তুলিকা বৈশ্য দাস
ব্ৰহ্মপুত্ৰ... মোৰ জনমভূমিৰ
হিয়াৰ মাজেৰে আছে বৈ
জীয়াৰী বাবেই হʼলোঁ
বোৱতী সোঁতত গৈ
ডিগাৰুপৰীয়া মই...
হিয়াৰ দাপোনত
নাচি উঠে...
কলং-কপিলী বুকুৰ আপোন হʼল ।
পাহাৰৰ মাটি-পানী সংমিশ্ৰিত হʼল
বৰষা-বাৰিষাৰ চেনেহৰ ধল
উঠলি উঠিছে বুকু
কপিলী গাভৰু হʼল
ৰʼ লাগি আছোঁ চাই
হেঁপাহৰ নৈ খনিলৈ
বা লগা বৃক্ষৰ সেউজীয়া হৈ ।
বাৰে বাৰে ঢৌ খেলি খেলি
আহে বান হৈ
বা লগাই লগাই
দেহ-মন জুৰাই
পৰাণ ভৰাই
যেন মোক চুই থৈ যায়
আশাৰ পদুম ফুলাই
ৰাখে জীয়াই...
কোনো কালে যেন
নাযায় হেৰাই...
ব্ৰহ্মপুত্ৰ ।
লুইতপৰীয়া জীয়ৰী মই..
.গুৱাহাটী, সোণাপুৰ