Type Here to Get Search Results !

সম্পৰ্ক

 বিদ্যাজ্যোতি গগৈ


জীৱনৰ প্ৰতিটো ক্ষণতে
উশাহৰ দৰে লৈ থকা
আপোন জন হেৰুৱাব নোৱাৰি
আজীৱন এটা মধুৰ সম্পৰ্কৰ
যাৰ সৈতে জীয়াই থকা প্ৰতিশ্ৰতি দিয়া হয় 
তেওঁৰ সৈতে সুখে দুখে সংসাৰ পতা হয় 
আপোন জনক ভাল পোয়াৰ
বৰষুণ জাকত তিতিব দিয়া
ভাল লগা নলগা প্ৰতিটো ক্ষণ 
আপোন জনৰ বাবে অৰ্পণ কৰো 
যাৰ কাষত বিচাৰি পাওঁ
পাথেয় পৃথিৱী সমস্ত সুখ 
এই পৃথিৱীত হাজাৰ জনক পোৱা যায় 
কিন্তু তেওঁৰ দৰে অতি আপোন নহয় 
যাৰ সৈতে আছে গভীৰ সম্পৰ্ক ৷
নিষ্ঠুৰ নিয়তিৰ গ্ৰাসত
কেতিয়াবা মধুৰ সম্পৰ্ক শেষ হলে
কোমল অন্তৰ  ভাঙি খণ্ড বিখণ্ড হয় ৷ 
মানুহবোৰ খেলনাৰ দৰা কইনা নহয় 
কেতিয়াবা অলপ মৰম বিচাৰি 
ভাগৰি পৰে আপোনজনৰ ওচৰত 
বিশ্বাস নাথাকিলে কোনো সম্পৰ্ক নাথাকে ৷
মনত অবিশ্বাসে পোখা মেলিলে আপোজনৰ কাষলৈ আহিবলৈ ভয় কৰে ৷
সম্পৰ্ক বান্ধোন শিথিল হৈ আহে জীয়াই থাকিও 
মৃতঃ প্ৰায় অৱস্থা হয় 
এটি সম্পৰ্ক অবিহনে ৷