গীতাঞ্জলি দেৱী
বিকিৰ মৃত্যুৰ খবৰ পাই মই বহুত বেছি মৰ্মাহত হৈ পৰিলোঁ । দুখত পগলাৰ দৰে হৈ পৰিছিলোঁ মই । নিজকে নিজে হাজাৰটা প্ৰশ্ন কৰিছিলোঁ । মই কিয় তাইক একো নোসোধিলোঁ ? তাইৰ সকলো কথা মই জানি ল'ব লাগিছিল । বিকিৰ বিয়াৰ হঠকাৰী সিদ্ধান্ত আৰু বিয়াৰ পাছত আচলতে কি হৈছিল, এই সকলো কথা তাইক সোধা দৰকাৰ আছিল । তাইৰ স'তে আলোচনা কৰা হ'লে, কি ঠিক তাই কিজানি মোক কিছু কথা হ'লেও ক'লেহেঁতেন । তাই কিয় ইমান খৰ-ধৰকৈ অদ্বীপক বিয়া কৰালে ? বিয়া হৈ যোৱাৰ পাছত তাই কিয় ইমান মন মাৰি থকা হ'ল ? সিহঁতৰ মাজত প্ৰকৃততে কি হৈছিল ? বুজা-পৰাৰ অভাৱ ? অদ্বীপৰ পৰিয়ালৰ পৰা পোৱা বাধা ? নে বিকিৰ অতীতৰ আন কিবা কথা ? এনেকুৱা হাজাৰটা প্ৰশ্ন , হাজাৰটা কিয় মোৰ সন্মুখত থিয় হৈ মোকেই তিৰস্কাৰ কৰিছিল । প্ৰতিটো প্ৰশ্নই মোক থকা-সৰকা কৰিছিল । কথাবোৰ পাকঘূৰণি খাই-খাই মোৰ মন-মগজু যেন অচল কৰি পেলাইছিল । সেই সময়ত কথাবোৰ কাকো ক'ব নোৱাৰি মই বৌলৈ ফোন লগাইছিলোঁ আৰু কথাবোৰ কৈ-কৈ কান্দি-কান্দি মাত হেৰুৱাই পেলাইছিলোঁ । মই অনুভৱ কৰিছিলোঁ বৌয়েও মোৰ কথাবোৰ শুনি চক্ খাই উঠিছিল । তেওঁৰ মুখৰ শব্দও হেৰাই গৈছিল । তেওঁ মাত্ৰ মোক কৈছিল -
:: তুমি মোৰ ওচৰলৈ গুচি আহাঁচোন গীতাঞ্জলি ।
বৌয়ে জানিছিল " বিকি " মোৰ বাবে কি ? কিন্তু সেই সময়ত মই তেওঁৰ ওচৰলৈও যাব পৰা নাছিলোঁ । মোবাইলতে তেওঁ মোক অনেক সান্ত্বনাবাণী শুনালে । বহুত বুজালে । মই নিজকে সংযত কৰিলোঁ । চকুৰ পানী মোহাৰি নিজকে প্ৰবোধ দিলোঁ । যোৱাজন গুচি গ'ল । এতিয়া কান্দি কি হ'ব ?
তথাপিতো, নিজকে মোৰ অপৰাধী যেন লাগিল । এয়া মই কি কৰিলোঁ ? মই বাৰু সুযোগ বুজি এবাৰো তাইৰ মনৰ বুজ ল'ব নোৱাৰিলোঁ নে ? অথচ এইজনী ছোৱালীয়েই এটা সময়ত মোৰ স'তে ছাঁটোৰ দৰে আছিল । কিয় বাৰু তাইক একো সুধিব নোৱাৰিলোঁ ?
