Type Here to Get Search Results !

ভাগ্য ১৮

 প্ৰগতি গগৈ চাংমাই


এদিন পুৱাই  অসীমহঁতৰ ঘৰত হৈ-চৈ লাগিল।সি তাৰ কৰ্মস্থানত আছিল। তাক ফোনত ঘৰৰপৰা জৰুৰীভাৱে মাতি পঠিওৱা হ'ল। যোৱাৰ বাটত বাৰে বাৰে ভাবিছে সি -কিয় মাতি পঠিওৱা হৈছে তাক ইমান সোনকালে? সিও ঘৰত কাৰোবাৰ গা বেয়া বুলি ঘৰলৈ ঢাপলি মেলিলে। ঘৰৰ সন্মুখত গাড়ীৰ পৰা নামিয়েই সি চোতালত বহু মানুহ লক্ষ্য কৰিলে। কি হ'ল সি ভাবি উৱাদিহ পোৱা নাই। "কাৰ কি হ'ল বাৰু? "

ঘৰৰ ভিতৰৰ পৰা কান্দোনৰ শব্দ ভাঁহি আহিল। মানুহৰ ভিৰ ফালি গৈ দেখিলে চোতালত বগা কাপোৰেৰে ঢাকি থোৱা আছে কাৰোবাক! সি সপোন দিঠকৰ দোমোজাৰে, বগা কাপোৰখন দাঙি থকা ঠাইতে বহি পৰিল। কিয় এনে হ'ল? কিয় এৰি গ'ল তাক ইমান সোনকালে? সি ওপৰলৈ চাই চিঞৰি উঠিল- "মই কি পাপ কৰিলোঁ ভগৱান? মোক কিয় এনে শাস্তি দিলা? ইমান সোনকালে আঁতৰাই নিলা মোৰ ওচৰৰ পৰা তাইক? কিয়? কিয়?"


       বংশৰে দুজনমানে তাক ধৰি সান্ত্বনা দিবলৈ বিচাৰিছে। তথাপি তাৰ কান্দোন কমা নাই। কমিবই বা কেনেকৈ? প্ৰিয়জনক হেৰুওৱাৰ বেদনা ভুক্তভোগীৰ বাহিৰে আন কোনে বুজিব? 


     "আৰা, তুমি কিয় এনে কৰিলা? মোক একো নক'লা। অকলে কষ্ট সহ্য কৰিলা! কি আছিল তোমাৰ মনত ? এবাৰ যদি ক'লা হয় মোক? একেলগে সুখ-দুখৰ লগৰী হম বুলি কৈ মোক এৰি অকলে কিয় গুচি গ'লা?"


     তাৰ মৰমৰ আৰাধ্যাজনী বগা কাপোৰৰ আঁৰত শান্তমনেৰে শুই আছে। ইমান ধুনীয়াকৈ হাঁহি হাঁহি শুই আছে তাই। তালৈ চাই তাৰ কাণে কাণে যেন কৈছে তাই - ''মই তোমাৰ কাষতে আছোঁ। এয়া চোৱা।"


   "তুমি যাব নোৱাৰা আৰা। মোক অকলে এৰি যাব নোৱাৰা।"


      ক'ত কি হ'ল ধৰিবই নোৱাৰিলে অসীমে। ওচৰৰ থানাৰ পুলিচ আহি মাক আৰু অসীমক এৰেষ্ট কৰি লৈ গ'ল। সি প্ৰতিবাদ কৰিবলৈও মুখৰ মাত নোলাল। তাৰ মনত আৰাধ্যাক হেৰুওৱাৰ শোকৰ সোঁত বলিছে। মনৰ মাজত অযুত নুবুজা সাঁথৰ। কোনে দিব তাৰ এই প্ৰশ্নবোৰৰ উত্তৰ? 

      

       এটাই কথা গম পালে সি- আৰাধ্যাই আত্মহত্যা কৰিলে আৰু তাৰ বাবে সি আৰু মাক জগৰীয়া। ক'তা, সি দেখোন কোনোদিনে আৰাধ্যাক কোনো কামতে হাক দিয়া নাই, কোনো কথাত আপত্তি কৰা নাই। কিয় তেন্তে তাই....? সি আৰু ভাবিব নোৱাৰিলে। সি শোকত চেতনা হেৰুৱাই পেলালে। 

       

     আৰাধ্যাৰ মাক-দেউতাক আহিছে যদিও তেওঁলোকেও অসীমক মাত দিয়া নাই। নিজৰ মৰমৰ ছোৱালীক হেৰুৱাই তেওঁলোকৰ মনতো এজাক ধুমুহা বলিছে। সেই ধুমুহাই দুখন ঘৰৰ সম্বন্ধ তচনচ্ কৰি পেলাইছে। কাৰ বাবে এনে হ'ল কোনেও নাজানে!  এতিয়াও সকলোৱে উৎসুকতাৰে ৰৈ আছে পোষ্টমৰ্টেমৰ ৰিপোৰ্ট পোৱালৈ। প্ৰকৃত দোষী কোন সেয়া সকলোৱে জানিবলৈ বিচাৰিছে। তথাপি গাঁৱৰ ৰাইজে অলপ-অচৰপ কথা পাতিছে.......