ৰঞ্জিত চুতীয়া
অসমৰ জাতীয় জীৱনৰ বৰেণ্য আৰু নমস্য ব্যক্তিসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। অসমীয়া সাহিত্যৰ প্ৰতিযশা সাহিত্যিক বেণুধৰ শৰ্মা একাধাৰে প্ৰত্নতত্ববিদ, সমাজ সংস্কাৰক, সাংবাদিক, বুৰঞ্জীবিদ, গৱেষক আৰু অসমৰ মুক্তি সংগ্ৰামৰ আগশাৰী নেতা। 'কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত' আৰু 'মজিয়াৰ পৰা মেজলৈ' -- এই দুখন স্মৃতি সংগ্ৰহ গ্ৰন্থত শৰ্মাই ব্যক্তিগত অভিজ্ঞতা, সমসাময়িক সমাজ জীৱনৰ স্বৰূপ, ৰাজনৈতিক-আৰ্থিক-সাহিত্য-সংস্কৃ তিৰ বহু তথ্য প্ৰমাণ দিছে। সমকালীন সমাজৰ বিসংগতিৰ প্ৰতি সচেতন শৰ্মাই সমাজৰ ৰাজনৈতিক-আৰ্থিক-সামাজিক আৰু সাংস্কৃতিক আসোঁৱাহসমূহ দূৰ কৰিবলৈ সাহিত্যৰ যোগেদি প্ৰয়াস কৰিছিল। ভৱিষ্যতৰ এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়ি তোলাটোৱেই শৰ্মাৰ সাহিত্যৰ অন্যতম লক্ষ্য। শৰ্মাৰ ৰচনাৰাজিত অসমীয়া সমাজৰ এখনি নিখুঁত চিত্ৰ প্ৰকাশ পোৱাৰ লগতে গদ্যৰীতিৰে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
এই মহান ব্যক্তিগৰাকী ১৮৯৪ চনৰ ১৬ নৱেম্বৰত শিৱসাগৰ জিলাৰ চাৰিঙত জন্ম হৈছিল। তেখেতৰ পিতৃ ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ তুলসী দেৱী। বেণুধৰ শৰ্মাই শিৱসাগৰ চাৰিঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত ১৯১৫ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় যদিও বিভিন্ন অসুবিধাৰ বাবে তৎক্ষণাৎ উচ্চ শিক্ষালৈ মন নকৰি শিৱসাগৰ ফুলেশ্বৰী হাই স্কুল আৰু যোৰহাটৰ বেজবৰুৱা হাই স্কুলত কম সময়ৰ বাবে শিক্ষকতা কৰিছিল।
উচ্চ শিক্ষা গ্ৰহণৰ বাবে বেণুধৰ শৰ্মাই কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁ উচ্চ শিক্ষা আধাৰুৱা হৈ ৰয়। আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে কাৰাবাসও খাটিব লগীয়া হৈছিল। সেই সময়তে তেওঁৰ পিতৃ বিয়োগ ঘটিছিল। আন্দোলন শাম কটাৰ পাছত জেলৰ পৰা মুক্তি লাভ কৰিয়েই সংসাৰৰ দায়িত্ব ল'বলৈ বাধ্য হয়। আন্দোলনকাৰী আৰু কংগ্ৰেছৰ সদস্য হিচাপে সক্ৰিয় আছিল তেওঁ, সেইবাবে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰটো বিবেকে বাধা দিলে। তেওঁ হাতী মহলাত কাম কৰাৰ পৰা দোকান দিয়ালৈকে বিভিন্ন কাম কৰি জীৱন যুঁজত আগবাঢ়িছিল। ইয়াৰ মাজতে 'ঘৰফলীয়া কংগ্ৰেছ' নামেৰে এটা ৰাজনৈতিক দল খুলি কিছুদিন ৰাজনীতিৰো সোৱাদ লৈছিল। তেওঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত 'দৈনিক বাতৰি'ৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা 'তৰুণ অসম'ৰো সম্পাদক আছিল।
শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকোতেই বিভিন্ন ধৰণৰ আলোচনী আৰু কিতাপ পঢ়ি বেণুধৰ শৰ্মাৰ সাহিত্যনুৰাগ বৃদ্ধি পায়। তেওঁ কেনেকৈ লিখাৰ আৰম্ভ কৰিলে, এই সম্পৰ্কত মজিয়াৰ পৰা মেজলৈ নামেৰে আত্মজীৱনীত লিখিছে - দেওবাৰে ৰাতিপুৱা-ৰাতিপুৱা বাল্যাশ্ৰম ছাত্ৰ সমাজলৈ যাব লাগে। সমাজত পদ্য আৰু ৰচনা লেখি, পঢ়ি শুনাব লাগে আৰু বাদ-প্ৰতিবাদ অৰ্থাৎ তৰ্কও কৰিব লাগে। ছাত্ৰ জীৱনৰ সময়ছোৱাতেই শৰ্মাই ৰবিঞ্চন ক্ৰুচৰ সাৰাংশ অসমীয়াত লিখিছিল আৰু তেতিয়াৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। বেণুধৰ শৰ্মাই ভাগৱতী প্ৰসাদ বৰুৱাৰ লগত লগ লাগি 'জেউতি' নামৰ এখনি হাতে লিখা আলোচনী প্ৰকাশ কৰিছিল। শৰ্মাৰ সাহিত্য চৰ্চাৰ মূল ক্ষেত্ৰ এই জেউতিয়েই আছিল। অৱশ্যে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ এৰাৰ পাছত জেউতিৰ প্ৰকাশো বন্ধ হয়।
বেণুধৰ শৰ্মাই গজহস্তীৰ পৰা বালিচাঁহীলৈকে বহুবোৰ গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ অন্যান্য ৰচনাৱলীৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ৰচনা হ'ল -- জৱাহৰলালৰ জীৱনী (১৯৩৫), ৰাংপতা (১৯৪৩), মণিৰাম দেৱান (১৯৫৩), লাতুমণি (১৯৫৯), দুণৰি (১৯৫৯), আৰ্য্যাৱলী (১৯৬৭), মৰমৰ কাৰেং (১৯৬৯),,হেমচন্দ্ৰ গোস্বামীৰ জীৱনী (১৯৭১) ইত্যাদি। ১৯৬০ চনত 'কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত' তেওঁৰ গ্ৰন্থখনে অসমীয়া সাহিত্যলৈ সাহিত্য অকাডেমী বঁটা কঢ়িয়াই আনে। তেখেত সাহিত্যিকেই নহয়, অসমৰ এগৰাকী সুপ্ৰসিদ্ধ বুৰঞ্জীবিদ। বুৰঞ্জীৰ সমলেৰে ভৰপুৰ সাহিত্যৰাজিৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ', 'বুৰঞ্জী সূৰ্য' - আদি সন্মানেৰে বিভূষিত কৰা হয়। মৰণোত্তৰ ভাবে প্ৰকাশিত 'চন্দন চ'ৰা'(১৯৮৭) গ্ৰন্থখনিৰ শেষৰ ফালে শৰ্মাই এমুঠি কবিতাও সংযোগ কৰিছে। গ্ৰাম্য সমাজৰ অকৃত্ৰিম স্বদেশ প্ৰেমৰ নিদৰ্শন তেওঁৰ প্ৰতিটো প্ৰবন্ধতে ভৰপূৰ। নিজ দেশপ্ৰেম, জাতীয়তাবাদী দৃষ্টিভংগী, দেশাত্মবোধ - তেওঁৰ ৰচনাত সুন্দৰ ৰূপত প্ৰকাশ পাইছে।
অসমীয়াক এটা ঐতিহ্যপূৰ্ণ আৰু প্ৰগতিশীল জাতি হিচাপে প্ৰতিষ্ঠা কৰাত বেণুধৰ শৰ্মাৰ যি ভূমিকা আছিল, সেয়া অদ্বিতীয়। অসমীয়াৰ ঐতিহ্য আৰু সংস্কৃতি যে অন্য এটা প্ৰগতিশীল জাতিতকৈ কোনো গুণে কম নহয়, সেয়া বেণুধৰ শৰ্মাই প্ৰতিপন্ন কৰিছিল তেওঁৰ বিভিন্ন ৰচনাৰাজিৰ মাজেৰে। অতি সহজ-সৰল ভাষাত লিখা তেওঁৰ প্ৰতিটো ৰচনাতে ফুটি উঠিছিল অসম গৌৰৱ। অসমীয়া প্ৰকৃত সত্তা কি, গৌৰৱ কি এই সকলোবোৰ কথা অসমীয়াই বেণুধৰ শৰ্মাৰ পৰাহে বুজি উঠিছিল বুলি কলেও অত্যুক্তি কৰা নহ'ব।
বেণুধৰ শৰ্মা আছিল সাহিত্য অকাডেমী বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া ব্যক্তি। ১৯৫৬ চনৰ অসম সাহিত্য সভা ধুবুৰী অধিৱেশনৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। এই গৰাকী পুৰোধা ব্যক্তি ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত পৰলোক গামী হয়।