তুলিকা বৈশ্য দাস
হে মন,
আকাশে চোন ধৰাক সদায়
সাৱটি ৰখা যেন পায়
সত্য সূৰ্যক হেনো
ধৰাই প্ৰদক্ষিণ কৰেই সদায় ।
ধৰাই আকাশক কয়,
এনেকৈনো আৰু থাকিবা কিমান ?
বৰ্ষা মই, তুমি হোৱা প্লাৱন
নৈ-জান-জুৰি সকলোতে
আমি কৰোঁ গৈ ভ্ৰমণ ।
হে মন,
তুমি হোৱা বৃক্ষ প্ৰেমৰ
তোমাৰ স্থিৰ নীলাভ বক্ষত
হৈ ৰʼম চিৰসেউজীয়া
তোমাৰ ছত্ৰছায়াতেই
সদায় থাকিম জিৰাই
হয় যেন নীল-সেউজীৰ
থোপা-থোপে ফল-ফুল জাতিষ্কাৰ ।
চোৱা মন...
তুমি যদি হোৱা বিস্তৃত পথাৰ
তোমাৰ বিশাল বক্ষত
মোহময়ী সেউজী
ৰচিব শইচ-সোণোৱালী
পথাৰ হʼব নদন-বদন ।
আকাশেও ধৰাৰ সʼতে
বৰ্ষা-প্লাৱন হৈ আহি
সকলোতে কৰেই ভ্ৰমণ ।
হওঁক নীল-সেউজী মিলন ।
গুৱাহাটী, সোণাপুৰ