মোৰ ভিতৰত বিকিৰ প্ৰতি বাৰু অভিমান জাগি উঠিছিল নেকি ? নে বিকিয়ে এবাৰো মোক নজনোৱাকৈ অদ্বীপক বিয়া কৰোৱা কথাটোত মই সহজ ভাবে ল'ব পৰা নাছিলোঁ ? সেইবাবে তাইৰ শিৰত অদ্বীপৰ নামত লোৱা সেন্দুৰকণ দেখাৰ লগে মোৰ মনটো বাৰু অভিমানী হৈ উঠিছিল নেকি ? কিন্তু অভিমাননো কাৰ ওচৰত কৰিব পাৰি ? যাক ভাল পোৱা যায় , যাৰ সুখ-দুখ নিজৰ বুলি ভবা যায় , যাক অতি আপোন যেন লাগে তেওঁৰ ওচৰতহে মানুহে অভিমান কৰে । বিকিয়ে বাৰু মোক এবাৰো বুজি নাপালেনে ? মোৰ মৰমখিনি তাই এবাৰো উপলদ্ধি কৰিব নোৱাৰিলেনে ? এই যে কিবা এটা স্পিচিয়েল বনাই তাইক খাবলৈ মাতো , এই যে কাণত ডুলি থকা দীঘল কাণফুলিযোৰ তাই ভাল পায় বুলি জানি মই হেঁপাহেৰে তাইলৈ কিনি আনো । এনেকুৱা মৰম আৰু আবেগেৰে বান্ধ খাই থকা সৰু-সৰু কথাবোৰ বিকিয়ে অকনো উপলদ্ধি কৰিব পৰা নাছিলনে ? বিকিৰ বুকুৰ কোণত মোৰ মৰমবোৰ জমা হৈ থকা নাছিলনেকি ? বহুত দিনলৈ এই কথাবোৰে মোক বৰকৈ আমনি কৰি থাকিল ।
নিজৰ অজানিতে দুখৰ হুমুনিয়াহবোৰ সৰি-সৰি কাৰোৰে বাবে ৰ'ব নোখোজা সময়ৰ স'তে এটা সময়ত মনটোও ডাঠ হৈ পৰিছিল । তথাপিও বেছ কিছুদিন বিকিৰ কথাবোৰ আমাৰ সকলোৰে মাজত সৰৱ আলোচনা হৈ আছিল । নিতৌ নতুন-নতুন একোটা কথাৰ আঁত ওলোৱা খবৰক লৈ আমাৰ অফিচৰ সকলোৰে মাজত আলোচনা হৈছিল ।
এটা সময়ত লাহে-লাহে কথাবোৰ কেৱল পৰিয়াল কেন্দ্ৰীক হৈ পৰিল , মানে কেৱল বিকিহঁতৰ পৰিয়ালটোৰ মাজতে থাকিল । তাৰ পাছত থানা , ক'ৰ্ট -কাছাৰী এইবোৰৰ মাজত বিকিৰ নামটো জীয়াই থাকিল । আমাৰ ওঁঠৰ পৰাও বিকিৰ নামটো লোপ পাবলৈ ধৰিলে । কিন্তু মোৰ মনৰ মাজৰ পৰা তাই আঁতৰি নগ'ল । নিগাজীকৈ বহি থাকিল বিকি ।
এনেদৰে প্ৰায় পাঁচ মাহমান পাৰ হৈ গ'ল । অফিচৰ দৈনন্দিন কাম আৰু ব্যক্তিগত জীৱনৰ সুখ-দুখৰ মাজত মই ব্যস্ত হৈ পৰিলোঁ । বসন্ত পাৰ হৈ পুনৰ ঘূৰি অহা শীতৰ আগমনৰ সন্ধিয়া এটিত মই অফিচৰ ব্যস্ততাৰে ভৰা টেবুলখনত সময় পাৰ কৰিছিলোঁ । সেই সময়ত মোৰ স'তে কোনো নাছিল । আনকি সহকৰ্মী সকলো কেতিয়াবাই ঘৰা-ঘৰি গৈছিল । শীত ধৰালৈ নমাৰ সময় । তাতে সেইদিনা বতৰটোও অলপ ডাৱৰীয়া । গোমা হৈ আছে আকাশখন । নিথৰ প্ৰকৃতি । পৰিবেশটো উপলদ্ধি কৰিছিলোঁ যদিও বিশেষ কাম এটাৰ হেড কোৱাৰ্টাৰলৈ পঠাব লগা চফ্ট কপি আৰু হাৰ্ড কপি দুয়োটাই সাজু কৰাত ব্যস্ত হৈ আছোঁ । সেই সময়ত মোৰ অকলশৰীয়া মূহুূৰ্ত্তটো আমনি নালাগিবলৈ নিজৰ অজানিতে মোবাইলটোত হাত দি এটা বিশেষ গান মই বজাবলৈ লৈছিলোঁ । কম ভলিউমত গানটো বাজি উঠিল -
