Type Here to Get Search Results !

অশ্ৰুৰ তৃপ্তি-এক চমু আলোকপাত

 পৰাগ কলিতা 


মানুহে পৃথিৱীত জন্মগ্ৰহণ গ্ৰহণ কৰাৰ লগে লগে অশ্ৰু আমাৰ জীৱনৰ এটি অংগ হৈ পৰে। সকলো মানুহৰে এটি কোমল হৃদয় আছে,যাৰ সৈতে অশ্ৰুৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে।অশ্ৰু কি সেই সম্পৰ্কে আমি সকলোৱেই অৱগত। হৃদয় আৰু অশ্ৰু একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।মানুহে জীৱনত যিকোনো কাৰণত এদিন নহয় এদিন কান্দে।হৃদয়খন বৰ কোমল।যাৰ বাবে দুচকুৰে দুখতো অশ্ৰু বৈ আহে আৰু সুখতো অশ্ৰু বৈ আহে।আমাৰ হৃদয়খনক বুজাবলৈ বৰ কঠিন। সেয়েহে জীৱনৰ কিছুমান পৰিস্থিতিত কান্দিবলৈ বাধ্য হৈ পৰোঁ।অৱশ্যে,হৃদয়ৰ বাহিৰেও শৰীৰত আঘাত পালেও দুচকুৰে চকুপানী ওলায়।অশ্ৰুৱে জীৱনৰ বহু কথা শিকাই দিয়ে,বুজাই দিয়ে।সেয়েহে,অশ্ৰু অবিহনে জানো জীৱন সম্ভৱ?

     অশ্ৰু মানে চকুপানী। অশ্ৰু শব্দটোতেই লুকাই আছে ইয়াৰ সংজ্ঞা, অৰ্থ আৰু ইয়াৰ গভীৰতা।মানৱ জীৱন প্ৰতিটো ক্ষণতে ঘাত-প্ৰতিঘাত,প্ৰাপ্তি-অপ্ৰাপ্তি,সুখ-দুখৰ মাজেৰে ন-ন ঘটনা-পৰিঘটনাৰে পৰিপূৰ্ণ আৰু এই সকলোবোৰৰ সৈতে জড়িত অশ্ৰু। যেতিয়া দুচকুৰে দুধাৰি বৈ আহে তেতিয়া অনুভৱ কৰা যায় জীৱনত জীয়াই থকাৰ যন্ত্ৰনা।সুখ-দুখ,ভাল-বেয়া,বিৰহ-বেদনা,

সফলতা,বিফলতা, প্ৰতিশ্ৰুতি, বিশ্বাসঘাটকতা আদি সকলোৰে সৈতে এক গভীৰ সম্পৰ্ক আছে অশ্ৰুৰ।অশ্ৰুৰ অবিহনে জীৱন অৰ্থহীন। আচলতে,এটি শিশুয়েও কান্দে আৰু ডাঙৰ মানুহেও কান্দে। কিন্তু এই দুয়োটাৰ মাজত পাৰ্থক্য আছে। অশ্ৰু বুলি ক'লেই সাধাৰণতে দুখৰ এখন ছবি বুলি ভবা হয়, প্ৰকৃতাৰ্থত সুখৰ সময়তো মানুহে কান্দিবলৈ বাধ্য হৈ পৰে।জীৱনত মানুহে কান্দিব লাগে। তেতিয়াহে বুজা যায় অশ্ৰুৰ মূল্য কিমান।অশ্ৰুবিহীন জীৱনৰ সংজ্ঞা অৰ্থহীন।অশ্ৰুয়ে নিকা কৰে মনৰ দুখ,দেহ-মন শাঁত পেলায়,নীৰৱ ভাষাৰে বহু কথা কৈ যায়,শব্দৰ ভাষাৰে বহু কাহিনী কৈ যায়।বুকুত খুন্দা মাৰি ধৰা সুখ-দুখৰ বোজাই  অশ্ৰু হৈ নিগৰায় মনৰ বেদনা।

