Type Here to Get Search Results !

ভাগ্য (১৯)

 প্ৰগতি গগৈ চাংমাই


"কিয় এনে হ'ল" বুলি চিঞৰি উঠিল সি। নিজৰ কাণ দুখন হেঁচা মাৰি ধৰি চকুহাল মুদি দিলে সি। আৰাধ্যাক ইমান মৰম কৰাৰ পাছতো কিয় এনে হ'ল সি এতিয়াও বুজি পোৱা নাই। 

     আপোন আপোন লগা পুলিচ এজন দৌৰি আহিল তাৰ ওচৰলৈ। "কিবা লাগে নেকি আপোনাক?"

  "নাই, নালাগে। ধন্যবাদ জনালোঁ।"

সি এফালৰ পৰা সকলো কথা মনত পেলাইছে। সি তাইক দিয়া প্ৰতিশ্ৰুতি, তাই তাক দিয়া মৰম ...। নাই, মনত নপৰে। কোনোদিনে তই বুলি কৈ নোপোৱা মৰমৰ আৰাধ্যাজনী তাৰপৰা হেৰাই গ'ল। অসীম বিবুদ্ধিত পৰিছে। কি কৰিব সি? 
       
      লগত থকা কয়দীটোৱে সান্ত্বনা দিলে তাক "ভাল দিন আহিব দিয়ক। সকলোৱে কথাবোৰ বুজি পাব। আপুনিতো একো ভুল কৰা নাই! সময়ে ভুল-শুদ্ধ বিচাৰ কৰিব।"

   " তুমি কি বুজিবা দোস্ত? সময়ে ভুল-শুদ্ধ বিচাৰ কৰিব। কিন্তু.....মোৰ আৰাধ্যাক জানো ঘূৰাই দিব পাৰিব? নিশ্চয় নোৱাৰে। মোৰ টুকুৰা-টুকুৰ কলিজাটো কোনে নিচুকাব?"

    "বুজিছোঁ। সকলো বুজিছোঁ। পাই হেৰুওৱাৰ বেদনা কিমান মোতকৈ ভালকৈ কোনে বুজিব? চকুৰ সন্মুখতে বলীয়া বানত, নৈৰ পকনীয়াই টানি নিছিল মোৰ মানুহজনীক। নিজৰ বুলিবলৈ আৰু কোনো নাই। আই-পিতাই সৰুতে ঢুকাল। মন্দিৰৰ গহনা চুৰিৰ অপৰাধত অপৰাধী হৈ মই আজি ইয়াত বন্দী। যিটো কাম মই কৰা নাই, তাৰ বাবে মোৰ ওপৰত এই শাস্তি। টকাৰে সকলো কিনিব পাৰে বাবু। টকা দি সকলোকে কিনা জমিদাৰৰ চকুৰ ঠাৰত সকলো মোৰ বিপক্ষে গ'ল। মই নিজকে শুদ্ধ বুলি পৰীক্ষা কৰি দেখুওৱাৰ সুযোগেই নাপালোঁ। "

    "সময়ে সকলোকে এদিন সুবিধা দিব। কিন্তু সেই সুবিধা নিজেই আজুৰি ল'ব লাগিব। তুমি তোমাৰ নিৰ্দোষিতা প্ৰমাণ হ'লেই স-সন্মানেৰে বিদায় ল'বা। মই কাৰ ওচৰলৈ উভতি যাম। আৰাধ্যাবিহীন ঘৰখন যে মোৰ বাবে মৰিশালি স্বৰূপ। "

   "যি হ'ল হৈ গ'ল। আপুনি আপোনাৰ মা-দেউতাৰ বাবে উভতি যাব লাগিব। তেওঁলোকৰ মুখলৈ চাই জীয়াব লাগিব।"

   "জীৱনটো ভবাৰ দৰে সহজ নহয় অ' ! আমি যেন সেই ওপৰৰ জনৰ চাবি দিয়া পুতলা। তেওঁৰ আঙুলিৰ ঠাৰত আমি নাচিব লাগিছো‍ঁ প্ৰত্যেকদিনাই। তেওঁ হঁহুৱালে হাঁহোঁ, দুখ দিলে কান্দোঁ। "

   "সেয়াই জীৱন। দুখ-সুখ বুটলি আগুৱাই যাব লাগিব।আপুনি ভাগি নপৰিব। "

  "তোমাৰ কথাকেইটাই সাহস দিছে মোক। নতুনকৈ যেন জী উঠিছোঁ। মোক আৰাধ্যাই হয়তো কেতিয়াও ক্ষমা নকৰিব। তাইৰ বিপদৰ সময়ত মই তাইৰ কাষত নাছিলোঁ। মই বৰ দুৰ্ভগীয়া অ'!"

    খন্তেকতে পুনৰ কান্দোনত ভাঙি পৰিল অসীম।  বাধা নিদিলে লগৰটোৱে। কান্দক অসীমে। কান্দিলে মনটো পাতল হয়। কিন্তু তাৰো বেয়া লাগিছে পুৰুষ এজনে এনেকৈ কান্দি থকাত। সি অসীমৰ পিঠিত হাত বুলাই সান্ত্বনা দিবলৈ ধৰিলে।