Type Here to Get Search Results !

ন জীৱন

 ডেইজী চৌধুৰী


"তুমি নহ'লে এই চহৰ 

লাগে সমাধি"……


গীতটো সম্পূৰ্ণ হ'বলৈ নাপালেই ফোনটো ৰিচিভ কৰিলে উদ্দীপনে। অফিচৰ পৰা কেতিয়া আহিব সুধিলো। 

-আবেলিলৈ ঘৰ পাই যাম দিয়া।
-হু:
-কিবা নিব লাগিব নেকি?
-নাই নালাগে।
-ঠিক আছে দিয়া এতিয়া ৰাখো।
-ঠিক আছে।

এয়া আমাৰ নিত্য নৈমিতিক কাম। প্ৰতিদিনে আবেলিৰ সময়চোৱাত উদ্দীপনক এবাৰ ফোন লগাও। অফিচ চুটি হোৱাৰ সময়টো ভালদৰে জনাৰ পিছতো সদায় সোধো কেতিয়া আহিবা। তাৰো সদায় একেই উত্তৰ আবেলিলৈ ঘৰ পাই যাম। কিবা নিব লাগিব নেকি ? নালাগে বোলাৰ পিছতো কেতিয়াবা কিটকাট এটা, কেতিয়াবা চেণ্টাৰফ্ৰেচ ইত্যাদি বোৰ আনিবই সি। মোৰ বাহিৰে মোক ভালকৈ জনা মানুহ সি। তাৰ কথা ভবাৰ লগে লগে জীৱনৰ সমষ্ট সুখখিনি যেন আহি মোৰ মনত থূপ খায়। পৃথিৱীৰ কোনো বেয়া লগায় মোক চুব নোৱাৰাকৈ ৰাখিবলৈ সি প্ৰাণপণে যে চেষ্টা কৰে সেয়া মই ভালদৰেই জানো। প্ৰথম লগ পোৱাৰে পৰা সি এই চেষ্টা অব্যাহত ৰাখিছে। 

       আজিৰে পৰা প্ৰায় চাৰি বছৰ আগতে মই লগ পাইছিলো উদ্দীপনক। জীৱনৰ ধুমুহাই বিপৰ্যস্ত কৰা সময়চোৱাত সি আহি মোক লগ দিছিল। কোনো সময়ত প্ৰেমিক, কোনোবাখনত পিতৃ, কোনোবাখনত ককায়েকৰ দৰে বিভিন্ন ৰূপত হাজিৰ হ'বহি। আঠ বছৰ ধৰি মধুৰ ভাৱে চলি থকা সম্পৰ্ক এটা আকস্মিকভাৱে শেষ হৈ যোৱাত মই কি হৈ গৈছিলো নিজেই ভাবি নাপাঁও। মোৰ ভুল আছিল নে খঞ্জনৰ ভুল আছিল বহুদিনলৈ সেয়া ভাবি থাকোঁতেই গ'ল। মুখামুখিকৈ কথাবোৰ আলোচনা কৰিম বুলি ভবা কথাটোৱেও বাধা দিলে কৰণাকালত হোৱা লকডাউনে। ফোন কৰিলেও ভালদৰে কথা নাপাতে, মেচেজৰ ৰিপ্লে নকৰে। এতিয়াই বিয়া নাপাতিলে কৰ্টমেৰেইজ কৰিটো থ'ব পাৰি বুলি কোৱাৰ পিছতে মোক ভালেদিনলৈ ব্লকলিষ্টত ভৰালে। ইয়াৰ কিছুদিন পিছতে খঞ্জনে ফেচবুকত দিয়া ছোৱালী এজনীৰ ফটোৱে মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল। মনত থকা হেজাৰ প্ৰশ্ন, খং, দুখ অভিমান পাৰ ভাঙি ওলাই আহিব লৈছিল। ইমানদিনে তাৰমানে মই মৰিচিকা হে খেদি ফুৰিছিলো। ফোন কৰি কান্দি কাটি ব্যাকুল হৈছিলো কিন্তু মোৰ প্ৰিয় পুৰুষজন, সমাজৰ চকুত ভালল'ৰাজন যে এজন কাপুৰুষ হয় সেইদিনা গ'ম পালো।  সকলো শেষ বুলি ভবাৰ পিছতো কিন্তু সকলো শেষ নহয়। পুনৰ তাৰে পৰাই আৰম্ভণি হয়। মোৰ ক্ষেত্ৰতো একেই হৈছিল। মামাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহি থাকোঁতে বাছতে চিনাকি হৈছিল উদ্দীপনৰ সৈতে। এবাৰ প্ৰতাৰিত হোৱাৰ পিছত পুনৰ প্ৰতাৰিত হোৱাৰ ভয়ত মই উদ্দীপনৰ কথাৰ পৰা আঁতৰি আহিব বিচাৰিও পৰা নাছিলো। দুদিনমানৰ পিছত মোৰ সৰুকৈা চাকৰি এটা হৈছিল। ভগৱানৰ লীলা যে একেখন চহৰতে উদ্দীপনেও কৰ্মৰত। মোক ঘৰভাড়া চাই দিয়াৰ পৰা আদি কৰি বজাৰ সমাৰ কৰি দিয়ালৈ সকলো কাম উদ্দীপনেই কৰি দিছিল। তাৰ এনেবোৰ ব্যৱহাৰৰ দ্বাৰা যেন মই ও তাৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো। সপ্তাহৰ প্ৰতিটো দেওবাৰ যেন আমাৰ বাবেই আহিছিল। নতুন নতুন ঠাই, নতুন খাদ্য প্ৰস্তুত কৰি তাৰ সোৱাদ লোৱাটো আমাৰ হবি হৈ পৰিছিল। ইয়াৰ মাজতে দুয়োঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ উঠোৱা হ'ল। সকলোবোৰ ইমান সোনকালে হ'ল যে আজিও আচৰিত লাগে। কৰ্ট মেৰেইজ কৰাৰ দিনা সন্ধিয়া খঞ্জনক দেখিছিলো। আমি ওলাই আহোতে ফোন অহাত স্কুটিখন ৰখাই ফোনটো ৰিচিভ কৰি কথাপতাত ব্যস্ত হৈছিল উদ্দীপন। তাৰে পৰা কিছুদূৰ আগৰ দোকানখনত আছিল খঞ্জন। আমালৈয়ে চাই আছিল। কিবা এটা আনন্দে মোক বুকুত টুকুৰিয়াইছিল। যিটো দিনত উদ্দীপনে আইন আৰু দুখন ঘৰক সাক্ষী কৰি মোক নিজৰ কৰি লৈছিল সেইটো দিনতে সেইজনাক দেখিলো। মোৰ চিঞৰি চিঞৰি খঞ্জনক ক'বলৈ মন গৈছিল কিন্তু এৰি অহা অতীতক আৰু খুচৰিবলৈ মন নাছিল। সজাল ধৰিব ওলোৱা সম্বন্ধ এটানো কিয় অতীতৰ ধুমুহাৰ বাবে বেয়া কৰি পেলাও! 


"কি ভাবি আছা?"
হু-
এইবোৰ কথা ভাবি থাকোঁতে কেতিয়ানো উদ্দীপন আহি ঘৰ পালে গমেই নাপালো। উদ্দীপনে অহা কিটকাটৰ পেকেটটো লৈ ভিতৰ সোমালো। বাহিৰত তেতিয়া বেলিটি পশ্চিমত অস্ত গৈছিল পুনৰ এটি নতুন দিনত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে…………