Type Here to Get Search Results !

সম্পাদকীয় সেউজ- সমলয়

সেউজ- সমলয়


প্ৰকৃতি তথা আমাৰ পৰিৱেশৰ প্ৰতি কাম কৰাৰ মানসেৰে আমি 'সমলয়' ই-আলোচনী পৰিয়ালৰ হৈ সমলয়ৰ দ্বিতীয়টো কৰ্মসূচী 'সেউজ-সমলয়' বিগত ৫ জুন-২০২৪ ত আৰম্ভ কৰিলো। তাৰ পাছৰ পৰা এতিয়ালৈকে এই কৰ্মসূচী অনুসৰী নাজিৰা দুটি সামাজিক অনুষ্ঠানত গছপুলি ৰোপন কৰা হয়। আগলৈ প্ৰকৃতিৰ ভাৰসাম্যতাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত কৰ্মসূচী অবিৰত ভাৱে কৰি যোৱাৰ পৰিকল্পনা আমি কৰিছো। আগন্তুক সময়ত উন্নত জাতৰ চাপৰতে লগা নাৰিকল পুলি নামঘৰৰ লগতে বিশেষ সামাজিক স্থানত ৰোপন কৰা সিদ্ধান্ত কৰা হৈছে। এই ধৰণেৰে আমাৰ কাম বাৰ মাহেই চলি থাকিব। প্ৰাকৃতিক সজাগতা বাবে আমি কৰা কাম প্ৰতি আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছো লগতে নিজা নিজা অঞ্চলত সকলোৱে এনেদৰে গছপুলি ৰোপন কৰিবলৈ অনুৰোধ জনালোঁ।

উক্ত কাম সমূহ আপোনাৰ অঞ্চলতো কৰিব বিচাৰিলে আমাৰ হতে যোগাযোগ কৰিব পাৰিব। আমি যিমান পাৰো সহযোগ কৰিবলৈ চেষ্টা কৰিম।
  শেষত সকলো পৰিয়ালৰ মংগল কামনা কৰিলোঁ।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়

৩/৮/২০২৪