোকসকলে ৰথক নিজে টানি ভ্ৰমণ কৰালে আৰু অন্ত:যি দাৰুৰ গছৰ ডাল শ'ৰ লগত উটি আহিছিল,তাৰে বাকচ বনাই,সেই শ তাতে ভৰাই লৈ,ভূমিত সমৰ্পন কৰি দিলে।এই ঘটনাৰ স্মৃতিত আজিও এই পৰম্পৰাক পালন কৰা হয়।চাৰণৰ পুস্তকত এই বিষয়ে উল্লেখ পোৱা যায়।

তিনিচুকীয়া(অসম)