Type Here to Get Search Results !

হেৰাই যাবলৈ নিবিচৰা অতীতৰ সেই গৰম বন্ধ আৰু বৰ্তমানৰ গৰম বন্ধ

পৰাগ কলিতা 


 আমি প্ৰত্যেকেই পাৰ কৰি অহা তথা বৰ্তমান শিক্ষাৰ্থীসকলে উপভোগ কৰা এক মিঠা অনুভূতি আৰু শুনিলেই ভাল লগা এটি শব্দ গৰমৰ বন্ধ।জুলাই মাহৰ গৰমৰ বন্ধ বুলি কলে সকলোৰে মন উগুল থুগুল। পৰীক্ষা শেষ হোৱাৰ আগদিনাৰ পৰাই পৰিকল্পনা অশেষ। কি কৰিব কলৈ যাব।অৱশ্যে অতীত আৰু বৰ্তমানৰ গৰমৰ বন্ধৰ মাজত পাৰ্থক্য নথকা নহয়।বৰ্তমান সময়ত ব্যস্ততা আৰু যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱী খনত গৰমৰ বন্ধৰ দিনবোৰো যেন এতিয়া কৰ্মব্যস্ততাৰ মাজেৰেই পাৰ হয়।

            আমি প্ৰত্যেকেই পাৰ কৰি অহা গৰমৰ দিনবোৰ আজিও‌ যেন মনৰ মাজত সজীৱ হৈ আছে।গৰমৰ বন্ধ দিনৰ এটা ভাল লগা সময় আছিল মামাৰ ঘৰলৈ যোৱা।বিদ্যালয়ত দিয়া গৰমৰ বন্ধৰ বাবে গৃহ কৰ্মসমূহ সোনকালে শেষ কৰি মনটো যেন মামাৰ ঘৰলৈ উৰি যাব বিচাৰে।আইতাৰ সৈতে একেলগে শুই ৰজা-ৰাণীৰ সাধু শুনা এইবোৰ আছিল গৰম বন্ধৰ এক আমেজ।সুকীয়া মাদকতাৰে ভৰা আছিল গৰমৰ বন্ধৰ দিনবোৰ।গাঁৱে-ভূঞে নদীৰ পাৰত বহি বৰশী বোৱা,সমনীয়াৰ সৈতে গা ধোৱা, বগৰী ,আম , কঁঠাল লিচু,পাৰিবলৈ যোৱা আদি সকলো গৰমৰ বন্ধৰ একোটা নষ্টালজীয়া মূহুৰ্ত।অ ফলাখন লিখা,ক ফলাখন লিখা,এক দুই সৰু নেওতাখন লিখা, ছবি অঁকা, অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকতসমূহৰ উত্তৰ লিখা আদি এনেকৈ ভিন্ন বিষয়ৰ ওপৰত গৃহ কৰ্ম কৰি গৰমৰ বন্ধ খোলাৰ দিনা বিদ্যালয় ছাৰ-বাইদেউৰ হাতত জমা দিব লাগিছিল। পথাৰৰ বোকা-পানী গছকা, নদীত সাতুঁৰা,নাঙলৰ শিৰলুত ওলোৱা সৰু বৰ মাছ ধৰা,গৰু গাড়ীত উঠা আদি মূহুৰ্তবোৰ বৰ মধুৰ আছিল।ঘৰতগৰমৰ বন্ধত কৰিবলৈ দিয়া কামবোৰ অনিচ্ছাকৃতভাবে হ’লেও শিক্ষকৰ মাৰৰ পৰা হাত সাৰিবলৈ কৰিবলৈ বাধ্য হৈছিলোঁ।বহু স্মৃতি ভৰা গৰমৰ বন্ধ দিনবোৰে বাৰে বাৰে ৰিঙিয়াই।গৰমৰ বন্ধত গৃহ কৰ্মসমূহ কৰিবলৈ গছৰ পাত অথবা কলপাত আৰু ফুলৰ ৰস, এঙাৰ আদিৰে চিয়াঁহী তৈয়াৰ কৰি ল'ব লাগিছিল।গৰমৰ‌ বন্ধত কলগছৰ ভুঁৰ সাজি পানীত চলোৱাটো আমাৰ দিনটোৰ প্ৰধান কাম।গৰম বন্ধ বুলি ক'লেই যেন মনত আনন্দৰে ভৰি পৰিছিল।

