ৰঞ্জন বর্মন
নজুইৰ দৰে বিয়পি পৰিল খবৰটো
কবিৰ অসুখ !!!
কবিৰ অসুখ !!!
খবৰটোৰ সঁচা-মিছাৰ মাজত ওলমি থাকিল
বহু লোক
বহুতেই হয়তো ভাবিলে যন্ত্ৰণাৰ স’তে দিনোযাপন কৰি
কবিৰ দেহত বাহ লৈছে দূৰাৰোগ্য ৰোগ
হয়তোবা হ’ব পাৰে কবিক
ঘড়ীৰ কাঁটাই পিছ পেলাই আগুৱাই গৈছে বহু দূৰ
কবিয়ে এতিয়া সময়মতে একো কৰিব নোৱাৰে
মন গ’লেই চাব নোৱাৰে সূৰ্যোদয়
তিতিব নোৱাৰে বসন্তৰ প্ৰথমজাক বৰষুণত
আবেলি বহো বুলি ভাবিলেও বহিব নোৱাৰে সেউজীয়া ঘাঁহৰ দলিচাত
অথবা ওৰেৰাতি উজাগৰে কথা পাতি কটাব নোৱাৰে জোনৰ স’তে
সেয়ে হয়তো কবিয়ে সাৰথি কৰি লৈছে
বিছনাখন
আনবহুতেই হয়তো ভাবিছে
হাজাৰ দুখৰ মাজতো মুখত আপোনভোল হাঁহি এটি লৈ
কবিতাৰে জগত জিনাৰ সপোন দেখা
কবিৰ আজি হঠাতে হ’ব পাৰে কি ???
কিন্তু কোনেও নাজানিলে
কিছুদিন ধৰি কবিৰ দেহত বাহ লৈছে শূণ্যতাৰ বিষাক্ত পোক
যিয়ে ভিতৰি ভিতৰি কুটি খাইছিল সমস্ত উছাহ
আৰু ক্ৰমশঃ কবি হৈ পৰিছিল
ৰোগী