Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ- চতুৰ্দশ খণ্ড

 অৰুণা চেতিয়া খাটনিয়াৰ


  ভ্ৰমন অথবা ফুৰাচকা কৰিলে জ্ঞান বৃদ্ধি হয়। নেদেখা বস্তু চাবলৈ পোৱা আৰু নজনা কথা জনাৰ সুযোগ পোৱা হয়। সৰুতে আমি ডাঙৰ দীঘল হোৱা যৌথ পৰিয়ালৰ জ্যেষ্ঠ সকলে কয় 'ভালদৰে পঢ়া-শুনা কৰিলে ঠাই চাবলৈ পাবি আগলৈ ।  সেই বাবে ফুৰাৰ বাবে হেঁপাহ এটা বুকুত বান্ধ খাই গৈছিল অজানিত। এটা সময়ত আমি ফুৰাচকা কৰিছিলো চাইকেলত উঠি। ককাইদেউহঁতে ইফালে সিফালে চাইকেলেৰে ফুৰাবলৈ নিয়ে, ভাল লাগিছিল সেইসময়ত। দূৰলৈ গ'লে আগফালে গাৰু এটা বান্ধিলৈ বহুৱাই নিছিল,যাতে দুখ নাপাওঁ। সেইবোৰ সুখানুভূতি। তাতোকৈও দূৰলৈ ট্ৰেইনত উঠি গৈছিলো।ট্ৰেইনত উঠি ফুৰিবলৈ যোৱা ছন্দোময় যাত্ৰাই কিমানযে আনন্দ দিছিল। তাতে বেচিভাগ সময়তে মোৰ যাত্ৰাৰ সংগী আছিল মোতকৈ জ্যেষ্ঠজন পোনা ককাইদেউ। প্ৰতিটো কথাকেই পোনা ককাইদেৱে ৰসময় কৰি তোলে, আনন্দৰ মজ্লিছ। তেওঁৰ লগতেই দূৰলৈ যোৱাৰ সুযোগ মিলে। নহ'লে যোৱা নহয়। পৰিয়ালৰ বৰদেউতা, দদাইদেউ সকলোকে ব্যস্ততাৰ মাজতো তেওঁ আমোদ দিয়ে। বংশ পৰিয়ালৰ নবৌহঁতে কিমানযে আনন্দ উপভোগ কৰে পোনা ককাইদেউৰ লগত,জমি উঠে। নিভাঁজ মৰম, নিষ্কলুষ আনন্দৰ স'তে পৰিয়ালৰ অতি খঙাল ককাইদেউ কেইজনো পুলকিত হয়। পোনা ককাইদেউক নেদেখিলে সকলোৱে কেনি গ'ল,ঘৰত নাই নেকি সুধা সুধি কৰে। হাইস্কুল, কলেজতো পঢ়াৰ মাজতে কেতিয়াবা চিনেমাহলত চিনেমা চাবলৈ দদাইদেউৰ ছোৱালীহঁতৰ সৈতে তেওঁ আমাৰ ৰখীয়া (বডি গাৰ্ড)হয়। দেউতাৰ তিনিজন ভাই ককাইৰ কেউজনী ছোৱালীয়ে আমি একেলগে হলত অসমীয়া চিনেমা চাওঁ। মোৰ ভন্তি কল্পনা, ডাঙৰ দদাইদেউৰ ছোৱালী দীপা,বিভা,ৰূপা , সৰু দদাইদেউৰ
ছোৱালী আৰতি, ভাৰতী আটাইকেইজনী। বিভা বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষিকা,বিজ্ঞানী( ড' বিভা চেতিয়া বৰা)। এতিয়াও সেই কথাবোৰ মনলৈ আহে, সুখী হওঁ।
     তাৰপাছত অনেকসময়ত ওচৰতে লগৰীয়াৰ সৈতে ইফালে সিফালে গৈছো,ফুৰিছো। স্কুলীয়া জীৱনত খোজ কাঢ়ি দীঘলীয়া বাট অহা যোৱা কৰা বিচিত্ৰ অভিজ্ঞতা  এতিয়াও মনত খোন্দ খাই আছে। সেইবোৰে জীৱনৰ বাটত অনেক সমলৰ যোগান ধৰে।
     যোৱা ২০০৮ চনৰ জুলাই মাহত প্ৰথম বাৰৰ বাবে দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰে গৈছিলো। দুয়ো বিদ্যালয় এৰি যাব নোৱৰা ছুটিৰ অসুবিধাৰ হেতু ফুৰাচকা তেনেই সীমিত হৈ পৰে। সেয়ে জুলাই মাহলৈ বাট চাব লগীয়া হয়। গৃহস্থৰ স'তে যোৱা এই যাত্ৰাপথত আমাৰ একেটা দবাতে মঙ্গলদৈৰ এজন জ্যেষ্ঠ চিকিৎসক আৰু যোৰহাটৰ এ এছ ই বিৰ এজন চাকৰীয়াল সঙ্গী আছিল। যাত্ৰাত আমি কেউজন গুৱাহাটীৰ পৰা দিল্লীলৈকে একেটা পৰিয়ালৰ সদস্যৰ দৰেই লাগিছিল। আমাৰ বেগৰ পৰা যাত্ৰা পথত ওলোৱা ঘৰুৱা পিনাপনাৰ বিনিময়ে কেউজনকে আনন্দ প্ৰদান কৰিছিল। সময়ে সময়ে ৰে'ল কৰ্তৃপক্ষই আমাক ভিন্ ভিন্ খাদ্যৰে আপ্যায়ন কৰিছিল। গাম্ভীৰ্যতাৰ মাজেৰে এই যাত্ৰাৰো আমোদ সুকীয়া।