          গৰমৰ বন্ধ মানেই যেন শৈশৱ। সেয়েহে আকৌ হাবিয়াস জাগিছেদিনবোৰলৈ উভতি যাবলৈ।আকৌ এবাৰ মোৰ মনে বিচাৰিছে শৈশৱ স্মৃতিৰ বৰষুণজাকত তিতিবলৈ।সমনীয়াৰ সৈতে গছত উঠা,লুকা-ভাকু খেলা,কাগজৰ নাও,ঢকুৱাৰ গাড়ী সজাই খেলা, চাইকেলৰ টায়াৰেৰে গাড়ী চলোৱা আদি সময়বোৰে আজিও মনত দোলা দি থাকে।আজি যেন সেই সময়বোৰ সময়ৰ সোঁতত ধূসৰ হৈ পৰিল। তথাপিও হেৰাই যাবলৈ নিবিচৰা অতীতৰ সেই গৰম বন্ধৰ দিনকেইটা সাঁচি ৰাখিছোঁ মনৰ ডায়েৰীত।শৈশৱ কালৰ গৰম বন্ধৰ মধুৰ স্মৃতিবোৰ বৰকৈ মনত পৰে।

        বৰ্তমান সময়ত গৰমৰ বন্ধ বুলি ক'লে আৰম্ভ হৈ যায় গ্ৰীষ্মকালীন কৰ্মশালা।এই কৰ্মশালা বিভিন্ন ঠাইত বিভিন্ন বিষয়ৰ ওপৰত কিছুদিন ধাৰ্য্য কৰি অনুষ্ঠিত কৰা হয়। গ্ৰীষ্মকালীন বন্ধৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ধৰণৰ কৰ্মশালাসমূহ অনুষ্ঠিত হয়।কোনো কোনো ঠাইত বিহু নৃত্য,বিহু নাম অনুষ্ঠিত কৰে। বহু ঠাইত আৰ্ট এণ্ড ক্ৰাফট কৰ্মশালা,মুখাশিল্প কৰ্মশালা আদি অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও গ্ৰীষ্মকালীন কৰ্মশালাৰ জৰিয়তে অভিনয়, ব্যায়াম,সংগীত,নাটক, আবৃত্তি,দিহা নাম আদি শিকোৱা হয়।খেতি লাভজনক কৰি তোলাৰ কৌশল আদিৰ বিষয়ে কৰ্মশালাত শিকোৱা হয়।শাৰীৰিক-মানসিক বিকাশ আৰু শৈক্ষিক-সামাজিক চেতনাৰ বীজ অংকুৰিত হোৱাৰ সহায়ক হোৱাকৈ এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়। এনেধৰণৰ কৰ্মশালা বিভিন্ন সংস্থা,বিভাগ,প্ৰতিষ্ঠান আদিৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। গতিকে, এনেকুৱা কৰ্মশালাই শিশু তথা নৱ প্ৰজন্মসকলক উপকৃত কৰিছে।

         গতিকে,গৰম বন্ধৰ নামত এতিয়াও গৰম বন্ধ হয় ঠিকেই,কিন্তু আগৰ সেই অনুভৱবোৰ এতিয়া যেন কʼৰবাত হেৰাই গ’ল।এতিয়াৰ গৰম বন্ধ মানে অত্যাধিক গৃহকৰ্ম,কৰ্মশালা,চামাৰ কেম্প, মোবাইল, ভিডিঅ' গেমছ আদি।এইয়া সকলো আধুনিকতাৰ প্ৰভাৱ,সময়ৰ পৰিৱৰ্তন। অৱশ্যে গ্ৰীষ্মকালীন কৰ্মশালাই শিশু তথা নৱ প্ৰজন্মৰ বাবে এক আশাৰ ৰেঙনি আনিছে বুলি ক'ব পাৰি।