Type Here to Get Search Results !

অকবিৰ কবিতা

 দ্ৰোণা চাৰ্য্য হাজৰিকা


সান্ধ্য ভ্ৰমণত
তোমাৰ মোৰ 
চিনাকি হৈছিল

ঘৰচীয়া
হৰিণ টোৱে  কেনেকৈ জানো মোৰ
                           দেখা পালে
হাতৰ তলুৱাত লুকাই  থকা তোমাৰ  
                             সূৰ্য্য টোক

মোক
নোকোৱাকৈয়ে সি
পথাৰ খনলৈ লৰ মাৰিলে
নিয়ৰ প্লাবিত দুৱৰি বন মুৰুখিব পলুৱাই হেঁপাহ

সি
অপৈনত
এটা নে দুটা দাঁত গজিছেহে তাৰ  
মই ৰৈ থাকিব লাগিব পথাৰ খনৰ সিমূৰত

আবেলি
সূৰ্ষ্যটো শুবলৈ গ`ল 
এটা নতুন দ্বীপৰ এখন
 অসম্পূৰ্ণ কেনভাছ আঁকি

নাওঁৰ টিঙত বহি
সি উভতি আহিল
দুচকুত এখন গোমা আকাশ
এই যেন এজাক বৰষুণ দিব পৰিৱেশ