Type Here to Get Search Results !

গেৰুকামুখৰ দুখন ছবি

 ৰীতে ৰিদম


দুচকুত ভাঁহি আহে
গেৰুকামুখৰ দুখন ছবি
এটা পোহৰ
আৰু আনতো এন্ধাৰ

 এক

গেৰুকামুখেদি জোনাক নামিব
নামিছে
নামিল
উজ্জ্বলি উঠিব
উঠিছে
উঠিল
পাহাৰৰ সেউজীয়াবোৰ অধিক উজ্জ্বল হ’ব
গাৱৰ অলি-গলিবোৰ উজ্জ্বলি উঠিব।

 দুই

গেৰুকামুখ খহি পৰিব
পৰিছে
পৰিল
নামনি অঞ্চল বুৰিব
বুৰিছে
বুৰিল
জীৱ-কুল বাচি নাথাকিব
নাথাকিল
চকুৰ পচাৰত তচনচ হ’ব
হ’ল
নামনি অঞ্চল
পুন: নিৰ্মাণৰ কাম কুৰি বছৰ লাগিল।

(বিঃদ্ৰঃ- এখন তয়াময়া ৰণ
এন্ধাৰ আৰু পোহৰৰ
পোহৰে জিকিবলৈ গৈ আছে
জিকিব
জিকিল
এদিন কিন্তু এন্ধাৰেও জিকিব।)