Type Here to Get Search Results !

বঁটা-বাহন: এটি মহৎ সন্মান

 নাছিৰ আহমেদ


বঁটা-বাহন হৈছে এজন ব্যক্তি বা এটি প্ৰতিষ্ঠানৰ উৎকৃষ্ট যোগ্যতা মাপক মহৎ সন্মান। বৰ্তমান যুগ হৈছে প্ৰতিযোগিতাৰ যুগ। যিমানেই দিন গৈ আছে, সিমানেই সমাজৰ সকলো স্তৰতে প্ৰতিযোগিতা তীব্ৰতৰ ৰূপ ধাৰণ কৰি আছে। তাৰে ভিতৰত যিজন ব্যক্তিয়ে বা যিটো প্ৰতিষ্ঠানে সমাজ তথা দেশক আটাইতকৈ উন্নত মানৰ সৃষ্টি বা উপহাৰ দান কৰে,সেইজন ব্যক্তিক বা প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান কৰি বঁটা-বাহনেৰে সন্মান কৰা হয়। এই মহৎ সন্মান-স্বৰূপ বঁটা-বাহনেৰে সন্মানিত হোৱাৰ ফলত এজন ব্যক্তি বা এটি প্ৰতিষ্ঠানে যথেষ্ট আত্ম-গৌৰৱ‌ লাভ কৰাৰ উপৰিও নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ প্ৰেৰণা লাভ কৰে ; বঁটা-বাহন লাভ কৰাৰ পিছত তেওঁৰ দায়িত্ব বাঢ়ি যায়।

সেই কাৰণে,এজন ব্যক্তি বা এটি প্ৰতিষ্ঠানে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ অহোপুৰুষাৰ্থ কৰে।
 তাৰ কাৰণে, এজন ব্যক্তি বা এটি প্ৰতিষ্ঠানৰ সদস্য সকলে নিয়মিতভাৱে নিজৰ প্ৰতিভা,কৰ্ম দক্ষতা, বুদ্ধিমত্তা আৰু অৰ্থ ব্যায় কৰি শাৰীৰিক আৰু মানসিক শক্তি প্ৰয়োগ কৰি কঠোৰ পৰিশ্ৰম কৰে ; লক্ষ্য স্থানত উপনীত হ'বলৈ কৃচ্ছ্ব সাধনাত ব্ৰতী হয়। 
 
