Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ- পঞ্চদশ খণ্ড

 অৰুণা চেতিয়া খাটনিয়াৰ


 শৈশৱ কৈশোৰৰ কথাবোৰে বহুসময়ত নিজৰ মনতে দোলা দিয়ে। ইয়াৰ কিছুমান কথাই আমোদ দিয়ে। ভাবি ভাল লাগে, সঁচাকৈয়ে আমি যেন এখন সীমাবদ্ধ পৃথিৱীৰ আবৰ্ত্তত শান্তিৰে বাস কৰিছিলোঁ। দেখিছিলো,শিকিছিলো। নিজৰ সামৰ্থ্যৰে আত্মনিৰ্ভৰশীল ভাবনাৰে আগবঢ়াৰ ধাৰণাহে যেন কৰিবলৈ শিকিছিলো। অধিক নাজানিছিলোঁ বাবেই হয়তো উচ্চাকাংক্ষা বিলাকো সীমাবদ্ধ আছিল।
     আন কিছুমান কথাত ভাৱ হয়,আমি বাৰু ইমান নজনাকৈ আছিলোঁনে  এনেবোৰ কথা? সম্ভৱতঃ বয়সস্থ জনক নিশ্চয় বৰ্তমানৰ  কথাবোৰৰ স'তে বহুত অপৰিচিত যেন লগা হয়।
     সময় গতিশীল। গতিশীল সময়ে আমাকো বহুত শিকাইছে।আমি বৰ্তমান বহুত দেখিছোঁ,শিকিছো।
     এনে নহয়যে বৰ্তমানৰ সকলোবোৰেই ল'ব লাগে। এইটো কথা জানো শুদ্ধ হ'ব । এইটোও ক'ব নিবিচাৰোঁযে আমি কৰা বা পোৱাবোৰেই সকলো ঠিক। সকলো সময়ৰ আহ্বান। অবধাৰিত সময়ৰ প্ৰয়োজনত প্ৰজন্মৰ সঠিক উত্তৰণৰ হেতু আমি তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াব নিশ্চয় লাগিব। কাৰণ তেওঁলোকৰ সময়ৰ পৃথিৱীখনকহে তেওঁলোকে দেখিছে। আমি এটা  সন্ধিক্ষণৰ সাক্ষীহৈ সময়ৰ সন্তুলন ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব নিশ্চয় লাগিব।
     আমি কি পোৱা নাছিলো যিবোৰ এতিয়া পাইছোঁ।আমি কি পাইছিলো,যিবোৰ এতিয়া পোৱা নাই। ভাৱনাবোৰে বাৰু বয়সস্থ হিচাপে আপোনাকো চুই নাযায়নে? আমি এতিয়া বিশ্বখন সকলোৱে পোৱাৰ দৰেই ঘৰতে বহি চাবলৈ পাইছোঁ। ইচ্ছা কৰিলে কোনোবাই দেশ বিদেশ ঘূৰিবলৈ যাব পৰাও হৈছোঁ।যিবোৰ কথা কল্পনা কৰা দূৰৈৰ কথা ভাবিবলৈও শিকা নাছিলোঁ। তথাপিও আমি যেন কিবা এটা শংকাত থাকোঁ, নিৰাপদ অনুভৱ নকৰোঁ সকলো দিশতে। আমি ফুৰিছো, খেলিছো সকলো ঠিকেই,পিছমূহুৰ্ততে আমি সন্দেহৰ আৱৰ্তত কিয় সোমাই পৰো?
