Type Here to Get Search Results !

শৈশৱ জীৱন যৌৱন

 বলিন বৰদলৈ


 

শৈশৱ :
এটি মাথোঁ ছায়া ছয়াময়া
ধূলি-বালি, বোকাৰে মিহলি
নাছিল তাত বাস্তৱিক
সুখ-দুখ চিত্ৰায়িত বিষাদ অনুভৱ
সুখ মাথোঁ সুখ
নাম তাৰ শৈশৱ ।

জীৱন :
সংগ্ৰাম মাথোঁ সংগ্ৰাম
অনন্ত যাত্ৰাৰ শূণ্যতাৰ বোজা বুকি
জ্বলি থাকে জীৱন যাযাবৰ ধূপকাঠি
আনলৈ সৌৰভ বিলাবলৈ।

যৌৱন :
ৰঙীন উদ্যম, তেজস্বী সপোনৰ ৰহঘৰ
পুৱাৰ নতুন সূৰ্য্যতকৈও প্ৰাণৱন্ত 
আকাশতকৈও উচ্চ, নদীতকৈও খৰশ্ৰুত
সমুদ্ৰতকৈও গভীৰ অথচ ধীৰ স্থিৰ 
পৃথিৱীৰ প্ৰতিটো স্তৰতে খোদিত হৈ আছে
যৌৱন নামৰ বাখৰুৱা সোণালী ঐশ্বৰ্য্য।

আলামি,গোলাঘাট
৯৪০১৮৭৬৭২৮