Type Here to Get Search Results !

সম্পাদকীয়- ইচ্ছা শক্তিক কেনেকৈ কৰ্ম শক্তিলৈ ৰূপান্তৰ কৰিব

 সম্পাদকীয়- ইচ্ছা শক্তিক কেনেকৈ কৰ্ম শক্তিলৈ ৰূপান্তৰ কৰিব


যিকোনো শুভ কাম একোটা কৰা আমাৰ সকলোৰে ইচ্ছা থাকে কিন্তু বিভিন্ন কাৰণ কোনো কোনোৱে সময়ত কামটো কৰিব পাৰে কিন্তু কোনোৱে তেনেকৈ মনতে ইচ্ছাক পুহি ৰাখে। এই ইচ্ছা বাস্তৱ ৰূপ দিবলৈ হলে আমি সকলোৱে কৰ্মৰ বাটেৰে যাবই লাগিব সেয়ে ইচ্ছাৰ লগতে কাম কৰিব যাব লাগিব।
উক্ত বিষয়তে আজি কিছু আলোচনা কৰি বিচাৰিছো- 
ইচ্ছা শক্তিক কৰ্ম শক্তিলৈ ৰূপান্তৰ কৰি জীৱনত সফল হ'বলৈ হলে তলৰ পাঁচটা কথালৈ মন দিব লাগিব।
১) যিকোনো কামৰ সকলো দিশবোৰ ভালকৈ ফহিয়াই চাই যিমান পাৰে কম দিনৰ ভিতৰত কামটো আৰম্ভ কৰি দিব লাগে। বহু সময়ত ইচ্ছা থকা কামটোৰ প্ৰতি বহু নাভাবিৱ লগীয়া কথা ভাবি বা কিছুমান অমুলক ধাৰণা মনত লৈ লোৱাৰ ফলত কামটো আৰম্ভ কৰা পলম হৈ হৈ শেষত কামটো হৈ নুঠেগৈ। সেয়ে নিদিষ্ট সময়ত ভিতৰত আৰম্ভ কৰি দিব লাগে।