Type Here to Get Search Results !

প্ৰলয়

 জীনামণি বৰগোহাঁই দুৱৰা 


 পূণ্যতোৱা  জননীৰ
বিস্ফোৰিত   নেত্ৰে
প্ৰলয়ৰ  ঢৌ   কোবাই যায়।
আকৌ  এবাৰ
বিশ্বযুদ্ধৰ  কথাই
সোঁৱৰাই যায়।
য'ত ভাই ভাইৰ মাজত হয়
তেজৰ বেচা কিনা
'মোক তেজ দিয়া
বিনিময়ত.......
মই তোমাক দাসত্বৰ
শিকলি  পিন্ধাম।