অৰুণ দুৱৰা
মুখৰে কব নোৱাৰোঁ
চকুৰে সকলো কওঁ
বেয়া পাওঁ বুলি কব পাৰি সহজে
বিশ্বাস, প্ৰেমত সকলো ।
মৰমৰ দলিচাত শোৱা নাই কোনো দিন
খেৰৰ বিচনাত শোওঁ
পাৰিবিনে আগ বঢ়াব তোৰ দুভৰি
শব্দহীন ৰুণজুন ।
যদি কোৱা আতৰি যাবলৈ
হ'বনে শুদ্ধ ৰুদ্ধ কৰা হৃদয় ক্ৰন্দন
মৰমৰ কুঠাৰ বৰ অসহায়
নোৱাৰি ভেদিব তোৰ হৃদয়ৰ ৰুদ্ৰ কপাট ।
নিৰ্বাক অসহায় মোৰ দুচকু
আশাতে লাজ ভৰা চকুৰ টিপ
নেওঁচা দি কিয়
কেঁৰাকৈ চাই আতৰি যোৱা ?
বোকাৰ মাজত পদুম দলিচা
দেখা যদি নোপোৱা
অব্যক্ত প্ৰেমৰ চকুৰ ভাষা
দেখিও যদি নেদেখা
শিল বুকুত বান্ধি
তাতেই থেকেচি থেকেচি সুখত
মৰমবোৰ পখালিম।
আহে পচোৱা হৃদয় জুৰাবলৈ
তই কিয় হৃদয় ভাঙিলি
ভাল পোৱা কৰি আথানি।
আহে পচোৱা-----------
শিৱসাগৰ