Type Here to Get Search Results !

সেউজ

 ড০ ৰুণুমী দত্ত ডেকা


 

এখন আকাশৰ তলত 
বায়ু ,পানী,মাটি এক 
হাঁহি - কান্দোন এক 
ভোক পিয়াহ একেই 
অথচ খিয়লা খিয়লি ইমান বেছি 
কিয় নো বাৰু ? 
অশান্তিত হত - আহতৰ সংখ্যা গণিছে 
অথচ শান্তিৰ সেতু নেবান্ধে ! 
কিন্তু হিংসাৰ সেতু.........? 
পাহাৰ ভৈয়াম 
আমাৰ পৃথিৱী নহয় জানো ? 
পাহাৰৰ তেজ 
ভৈয়ামৰ তেজ 
পাৰ্থক্য কি ? 
প্ৰথমে মানৱতাক সেউজীয়া কৰি 
পিছত পৃথিৱীখন সেউজ কৰক । 

কাৰণ সেউজীয়াই জীৱনৰ সাৰথি........