Type Here to Get Search Results !

বোকাবোৰ হেনো ফুলিছে

 গীতাঞ্জলি দেৱী




উজান বতাহে সিদিনা পথাৰখনৰ খবৰ দিছিল 

"বোকাবোৰ হেনো ফুলিছে"

খবৰটো শুনিয়ে জানিছিলোঁ
মেঘে এতিয়া মালিতা শুনোৱাৰ সময় ,

ন-চিকুন  বোৱাৰীজনীৰ গাত তত্ হেৰালে ,

এনেয়ে হোৱা হ'লে লাজ লাগিলহেঁতেন

আঁঠুৰ ওপৰলৈকে মেখেলাখন উজাই
দুহাতৰ কেতেকীপহীয়া আঙুলি মেলি তাই এতিয়া নাচিছে।