তুলিকা বৈশ্য দাস
অসীম...
মই সীমা ...
সীমাৰ মাজত আবদ্ধ হৈ
সীমাহীন ভাল পাওঁ তোমাক
কʼত আছা তুম্ ইইই...?
পাৰাপাৰ নাই
আছোঁ যʼত মই
অসীমৰ মাজতেই
সীমা উলিয়াই
তোমালৈ...
আছোঁ বাট চাই
আহা আগুৱাই ।
পাৰাপাৰ নাই !
অসীমত তুমি নাযাবা হেৰাই
পাৰতেই আছোঁ মই
অপাৰ সাগৰলৈ
মোৰ যে আছে
আৰু বহু দূ ...ৰ
অফুৰন্ত হেঁপাহ আছে
তোমাক লগ পাবলৈ
থাকিবা জানো ৰৈ
মই গৈ পোৱালৈ
ওফন্দি উঠিব ঢৌ
তাৰেই সোঁতত বিলীন হৈ
তুমিতো যাবাই সীমা পাৰ হৈ
নোৱাৰা থমকি ৰʼবলৈ
অসীম তুমি...
সীমা মই...
তুমি...
থাকিবা জানো ৰৈ ...!