     আমিতো আগতে এনে ধৰণৰ ভাৱচিন্তাৰ মাজত নিমজ্জিত হৈ থকা নাছিলোঁ। দূৰ দূৰণিৰ স্কুললৈ আমি খোজকাঢ়ি হ'লেও অনায়াসে যাব পাৰিছিলো। কোনো দ্বিধাবোধ,শংকাবোধ নহৈছিল। আমি সকলোৱে সকলো কাম নহ'লেও জীৱন নিৰ্বাহ কৰিব পৰাকৈ প্ৰায়বোৰ কামেই আমি দেখি দেখিয়ে অনায়াসে শিকিছিলো। আমাৰ আস্থা আছিল। আছিল মনোবল। এতিয়া আমাৰ আত্মবিশ্বাস কমি গৈছে নে সমাজে ,পৰিবেশে বিশ্বাসৰ বান্ধোনডাল চিঙি দিছে। যাৰ বাবে প্ৰতিটো কথাতে আস্থা হেৰাই যোৱাৰ উপক্ৰম হৈছে।
   নহয়, আমাৰ মাজলৈ পুনৰ আস্থা ঘূৰি আহিব লাগিব। আমি বিশ্বাস দিব পাৰিলেহে আমিও পাব পাৰিম। আমি নিজে নিদিয়াকৈ কেনেকৈ আনৰ পৰা আশা কৰিব পাৰিম? আমি আশাবাদী।
সিদিনা এটা লেখা পঢ়িলো, অলপতে।পঢ়ি ভাল লাগিল।
কিবা এটা কাৰণত ছোৱালী এজনীয়ে ঘৰলৈ আহিব লগা ৭ বজাৰ নিৰ্দিষ্ট সময়ৰ ট্ৰেইনখন ফেইল কৰিলে,যিখনত অহা হ'লে নিয়মমতে ঘৰ সোমাব পাৰিলে হেঁতেন। অগত্যা তেওঁ তেতিয়া ৯ বজাত আহিবলগীয়া ট্ৰেইন খনলৈ ৰ'বলগা হ'ল। তেওঁ আহি নিজৰ নামিব লগীয়া ষ্টেচন পাওঁতে ৰাতি ১০টা বাজিল। পৰিবেশটো নিজম পৰা সময় এটাৰ সন্মূখীন হোৱাৰ সময়তে এজন ল'ৰা দেখা পালে। লাহে লাহে ল'ৰা জন ওচৰ চাপি অহা দেখা পাই প্ৰথমে ছোৱালী জনীয়ে নিশ্চিত বিপদৰ আশংকা কৰিছিল, বুকুখন ঘনকৈ ঢপ্ ঢপাইছিল। তেনেতে ল'ৰাজন ওচৰলৈ আহি ক'লে, মোৰ প্ৰথম দায়িত্ব সুযোগ নহয়, আপোনাক নিৰাপত্তা দিয়া। সেইবুলি ৰখীয়া হৈ থকাৰ সময়তে এজন অট' চালক আহিল । তেওঁ তেতিয়া ওচৰলৈ আহি ক'লে -,ব'লক, মোৰ দায়িত্ব হৈছে এইখিনি সময়ত আপোনাক ঘৰমুখী হোৱাত সহায় কৰা। তেওঁ অট' খনত নিৰ্দিষ্ট ঠাইলৈ নিয়াৰ পাছত এজন কাম কৰি ঘূৰি অহা চাইকেল আৰোহীক পালে। তেতিয়া চাইকেল আৰোহী জনে ক'লে আপোনাক আগবঢ়াই থৈ অহাতো নিশ্চয় মোৰ দায়িত্ব। তেওঁ নিজৰ হাতত থকা টৰ্চৰ পোহৰেৰে বাট দেখুৱাই ঘৰত থৈ আহিল। ছোৱালী জনীৰ ঘৰমুখী যাত্ৰাৰ গোটেই প্ৰক্ৰিয়াটোত সহায় কৰা কেউজন আমাৰ নমস্য ভাইটী,দাদা,দেউতা ,ককা সকলো। আনহাতে ছোৱালীজনী আমাৰ ভন্টি,বাইদেউ,মাহী,পেহী সকলো। সঁচাকৈয়ে ভাল লাগিল।
    আমাৰ সমাজত সকলোৰে এই সম্বন্ধবোৰ আছে। আপুনি, মই সকলোৱে সকলোৰে কথা ভাবিব লাগিব ।আমি কেৱল নিজৰ সুখ, সুবিধা বোৰৰ চিন্তা কৰিলে জানো সমাজ বৰ্তি থাকিব? আমি সেই সমাজতে থাকিব লাগিব। প্ৰতিটো কথাতে আমি আনক অনুকৰণ কৰিবলৈ যাওঁ। আমি অনুকৰণ কৰিবলৈ লোৱা বা ল'ব খোজা কথাটো আমাৰ উপাদেয় হয়নে নহয় ভাবিব পাৰিলে ভাল। আহক আমি সকলোৱে সকলোকে সন্মান কৰোঁ। সেই সমাজখন আমি বিচাৰোঁ, যিখন সমাজত আমি নিৰাপদে, নিঃসঙ্কোচে থাকিব পাৰোঁ।