Type Here to Get Search Results !

জীৱন যুঁজত ভাগৰি নপৰা নাৰীঃ কিৰণ বেদী

 ৰঞ্জিত চুতীয়া


কুৰি শতিকাৰ ষাঠিৰ দশকৰ শেষৰফালে আৰু সত্তৰ দশকটোত ভাৰতত মহিলাসকলৰ এটা নতুন সক্ৰিয়তা পৰিলক্ষিত হৈছিল। যিটোক ভাৰতৰ মহিলা আন্দোলনৰ দ্বিতীয়টো ঢৌ বুলি ক'ব পাৰি। বিভিন্ন ধৰণৰ সৰু বৰ সংগ্ৰাম যেনে উত্তৰখণ্ডত সৰলা বেন আৰু মীৰা বেনৰ নেতৃত্বত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান, গুজৰাটত 'নৱনিৰ্মাণ' আন্দোলন, হায়দৰাবাদত প্ৰগতিশীল মহিলা সমাৱেশ, আহমেদাবাদত মহিলাৰ প্ৰথম ট্ৰেড ইউনিয়ন সংগঠন আদি সকলোবোৰে এক নতুন পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই আনিছিল। সেই সময়তে ইয়াত ইন্ধন যোগাইছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা উপাদানে, সেয়া আছিল ১৯৭৫-১৯৮৫ দশকটো মহিলা দশক হিচাপে ৰাষ্ট্ৰসংঘৰ ঘোষণা আৰু ভাৰত চৰকাৰৰ দ্বাৰা  Committee on the Status of the Women in India (CSWI) গঠন। এই সমিতিৰ উদ্দেশ্য আছিল বিভিন্ন গোষ্ঠী, অঞ্চল তথা সম্প্ৰদায়ৰ মহিলাৰ প্ৰণালীৱদ্ধ বিস্তৃত অধ্যয়নৰ বাবে এক অনুপ্ৰেৰণামূলক প্ৰচেষ্টা চলোৱা। চি এছ ডব্লিউ আই - ৰ ঐতিহাসিক প্ৰতিবেদন 'Towards Equality ' প্ৰকাশ হোৱাৰ পিছত কম সময়ৰ ভিতৰতে ই চৰকাৰৰ নীতি নিৰ্ধাৰণকাৰীসকলৰ বাবে পথ প্ৰদৰ্শক হৈ পৰিল।
                  আমাৰ দেশৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত হোৱা পৰিৱৰ্তনত অৰিহণা যোগোৱা বহুতো মহিলা আছে। তেওঁলোক কেৱল সবলেই নহয়, সবলীকৰণ প্ৰক্ৰিয়াটো অংশগ্ৰহণকাৰী। তেওঁলোকৰ অদমনীয় ইচ্ছাশক্তি, কলা, ৰাজনীতি বা সামাজিক ক্ষেত্ৰত তেওঁলোকৰ অৰিহণাৰে তেওঁলোকে কেৱল নিজৰে উপকাৰ সধা নাই বৰঞ্চ আনৰ জীৱনো অৰ্থপূৰ্ণ কৰিছে। গতানুগতিকতাতকৈ পৃথক, নিজস্ব উদ্ভাৱনী শক্তিৰে সমাজ কল্যাণৰ হকে সেৱা আগবঢ়োৱা 'ভাৰতীয় আৰক্ষী সেৱা'ত যোগদান কৰা দেশৰ প্ৰথমগৰাকী মহিলা কিৰণ বেদী এই  সকলৰ ভিতৰত অন্যতম।
                 কিৰণ বেদী জন্ম ১৯৪৯ চনৰ ৯ জুনত পাঞ্জাৱৰ অমৃতসৰৰ এক ধনী পাঞ্জাবী ব্যৱসায়িক পৰিয়ালত হৈছিল। পিতৃৰ নাম পেছাৱাৰিয়া আৰু মাতৃৰ নাম প্ৰেমলতা। তেওঁলোকৰ চাৰিগৰাকী কন্যা সন্তানৰ ভিতৰত কিৰণ বেদী দ্বিতীয়। কিৰণ বেদীয়ে সৰুৰে পৰা টেনিছ খেল ভাল পাইছিল আৰু এছিয়ান মহিলা লন টেনিছ চেম্পিয়নশ্বিপ জিকিছিল। উৎকৰ্ষ সাধনত সদায় অতিৰিক্ত পৰিশ্ৰম কৰি ক্ৰীড়া আৰু শিক্ষাৰ ক্ষেত্ৰত পুৰুষকো অতিক্ৰম কৰিছিল।
                  কিৰণ বেদীয়ে অমৃতসৰৰ চেক্ৰেড হাৰ্ট কনভেন্ট স্কুলত প্ৰাৰম্ভিক শিক্ষা আহৰণ কৰি অমৃতসৰৰ চৰকাৰী মহিলা মহাবিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে চাকৰি কৰি থাকোতেই ১৯৮৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন (LLB)ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত সামাজিক বিজ্ঞান বিভাগে তেওঁক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল 'ড্ৰাগৰ অপব্যৱহাৰ আৰু ঘৰুৱা হিংসা (Drug Abuse and Domestic Violence)।