উপযুক্ত ব্যক্তি বা প্ৰতিষ্ঠানক বঁটা-বাহনেৰে স্বীকৃতি প্ৰদান কৰাৰ মহান উদ্দেশ্যক সাৰোগত কৰি ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰে বা বেচৰকাৰী সংস্থাসমূহে প্ৰতি বছৰে এই যোগ্য ব্যক্তিক বা প্ৰতিষ্ঠানক বঁটা-বাহনেৰে সন্মানিত কৰা হৈছে। এই বঁটা-বাহনসমূহ হ'ল ক্ৰমে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন, পদ্মশ্ৰী বঁটা, পদ্মবিভূষণ বঁটা, পদ্মভূষণ বঁটা, অশোক চক্ৰ, আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ ভাৱনা বঁটা, ক্ৰীড়া ক্ষেত্ৰত অৰ্জুন বঁটা, সাহিত্যৰ ক্ষেত্ৰত একাডেমী বঁটা, জ্ঞানপীঠ বঁটা  নাটক আৰু সংগীতৰ ক্ষেত্ৰত নাটক সংগীত একাডেমী বঁটা, বোলছবিৰ ক্ষেত্ৰত " দাদাচাহেব ফাল্কে বঁটা" চলচ্চিত্ৰ বঁটা, Film fair prize, অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ সন্মান, দ্বিতীয় অসামৰিক সন্মান অসম সৌৰৱ আৰু তৃতীয় অসামৰিক সন্মান অসম গৌৰৱ, সাহস প্ৰদৰ্শন কৰাৰ বিভিন্ন সাহসী বঁটা আৰু ৫ চেপ্তেম্বৰত শিক্ষকসকলক প্ৰদান কৰা, ৰাজ্যিক বঁটা আৰু ৰাষ্ট্ৰীয় বঁটা।  আন্তৰ্জাতিক ভাবে খ্যাতি-সম্পন্ন বঁটাসমূহ হ'ল ন'বেল বঁটা, অস্কাৰ বঁটা, বুকাৰ বঁটা, পুলিৎজাৰ বঁটা, মেগছেছে বঁটা, ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা,নিশান-ই- পাকিস্তান বঁটা, গ্ৰেণ্ড এছিয়ান বঁটা, ইউনেস্কো পুৰস্কাৰ, কলিংগ বঁটা,মানৱ অধিকাৰ বঁটা, গ্লোবেল ৫০০ বঁটা ইত্যাদি।
প্ৰত্যেক বছৰে কোটি কোটি টকা খৰচ কৰি সমাজ, ৰাজ্য,ৰাষ্ট্ৰ আৰু বিশ্বৰ সকলো স্তৰতে যেনে, কলা, কৃষ্টি, সংস্কৃতি, সাহিত্য, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি , দৰ্শন, ধৰ্ম, বিজ্ঞান, বিভিন্ন ক্ৰীড়া আদিত  উৎকৃষ্ট অৱদান আগবঢ়োৱা এজন ব্যক্তি বা এটি প্ৰতিষ্ঠানক উৎকৃষ্ট যোগ্যতা মাপক মহৎ সন্মান বঁটা-বাহনেৰে সন্মান প্ৰদান কৰা হয়।
এয়া নিঃসন্দেহে অতি সুন্দৰ পদক্ষেপ। কিন্তু, বৰ্তমান কেইবাবছৰ ধৰি বঁটা-বাহন প্ৰদান কৰাৰ ক্ষেত্ৰত নানা কেলেঙ্কাৰী ক্ৰমান্বয়ে উন্মোচিত হ'বলৈ ধৰিছে। সকলো স্তৰতে উপযুক্ত ব্যক্তি বা প্ৰতিষ্ঠানে বঁটা-বাহন লাভ কৰাৰ পৰা বঞ্চিত হোৱা বুলি সঘনাই অভিযোগ উত্থাপিত হৈছে। বঁটা-বাহন প্ৰদান কৰাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা অনিয়মসমূহ প্ৰায় সকলোৰে দৃষ্টি গোচৰ হৈছে।
১/ উপযুক্ত গুণ-সম্পন্ন বিচাৰকৰ দ্বাৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ উৎকৃষ্টতা নিৰূপণ কৰা নহয়।
২/ পৰিচালনা কৰা চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহ বা বিচাৰক সকলে এটি শকত ধনৰ বিনিময়ত বঁটাসমূহ প্ৰদান কৈ।
৩/ বঁটা-বাহন প্ৰদান কৰোঁতে ৰাজ্যিক, কেন্দ্ৰীয় বা  জাতীয় বা আন্তৰ্জাতিক বেচৰকাৰী সংস্থাসমূহে বিভিন্ন লবীৰ দ্বাৰা প্ৰভাৱান্বিত হয়।
৪/ স্বজনপ্ৰীতি, ব্যক্তিগত লাভালাভ, ধৰ্মীয় বা জনগোষ্ঠীয় সংকীৰ্ণ গণ্ডিৰ মাজত সোমাই থাকি এজন ব্যক্তি বা প্ৰতিষ্ঠানক বঁটা-বাহনেৰে সন্মানিত কৰা হয়।
৫/ এখন শক্তিশালী দেশৰ ৰাজনৈতিক সম্প্ৰসাৰণবাদৰ ওপৰত ভিত্তি কৰিয়েও আন্তৰ্জাতিক বঁটাসমূহ প্ৰদান কৰা হয়। 
৬/ কিছুমান অনুষ্ঠানে বঁটা-বাহন প্ৰদান কৰা কাৰ্যক পণ্য সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিণত হৈছে। ( বিশেষকৈ সামাজিক মাধ্যমৰ সাহিত্য গোটসমূহে এই ক্ষেত্ৰত আগৰণুৱা বুলি কব পাৰি।
মুঠতে বঁটা-বাহন প্ৰদান কৰাৰ ক্ষেত্ৰত মাৰাত্মক ব্যাধি বা কেৰোণ সোমাই পৰিছে। বঁটা প্ৰদান কৰাৰ আগৰ সেই গৰিমা নাই। এতিয়া একেষাৰে কব পাৰি  "কাকনো বুলিব  ককা
সৱৰে দাড়ি চুলি পকা।"  হাত পুৰি জোৰ পালেহি।
গতিকে সময় বিলম্ব নকৰি 
সমাজৰ সকলো স্তৰৰ প্ৰগতিশীল মানৱতাবাদী চিন্তাধাৰাৰ ব্যক্তি বা প্ৰতিষ্ঠানে আগবাঢ়ি আহি বঁটা-বাহন প্ৰদান কৰাৰ নামত চলি থকা দোষ-ত্ৰুটিসমূহ নিৰপেক্ষ দৃষ্টিভংগীৰে নাইকীয়া কৰি এই কলঙ্কিত অধ্যায়ক সামৰণি পেলাব বুলি আশাৰে অপেক্ষা কৰিলোঁ।