Type Here to Get Search Results !

বৰপেটীয়া ডেকা মই

 এছ ইছলাম,


বৰপেটীয়া ডেকা মই                                      
বোকা-পানী খচি গাৰ ঘাম মচি
লুতুৰি-পুতুৰি হৈ যাওঁ পঢাশালিলৈ
নকৰোঁ লাজ-ভয় কৃষকৰ ল'ৰা মই। 

খেতি কৰোঁ ধান মাহ সৰিয়হ মাকৈ
ভাল লাগে খেতিয়কৰ ল'ৰা মই
ঘৰৰে খাওঁ পুৱা-গধূলি
     ঘৰৰে ভাত ঘৰৰে পাচলি,
     ঘৰৰে হাঁহ-কুকুৰা ঘৰৰে মাছ
     বেচিবলৈ লাগে লাজ ।

ঘৰৰ বাৰীতে দেউতাই লগাই থৈছে
নেমু, তেতেলি আৰু জলফাই
মজা কৰি খাওঁ তাকে লৈ                    
নালাগে মোক দামী হোটেলৰ 
    ফ্ৰুইট জাতীয় পনীয়
    বাৰীৰ পিছফালৰ আম জাম
    আৰু ঘৰৰ পুখুৰীৰ মাছে হ'ব
    আমাৰ প্ৰধান খাদ্য সৰঞ্জাম। 

নালাগে মোক চাহ-কফি
ঘৰৰ গাইজনীৰ গাখীৰ
ভীম কল আছে বাৰীৰ
     লগতে পিঠা গুড়ি জহা চাউলৰ
     গৌৰৱ কৰোঁ খেতিয়কৰ ল'ৰা হৈ
     বৰপেটীয়া ডেকা মই।