জোনালী গগৈ
পদপথৰ উৰুখা পজাৰ
সেমেকা শেতেলিত
পৰি আছে মোৰ আইৰ
ভাগৰুৱা দেহা,
পিতাইহঁতৰ গাড়ীৰ চকাই
ছটিয়াই যোৱা
পানীৰ ছিটিকনিত
হেৰাই দুচকুৰ তন্দ্ৰা।
জোনাক বাগৰা সপোনবোৰ
জ্বলি-পুৰি ছাই হোৱা সময়ত
আইৰ দেহত তপ্ত তেজ প্ৰৱাহিত
ধমনী মহাধমনীত।
সপোন হেৰুৱা
দুচকুৰ অগ্নিশিখাত
উত্তপ্ত হয় পৃথিৱী,
ক্ষোভ আৰু ক্ষুধাত
প্ৰজ্বলিত হয় জাগ্ৰত জ্বালামুখী।
তেতিয়া ------
বুকুত সাৱতি
আইয়ে মাথোঁ কয়
তই - জাৰজ নহয়
সেয়া মাথোঁ আছিল
জীৱনৰ অভিশপ্ত সময়।