বিনীতা শইকীয়া
তোমাক ভাল পাওঁ বাবে এতিয়া মোৰ চোতালত
এন্ধাৰ আঁতৰি জোনাক নামিছে।
তুমি অভিমানী নহ'বা বৃষ্টি ••,
নহ'লে মোৰ পিয়াঁহ নুগুছে।
খৰাং উদং বুকুখন খৰাং হৈয়ে থাকে ।
তুমি আহিবা বুলিয়ে ৰৈ আছোঁ
আন দিনাৰ দৰে আজিও।
তুমি আহিলে ৰ'দে পোৰা কলিজাখন
সজিৱ হৈ উঠে।
যৌৱনে পোখা মেলে ।
এপাহি দুপাহিকে সেউজীয়াবোৰ
অংকুৰিত হয় মৰুৰ বুকুত।
মই মূৰটো গুজি দিওঁ নিঃসন্দেহে
তোমাৰ বুকুত।
তুমি হাতখন বুলাই দিয়া ,
মোৰ টোপনি ভাগে ।
আকাশত মেঘৰ মাদল বাজিলে
তুমি নামি আঁহা ধৰাৰ বুকুলৈ।
মই তিতি ভাল পাওঁ,
দুহাত মেলি আঁকোৱালি লওঁ ।
তুমি আহিলে নৈ বিল খাল ডোং
সকলো ভৰে।
বিষাদৰ অশ্ৰুকনাবোৰ ধুই নি
দুখৰ চকুলো মচি দিয়া।
এখনি সুখৰ নৈ বৈ যায় অসীমলৈ।
নাঙলৰ সীৰলুত ধৰি কৃষকৰ মন ভৰে
আশা এটা বুকুত বান্ধি লৈ ।
এমুঠি শস্য গোটোৱাৰ সপোন দেখি ভাল পায়।
শুকান মাটিৰ উদং বকুত সেউজীয়া দলিচা
পাৰি দিয়া তুমি।
কি যে অপৰূপ চালে চকু ৰৈ যোৱা••
এক মনোৰম সুষমা।
বাৰিষাৰ বৰষুণত তিতি তুমি সুখী হোৱা ।।
এনেকৈয়ে মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ এখনি প্ৰেমৰ নৈ বৈ যায়
ধাৰাষাৰে অবিৰাম গতিৰে,!!