Type Here to Get Search Results !

প্ৰকৃতিৰ যেতিয়া উঠে খং

 এছ ইছলাম



জন্ম-মৃত্যু যিজনৰ হাতত
জীৱনৰ আশা যাৰ কৃপাত
সিজনৰ প্ৰতি নাথাকিলে ভৰসা
নকৰিব নে সিজনে আমাক নিৰাশা?

নিজ হস্তে নিৰ্মিত সুন্দৰ সংসাৰ
বিনষ্ট কৰিলে নিজৰ ল'ৰাহঁত
উন্মুক্ত হৃদয়ত ব্যাথা লাগে বৰ
ভমকত চূৰ্ণ-বিচূৰ্ণ কৰিব সুন্দৰ জগত। 

পুত্ৰৰ সৎ কৰ্মত পিতাই গৰ্বিত
আনন্দত আত্মহাৰা পুত্র স্নেহত
নিজৰ সংসাৰখন কৰিব পৰিস্ফুট
লাগিলে সপ্ত-সমূদ্ৰৰ তলৰ মণিমুকুট। 

প্ৰকৃতিয়ে নিৰ্মিত বিচিত্র এই জগত
তৰাৰে ভৰা আকাশ আচ্ছাদিত
জিলিকি থাকে সিহঁতে আঁতৰৰ পৰা
এইখনেই আমাৰ স্বৰ্ণৰ বসুন্ধৰা। 

প্ৰকৃতিৰ যেতিয়া উঠে খং
নেদেখিব সৃষ্টি জগতৰ একো ৰং
চণ্ডালৰ দৰে হৈ তৰাৰে দলি মাৰিব
গছ-গছনি তুলাৰ দৰে উৰুৱাই দিব। 

জীৱজগত ধ্বংস স্তুপত পৰিণত হ'ব
ওখ পাহাৰ-পৰ্বত ভূ-লুণ্ঠিত কৰিব
নিমিষতে কৰিব এই জগত সংহাৰ
সংৰক্ষণৰ বিধান আছে জানো মানুহৰ?