"লাহে-লাহে যেতিয়া , কাষলে' আহিবা
বুজিবা তোমালৈ মৰম কিমান
মৰম কিমান । "…
মোৰ ওঁঠতো গানটোৱে ফূটা-নুফূটাকৈ শব্দবোৰ দিব খুজিছিলহে মাথো তেনেতে কেঁৰেৰেক-কেঁৰেক কৈ এটা শব্দ হ'ল । নিৰৱ-নিস্তব্ধ পৰিবেশ । তাৰ মাজত হঠাতে এইটো কিহৰ শব্দ হ'ল ? মই আচৰিত হ'লো । বুকুখন ধুক-ধুকাই উঠিল । সচকিত নয়নেৰে মই সন্মুখৰ খোলা দুৱাৰ খনৰ ফালে চাই পঠিয়ালোঁ আৰু অবাক হৈ পৰিলোঁ । দেখিলোঁ , দৰ্জাখনৰ এখন পাল্লা লাহে-লাহে জাঁপ খাই আহি আছে । অথচ সেইসময়ত বতাহ এছাটিও মৰা নাছিল । দুৱাৰত একাষৰীয়াকৈ ওলমি থকা পৰ্দাখনো হিলা নাই । তেনেহ'লে পাল্লাখন কেনেকৈ জাঁপ খাই আহি আছে ? নিজৰ অজ্ঞাতে মই মাত লগালোঁ -
"বিকি"
মই নামটো উচ্চাৰণ কৰাৰ লগে-লগে আচৰিত ধৰণে দুৱাৰৰ পাল্লাখন ৰৈ গ'ল । তেতিয়া মই আগতকৈও বেছি আচৰিত হৈ গ'লোঁ ! হে ভগৱান ! মই বহাৰ পৰা থিয় হৈ দিলোঁ । লাইটৰ পোহৰত গোটেইখন পোহৰ হৈ আছে । কিন্তু কোনো ক'তো নাই । তেতিয়া হ'লে । দৰ্জা পাল্লা এখন কেনেকৈ জাঁপ খাই আহিল ? মই ল'ৰা-ল'ৰিকৈ মোবাইলটো অফ কৰি দিলোঁ । মোৰ গা, মন বেয়া লাগি আহিবলৈ ধৰিলে আৰু মনটো ভয়-ভয় লাগিবলৈ ধৰিলে ।
এনেতে নাইট চকিদাৰ বিক্ৰমে আমাৰ কোঠাৰ পাছফালৰ বাৰাণ্ডাৰ পৰা মই বহি থকা চকীখনৰ পাছফালে থকা খিৰিকীখনৰ পৰ্দাখন আধা ফাঁক হৈ থকাত মোক দেখা পাই খিৰিকীখনত টোকৰ মাৰি মোক মাত লগালে -
:: বাইদেউ , আপুনি যোৱা নাই?
থিয় থকাৰ পৰা পাছফালে সম্পূৰ্ণ ঘূৰি চাই তাক উত্তৰ দিলোঁ -
:: এই যাওঁ আৰু । বিক্ৰম, তুমি অলপ সময়ৰ কাৰণে মোৰ ওচৰলৈ আঁহাচোন ।
:: গৈছোঁ বাইদেউ । ৰ'ব ।
মই পুনৰ ঘূৰি ফাইল-পত্ৰবোৰ সামৰিলোঁ , কিন্তু কামত সঠিকভাৱে মনোনিবেশ কৰিব পৰা নাই । মোৰ ভিতৰৰ আত্মাটোৱে যেন মোক কিবা এটা কৈ আছে । কিবা এটা যেন ঘটিব, মোৰ এনে লাগিল । মই চাওঁ-নাচাওঁকৈ সভয়ে সন্মুখৰ দুৱাৰখনৰ ফালে পুনৰ চাই পঠিয়ালোঁ । এইবাৰ মোৰ আৰু বেছি আচৰিত হোৱাৰ পাল । দুৱাৰৰ জাঁপ খাই অহা পাল্লাখন এতিয়া আগৰ দৰে আগৰ ঠাইতে আছে আৰু দুৱাৰ মুখত ওলমি থকা পৰ্দাখন সামান্য ল'ৰি আছে । মই চাই থাকোঁতেই ঠিক সেই সময়তে কাৰেণ্ট গুচি গৈছিল । সমগ্ৰ পৰিবেশ সম্পূৰ্ণ আন্ধাৰে গ্ৰাস কৰি পেলালে । ঘোপ মৰা আন্ধাৰৰ মাজত কোঠাৰ ভিতৰত মই তেতিয়া অকলে থিয় আছোঁ । #আগলৈ…