                  ১৯৭২ চনত কিৰণ বেদীয়ে ভাৰতীয় আৰক্ষী বিষয়া হিচাপে যোগদান কৰি বহুতো উল্লেখযোগ্য পদবীত কাৰ্যনিৰ্বাহ কৰে। তাৰ ভিতৰত আছে দিল্লীত কাৰাগাৰসমূহৰ মহা পৰিদৰ্শক, দিল্লী পুলিচৰ যুটীয়া আয়ুক্ত, ডেপুটী ইন্সপেক্টৰ জেনেৰেল, মিজোৰাম ৰেঞ্জ আৰু দিল্লী পুলিচৰ প্ৰশিক্ষণ বিভাগৰ যুটীয়া সচিব। তেওঁৰ নিজস্ব উদ্ভাৱনী শক্তিৰে, কি কাৰাগাৰ, কি ৰাজপথ, কিম্বা প্ৰশিক্ষণ কেন্দ্ৰ সকলোতে জটিল সমস্যাৰ সমাধান উলিয়াব পাৰিছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় অৱদান হৈছে কাৰাগাৰ সংস্কাৰ আৰু ড্ৰাগছ নিবাৰণীৰ ক্ষেত্ৰত লোৱা কাৰ্যপন্থা। ১৯৮৭ চনত 'নৱজ্যোতি' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান স্থাপন কৰি মাদক দ্ৰব্যৰ প্ৰতি আসক্তি থকাসকলক তেওঁ বিনামূলীয়াকৈ আবাসিক চিকিৎসা প্ৰদান কৰে। ১৯৯৪ চনত তেওঁ প্ৰতিষ্ঠা কৰা 'ইণ্ডিয়া ভিজন ফাউনণ্ডেচনে' কয়দীসকলৰ ল'ৰা-ছোৱালীৰ বাবে শিক্ষা প্ৰদান কৰে। সেইদৰে গৃহহীনসকলৰ বাবে তেওঁ প্ৰতিষ্ঠা কৰে - গলি স্কুল, গ্ৰাম্য অৰ্থনীতি উন্নয়ন আৰু প্ৰতিবন্ধী তথা পিছপৰা শ্ৰেণীৰ বাবেও তেওঁ কিছুমান কৰ্মসূচী গ্ৰহণ কৰিছিল।
                'Good Temlers' নামৰ আন্তৰ্জাতিক সংন্থাটোৱে ড্ৰাগছ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে কিৰণ বেদীক এছিয়া- আঞ্চলিক সন্মান প্ৰদান কৰে। ১৯৯৪ চনত তেওঁ চৰকাৰী সেৱাৰ বাবে ৰামন মেগছেছে বঁটা লাভ কৰে। প্ৰথম বাৰৰ বাবে এগৰাকী আৰক্ষী বিষয়াক এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল। ভাৰতৰ বিচাৰ ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে ২০০১ চনত  'Western Society of Criminology' USAৰ পৰা তেওঁ লাভ কৰে 'মৰিছন-টম-জিটকফ' বঁটা। ১৯৯১-২০০০ চনৰ দিল্লী আই আই টিৰ এলুমনি এছ'চিয়েশ্যনৰ বঁটা তেওঁ লাভ কৰে ৰাষ্ট্ৰীয় উন্নতিৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৰিহণাৰ বাবে।
                 ২০০৭ চনৰ ২৫ ডিচেম্বৰত কিৰণ বেদীয়ে সামাজিক সমস্যাৰ প্ৰতি নিজকে সমৰ্পিত কৰিবলৈ চাকৰিৰ পৰা অৱসৰ লয়। ২০১১ চনৰ আগষ্ট মাহত তেওঁ সমাজকৰ্মী আন্না হাজাৰেৰ নেতৃত্বত ইণ্ডিয়া এগেইনষ্ট কৰ্পচন আন্দোলনত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ভাৰতীয় জনতা পাটিত যোগদান কৰি ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ায়। তেওঁক কৃষ্ণ নগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছিল। কিন্তু আম আদমী পাটিৰ (AAP) এছ কে বাগ্গাৰৰ হাতত তেওঁ পৰাজিত হয়।
                 নিজস্ব চিন্তাধাৰা, কঠোৰ পৰিশ্ৰমী, ৰাজনীতিবিদ, সমাজকৰ্মী, দক্ষ ভাৰতীয় আৰক্ষী বিষয়া কিৰণ বেদী প্ৰতিজন ভাৰতীয়ৰ অনুপ্ৰেৰণাৰ উৎস। যাৰ জীৱনৰ মূলমন্ত্ৰ হৈছে অপৰাধ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া আৰু কেতিয়াও হাৰ নমনা। কিৰণ বেদী কেৱল মহিলাৰ বাবেই নহয়, পুৰুষৰ বাবেও এক আদৰ্শ।


                      ৰজাধাপ, সোণাৰি
                      ডাকঃ- সোণা
                     জিলাঃ- চৰাইদেউ
                     পিনঃ-৭৮৫৬৯০
Email,-ranjitchutia640@gmail.com.