দিল্লীৰ মুখাৰ্জী নগৰৰ থানাৰ সমীপতে সেই সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পঢ়া সামৰি এটা কম্পেনীত চাকৰিৰ সূত্ৰে ঘৰ লৈ থকা পুত্ৰৰ স'তে পোন্ধৰটা দিন কটাই যথেষ্ট ফুৰাচকা কৰাৰ অভিজ্ঞতাৰ লগতে ঘূৰি আহোঁতে দিল্লীৰ পৰা গুৱাহাটীলৈ আকাশীযানেৰে অহা জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল অতি ৰোমাঞ্চকৰ। এটা পষেক আমি ল'ৰাৰ লগতে দিল্লীৰ বিভিন্ন ঠাইত ঘূৰিলো,ফুৰা চকা কৰিলোঁ। দিল্লীৰ  মেট্ৰ' ৰে'লত উঠাৰো প্ৰথম অভিজ্ঞতা হৈছিল। লগত ল'ৰাৰ বন্ধু সহপাঠী, সহকৰ্মীও অদল বদলকৈ ওলায়। কুতুব মিনাৰ, লালকিল্লা,ৰাজঘাট,বিজয়ঘাট, ইন্দিৰা গান্ধী মেমৰিয়েল, হুমায়ুনপুৰ,ইন্ডিয়াগেট, ৰাষ্ট্ৰপতি ভৱন,সাংসদ ভৱন এইবোৰ ঘূৰাৰ ন ন অভিজ্ঞতা । লটাচ মন্দিৰ,অক্ষয়ধাম মন্দিৰ, বিৰলা মন্দিৰ, দৰ্শন কৰি মন্দিৰৰ কাৰুকাৰ্য্য আৰু পাৰিপাৰ্শ্বিক অৱস্থাই তেতিয়া মোহিত কৰিছিল।
আততায়ীৰ গুলিত নিহত হোৱা ইন্দিৰা গান্ধী, ৰাজীব গান্ধীৰ ৱাল পেইণ্টিং বিলাক চাইছিলো, দুখ লাগিছিল। দুখ লাগিছিল পুত্ৰ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰে ইন্দিৰা গান্ধীৰ মাতৃহৃদয় শোকত ম্ৰিয়মান হৈ পৰাৰ দৃশ্য দেখি।
         আমি আগ্ৰালৈও গ'লো----তাজমহল চাবলৈ। তাজমহলৰ কাৰুকাৰ্য্য, সৌন্দৰ্য আৰু ছাহজাহানৰ পত্নী মমতাজৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ কৰা প্ৰচেষ্টা আৰু অহোপুৰুষাৰ্থক স্বচক্ষুৱে দেখাৰ পাছত ই সঁচাকৈয়ে মোক ভবাই তুলিলে। সেয়ে চাগে বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে তাজমহল দেখি চিঞৰি উঠিছিল --
      " এক বিন্দু নয়নেৰ জলে
          কালৰ কপোল তলে শুভ্ৰ সমুজ্জ্বল
             এ তাজমহল --।"
কবি ৰত্নকান্ত বৰকাকতিয়েও তাজমহলৰ বন্দনা কৰিছিল --
      "লেখা নাই আখৰেৰে, পাথৰেৰে ৰচি থোৱা
           এটি নৱ যুগমীয়া,বৃহৎ কবিতা -।"
     দিল্লীত ফুৰোঁতে প্ৰায়ে মেখেলা চাদৰ পিন্ধিছিলো।তাজমহলৰ ভিতৰভাগত চিকিউৰিটি কৰি থকা এগৰাকী ছোৱালীয়ে ভিৰৰ মাজৰপৰাই 'মাদাম মাদাম ' বুলি চিঞৰা শুনি ঘূৰি চালোঁ। হয় ,মোকেই মাতিছে। ওচৰ পাই তেওঁ মোক পুৰণি চিনাকীৰ দৰে সাৱতি ধৰা সেই কথাই আজিও মোক ৰোমাঞ্চিত কৰে। তেওঁ বৰপেটাৰ,তাত চাকৰি কৰা পাঁচ বছৰ হৈছে। অনুভৱ হৈছিল নিজৰ কৃষ্টি, সংস্কৃতি,ভাষাই কিদৰে আমাক একতাৰে বান্ধি ৰাখিব পাৰে।
      একেধৰণেৰে তাজমহললৈ সোমোৱাৰ বাটতে (গেটপাছত) এগৰাকীয়ে চিনাকি হৈছিল। মোম্বাইত থকা অসমীয়া ছোৱালী। প্ৰথমে হিন্দীত কৈছিল যদিও পাছত অসমীয়া বুলি চিনাকি দিয়াত ভাল লাগিল। তদুপৰি কুতুব মিনাৰ চাই ওভতি আঁহোতেও দূৰৈৰ পৰাই খৰধৰকৈ ওচৰ চাপি আহি এহাল দম্পতিয়ে হাতত ধৰি-" আপুনিতো অসমৰ হয়েই,কওকচোন কোন জিলাৰ,আমি হাজোৰ পৰা আহিছোঁ। একেউশাহতে যেন কথাখিনি ক'লে। ময়ো বিনিময় কৰিলো আন্তৰিকতাৰে। মুখত দুয়োপক্ষৰে অসমীয়া ভাষা,গাত লাগি থকা নিজৰ সাজ যোৰৰ স'তে স্বাভিমান জাগিছিল।
---- আগলৈ--