Type Here to Get Search Results !

সেউজ ৰোদন

 বলিন বৰদলৈ


নিৰ্জন বাট এটাৰে গৈ গৈ ...
সেউজীয়া বিছাৰি লগ পালোঁ সেউজীয়া
সেউজীয়াই ঠিকনা দিলে অৰণ্য আৰু পাহাৰৰ

অৰণ্যত গৈ মুখামুখি হ'লোঁ 
জীৱ শ্ৰেষ্ঠৰ অত্যাচাৰত নি:শেষপ্ৰায় হোৱা
সেউজীয়া আৰু বনজসম্পদ -
পাহাৰত গৈ লগ পালোঁ উদং তথা টকলা বুকু
যি মই কাহানিও বিছৰা নাছিলোঁ

গছ থাকিলেহে থাকিব সেউজীয়া
সেউজীয়া থাকিলেহে থাকিব জীৱ
জীৱ থাকিলেহে পৃথিৱীখন হ'ব চিৰ সুন্দৰ
চিৰকালৰ বাবে ।