          এইখিনিতে প্ৰশ্ন হয়, অশ্ৰুৰ তৃপ্তি মানেনো কি?অশ্ৰুৰ তৃপ্তি হৈছে আত্মাৰ বান্ধোন।অশ্ৰুৰ তৃপ্তিৰ অনুভৱ সঁচাকৈয়ে বৰ মনোৰম।জীৱনত এবাৰ হলেও হৃদয়ে হাঁহিব লাগে,কান্দিব লাগে। তেতিয়া হৃদয়ত সাঁচি ৰখা বহু কাহিনী চকুত প্ৰতিফলিত হৈ উঠে যি কাহিনীয়ে সামৰি থয় অশ্ৰুৰ তৃপ্তিক।জীৱন যাত্ৰাত অশ্ৰুৰ তৃপ্তি  যিজনে এবাৰো পোৱা নাই বা অশ্ৰুৰ তৃপ্তি অনুভৱ কৰা নাই সেইজনে সুখৰ পৰিধি আৰু দুখৰ পৰিভাষাৰ গভীৰতা সম্পৰ্কে উমান পাব নোৱাৰে।অশ্ৰুৰ তৃপ্তি সেইজনেহে বুজি পায় যিজনে দুখ-যন্ত্ৰনা, বিফলতাৰ মাজতো হাঁহিৰে জীৱনটো উপভোগ কৰিছে।মানুহে কেৱল হাঁহিলেই সুখত আছে বুলি আৰু কান্দিলেই দুখত আছে বুলি ভৱাটো উচিত নহয়। জীৱন সংগ্ৰাম পথত কাৰোবাৰ বাবে হৈ সুখৰ বন্যা আৰু আন কাৰোবাৰ বাবে হৈ পৰে দুখৰ বন্যা।আনন্দৰ চকুলোৰ আছে এটা মধুৰতা। মানুহৰ জীৱনলৈ অশ্ৰু কেতিয়া বৈ আহিব সেইয়া কোনেও কʼব পাৰি। মাথোঁ কব পাৰে সময়েহে আৰু এই অশ্ৰুৰ তৃপ্তি তিতা নে মিঠা হ'ব সেইয়াও সময়ৰ ওপৰতহে।অশ্ৰুৰ তৃপ্তিয়ে মনৰ গভীৰতাত থকা বহু অব্যক্ত কথাৰ অৰ্থ প্ৰকাশ কৰে।পিয়াঁজ কটাৰ সময়ত বৈ অহা অশ্ৰুৰো আছে অন্য এক তৃপ্তি।মানুহৰ জীৱনটোৱেই হৈছে হাঁহি-কান্দোনেৰে ভৰা। গতিকে,অশ্ৰুৰ অবিহনে এটি জীৱন কল্পনাই কৰিব নোৱাৰি।হৃদয়ে সকলো সময়তে সকলো কথা সহ্য কৰিব নোৱাৰে। হৃদয়ে যেতিয়া কিবা কাৰণত আঘাত পায় তেতিয়া দুচকুৰে বৈ আহে চকুলো।জীৱন পথত কেতিয়াবা আমি সকলো আবেগিক হৈ পৰোঁ। অতীতৰ কিছুমান ভাল-বেয়া স্মৃতিয়ে মনত দোলা দি থাকে।যাৰ বাবে সেই কথা মনলৈ আহিলে চকুপানী বৈ আহে। যেতিয়া চাকৰিত সফলতা, সন্তানৰ পৰীক্ষাত ভাল ফলাফল,এখন ঘৰত এটি শিশুৰ জন্ম,ঘৰৰ কোনোবা সদস্যৰ বেমাৰৰ পৰা আৰোগ্য লাভ কৰা আদিৰ দৰে কিছুমান ক্ষেত্ৰত এক অনাবিল তৃপ্তিৰ চকুলো নিগৰে। কিন্তু যেতিয়া চাকৰিত বিফলতা,প্ৰেমত বিফলতা, বিশ্বাসঘাটকতা, কাৰোবাক হেৰুৱাৰ বেদনা, মৃত্যু আদিৰ দৰে কিছুমান ক্ষেত্ৰত দুখৰ চকুলো নিগৰে। সেয়েহে অশ্ৰু তৃপ্তিৰো আছে নিজা এক বাট।

      আনৰ সুখ বা দুখত চকুলো ওলায় তাতো এক অশ্ৰুৰ তৃপ্তি নিহিত হৈ থাকে। মানুহৰ জীৱনত যেতিয়া ভাল খবৰ আহে,আনন্দ হয় তেতিয়া ক'ব নোৱাৰাকৈ চকুলোৰে অশ্ৰু বৈ আহে এই অশ্ৰুৰ তৃপ্তিত সুখদায়ক অনুভূতি নিহিত হৈ থাকে। জীৱনৰ পথছোৱা বৰ কাঁইটীয়া আৰু এই পথছোৱাত পোৱা কাঁইটবোৰে হৃদয়ত বিন্ধিলে গম পোৱা যায় অশ্ৰুৰ তৃপ্তি।শৰীৰত আঘাতপ্ৰাপ্ত হ'লে বৈ অহা অশ্ৰুৰো আছে তৃপ্তি। শাৰীৰিক আৰু মানসিক নিৰ্যাতনে দুনয়নেৰে বোৱাই আনে অশ্ৰু। ব্যস্ততাপূৰ্ণ জীৱনত পোৱা-নোপোৱাৰ প্ৰতিযোগিতাৰ দৌৰত কিবা পায় আৰু কিবা হেৰুৱায়।অশ্ৰুৰ তৃপ্তি যেন কেতিয়াবা তিতা, কেতিয়াবা কেঁহা আৰু কেতিয়াবা মিঠা।প্ৰিয়জন বা আত্মীয়জনৰ গভীৰ সংকটত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত ওলোৱা কান্দোনৰ আছে দুখৰ তৃপ্তি। কান্দোনৰ দ্বাৰা মানসিক চাপ কম হৈ পৰে।

        গতিকে,প্ৰতিটো চকুপানীৰ টোপালৰ মূল্য আছে।কান্দোন হ'ল মনৰ অনুভূতিৰ বহিঃপ্ৰকাশ। কান্দোনৰ ভাষা এক বুজাব নোৱাৰা পৰম তৃপ্তিৰূপে পৰিগণিত হয়।অশ্ৰুৱে মানুহৰ মানসিক অৱস্থাৰ ইংগিত দিয়ে।কেতিয়াবা কান্দোনে ইজনে-সিজনৰ মাজত সুখ-দুখৰ সম্বন্ধৰ সৃষ্টি কৰি সহৃদয়তাৰ বান্ধোন সবল কৰে।