Type Here to Get Search Results !

গেলেকীৰ অতীত খুছৰি

 দ্বীপজ্যোতি বৰগোহাঞি


গেলেকী হ’ল শিৱসাগৰ জিলাৰ  দক্ষিণ পুৱ দিশৰ অসম আৰু নগা ৰাজ্যৰ সীমান্তবৰ্তী এটা অঞ্চল ৷সীমামুৰীয়া ঠাই গেলেকীৰ অলপ আঁতৰতে নগা পাহাৰ যি নগা পাহাৰৰ নামচাই টাবলুং এনাকী চাটাপ আদি নগা বস্তীতে আহোম ৰাজত্বৰ সময়ৰ ৰাজ্যৰ আকাশ ১৬৭০ চনৰ পৰা ১৬৮১ চনলৈ গাঠি হাজৰিকা ,ডেবেৰা বৰ বৰুৱা লালুসোলা আদি ডাঙৰীয়া কেইজনতকৈ তলৰ বিষয়া সকলৰ কবলত ৰাজতন্ত্ৰত আতংকময় শাসন চলিছিল।  ষড়যন্ত্ৰ আৰু স্বাৰ্থপৰতাই আগুৰি আছিল লালুসোলাই নিজৰ জোৱাই চুলিকফা ল’ৰাৰজাৰ ৰাজসিংহাসন নিষ্কন্টক কৰিবৰ বাবে ৰজা হব পৰা ফৈদ বোৰৰ উপযুক্ত ৰাজকোঁৱৰ সকলৰ অঙ্গক্ষত  কাৰ্যসূচী যাৰ বাবেই তুঙ্গখুঙীয়া ফৈদৰ গোৱৰ ৰজাৰ বাহুবলী কোঁৱৰ তথা মাদুৰিয়াল ফৈদৰ জয়মতীৰ মৰমৰ বঙহৰদেউ গদাপাণি নগা পাহাৰৰ বিভিন্ন বস্তি সমূহত নগা সকলৰ আশ্ৰয়ত আত্মগোপন কৰিব লগা হৈছিল ৷সেই গেলেকী য'ত মৌখিক বুৰঞ্জীৰ পম খেদি আজিও শুনা যায় এক জনশ্ৰুতি ল’ৰা ৰজাৰ চাওডাঙে গেলেকী অঞ্চলত গদাপাণি আত্মগোপন কৰি থকাৰ বাতৰি পায় গদাপাণিক বিচাৰি সেই অঞ্চল চলাথ কৰিলে । চাওডাংৰ গছকত অঞ্চলটোৰ মাটি গেলগেলীয়া হোৱাৰ বাবেই পৰবৰ্তী সময়ত সেই অঞ্চলৰ নাম গেলেকী নামেৰে জনাজাত হ’ল ৷যদিও এই ক্ষেত্ৰত বুৰঞ্জী নিমাত ৷যদিও অসম বুৰঞ্জীত মৌখিক বুৰঞ্জী লোক সাহিত্য জনশ্ৰুতি কিম্বদন্তিৰ গুৰুত্ব নুই কৰিব নোৱাৰি ৷গই গেলেকীতে পৰবৰ্তী সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত আদাবৰীয়া সন্দিকৈ ফৈদৰ শিৱনাথ বা হেকেৰা বৰবৰুৱা বিষয় বাব লৈ ভোগ কৰিছিল ৷মান সেনাক নিমন্ত্ৰণ কৰি বদন বৰফুকনে অসমীয়া প্ৰজাৰ ওপৰত জঘন্য অত্যাচাৰ চলোৱাৰ কথা সৰ্বজন বিদিত ৷মানৰ আক্ৰমণৰ কথা মনত পৰিলে অসমীয়া প্ৰজাৰ আজিও বুকু কঁপি উঠে ৷এই বদনৰে পুত্ৰ পিয়লি আৰু জন্মী ৷পিয়লি চাকোলা হৈয়ো পিতৃৰ কলংকৰ দাগ বুকুৰ শোণিতেৰ ধুঁৱ বিচাৰিছিল যাৰ বাবে ১৮৩০ চনৰ ইংৰাজৰ বিৰুদ্ধে হোবা বিদ্ৰোহত পিয়লি ফুকনে গুৰি ধৰিছিল ৷এই বিদ্ৰোহ গেলেকীৰ দ’লৰ পৰাই পৰিচালনা হৈছিল যি দল বদন বৰফুকনৰ উপৰি পুৰুষে নিৰ্মাণ কৰোৱাইছিল ৷ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ এই গেলেকীৰ পৰাই ৷পাচে পিয়লিৰ নেতৃত্বত ৰংপুৰৰ খাৰ ঘৰত জুই দিয়াৰ পাছত জালিম সিং , জয়ানন্দ সিং , বাগদত্ত চুবেদাৰ পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা ৷আদি বিদ্ৰোহী সকলক বন্দী কৰিছিল আৰু পিয়লি ফুকন আৰু জাউৰাম দুলীয়া বৰুৱাক বৃটিছ চৰকাৰে ফাঁচী দিছিল ৷
গেলেকীৰ ইতিহাসে প্ৰধানকৈ ৰঙাচিলা দুৱাৰা ঘৰৰ কথাকেই সোঁৱৰাই থাকে ৷দুৱৰা খেলৰ লফা বৰীয়া ফৈদৰ ৰঙা চিলা ঘৰৰ হৰনাথ  সেনাপতিৰ পুতেক বদন বৰফুকন ৷ছু--মফা ভগা ৰজাৰ দিনত স্বৰ্গদেউৰ লগত পহু চিকাৰ কৰিবলৈ গৈ পহু ধৰিব নোৱাৰাৰ সময়ত লফাবৰীয়া ঘৰৰ ৰঙা চিলা কুকুৰ এটাই পহু খেদি ধৰাৰ বাবেই কুকুৰৰ গিৰিহতৰ ঘৰক ৰঙাচিলা ঘৰ বুলি কোৱা হৈছিল ৷এই ৰঙাচিলাৰে পুতেক মেছা আৰশ কিৰকিৰিয়া ৷দুয়ো ছুদৈফা পৰ্বতীয়া ৰজাৰ দিনত বৰবৰুৱাৰ বিষয় বাব পাইছিল ৷মেছা বৰবৰুৱাৰ পুতেক নন্দলাল আৰু তেওঁৰ পুতেক হৰনাথ আৰু শ্ৰীনাথ দুৱৰি বৰ বৰুৱা । এইজন হৰনাথ বৰফুকনৰ পুতেক ঘিনাই ওৰফে বদন বৰফুকন ৷বৰ্তমান গেলেকী খাৰুৱা তেলৰ কাৰণে বিখ্যাত ৷যদিও গেলেকীত আহোদ ৰাজত্ব কালৰ বহুটো ঐতিহাসিক সমল তথ্যৰ ভৰপুৰ ঠাই যি গভীৰ আৰু বিস্তৃত ভাৱে গৱেষণা কৰিলে বহু তথ্য আৰু সমলৰ সন্ধান উদ্ধাৰ কৰাৰ স্থল আছে৷ (গেলেকী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ সোণাৰাম বৰুৱালৈ কৃতজ্ঞতা )