দ্ৰোণা চাৰ্য্য হাজৰিকা
শেৱালি ফুলাৰ বতৰত
শৰতৰ এদিনত তুমি আহিছিলা
মচিব নোৱাৰা কিছুমান ছবি আঁকি
আঁতৰি গ'লা
দুৰলৈ
বহুত দুৰলৈ
কিয় গলা
সমিধান নিদিলা
মোৰ টেবুলত তুমি দিয়া
চিঠি বোৰ
ফটো বোৰ
সযতনে
আটোমটোকাৰিকৈ সাঁচি থৈছো
তোমালৈ মনত পৰা পৰত মই
চিঠি বোৰৰ সতে কথা পাতো
কেতিয়াবা ওমলো
কেতিয়াবা হাঁহো
কেতিয়াবা ফটোত থকা তোমাৰ ছৱিটি
সাৱতি ধৰি
মিলনত মচগুল হওঁ
কিদৰে তোমাক শুৱাই ৰাখিছে হৃদয় খনে
পকা সোণসেৰীয়া ধানৰ দৰে
আদৰি সাদৰি
টকীয়া নোটৰ দৰে ভাজ কৰি
তুমি কি জানিবা
কথা আছিল
মোক পাবলৈ তুমি
পাহাৰ বগাবা
সমাজৰ সতে যুঁজিবা
জুইৰ সতে খেলিবা
তুমি মোক কৈছিলা
মৰি গলেও
তোমাক মোৰ পৰা কোনেও
আঁতৰাব নোৱাৰে
সকলো দুখ বেদনা নিৰবে সহি
তোমাৰ ছবি বুকুত সাৱতি কিদৰে
জীয়াই আছোঁ মই
সময় নাই তোমাৰ লবলৈ
সা-খবৰ
তুমি পাহৰি গ'লা
মই অভিমান কৰি
তোমাৰ ৰং চোৱা
তুমি অভিমান কৰি
মোৰ ৰং চোৱা
কলিজাৰ উমেৰে ভৰাই তোলা
তোমাৰ মোৰ
ৰঙীল সপোন বোৰৰ কথা
এতিয়া সময় কেৱল হতাশা
এতিয়া সময় কেৱল নিৰাশা
এতিয়া সময় কেৱল মোৰ
শিল পানীৰ লগত কথা পাতা
হৃদয় জুৰোৱা