Type Here to Get Search Results !

বিখ্যাত ৰাছিয়ান ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিৰ(Fiyoder Dostoyevsky) ক্ৰাইম এণ্ড পানিছমেন্ট (Crime and Punishment) এটি পৰ্যালোচনা।

 নাছিৰ আহমেদ


ৰাছিয়াৰ বিখ্যাত ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিয়ে ( জন্ম ১৮২১ চনৰ ১১ নৱেম্বৰ, মৃত্যু ১৮৮১ চনৰ ৯ ফেব্ৰুৱাৰী) ক্ৰাইম এণ্ড পানিছমেন্ট (Crime and Punishment)  মনস্তাত্বিক বিশ্লেষণৰ জৰিয়তে মানুহৰ হৃদয়ৰ মাজত থকা গভীৰ দ্বন্দ্ব-সংঘাতৰ এক বৈচিত্ৰময় ৰূপ অতি ধুনীয়াকৈ ফুটাই তুলিছে। এই উপন্যাসখনত ছেন্ট পিটাৰছবাৰ্গৰ দাৰিদ্ৰ্য-ক্লীষ্ট পৰিয়ালৰ এজন আইনৰ প্ৰাক্তন ছাত্ৰ ৰডিয়ান ৰাস্কল নিকভক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ ৰাস্কলনিকভৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ ছবি অতি মৰ্মস্পৰ্শী ৰূপে অংকন কৰিছে। ৰাস্কলনিকভ ওখ-পাখ ধুনীয়া ডেকা ; কিন্তু তেওঁ সদায় অবিনস্ত্য ভাবে পোছাক পৰিধান কৰিছিল আৰু এটি সৰু কোঠাত বসবাস কৰিছিল।  উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে ৰাস্কলনিকভৰ দ্বৈত সংঘাতৰ মাজেৰে ---
 বহিৰ্সংঘাত(External Conflict)আৰু অন্তৰ্সংঘাত( Internal Conflict) এটা হ'ল, তেওঁৰ নিঃসঙ্গপ্ৰিয় ব্যক্তিত্ব আৰু  বিশ্বৰ প্ৰতি শত্ৰুতা-ভাৱাপন্ন মনোভাৱ। আনটো হ'ল , তেওঁৰ নিঃসঙ্গ আত্মাৰ সৈতে নৈতিকতা ভৰা  সৌন্দৰ্য্যময় বিবেকৰ দ্বন্দ্ব-সংঘাত। কাহিনী বিকাশত ৰাস্কলনিকভৰ দ্বৈত সংঘাতৰ বিষয়ে অৱগত হোৱা এটি সাধাৰণ সমস্যাত পৰিণত হৈ উপন্যাসখন এক জটিল ৰূপ ধাৰণ কৰিছে ; যাক বিভিন্ন ধৰণে অনুধাৱন কৰিব লগীয়া হৈছে।
 এই উপন্যাসখনৰ মূল সমস্যা হ'ল যে, ৰাস্কলনিকভৰ ব্যক্তিত্বৰ দুটা ভিন্ন দিশ এটি একক চৰিত্ৰৰ কাৰ্যাৱলীৰ জৰিয়তে ফুটাই তুলিবলৈ ঔপন্যাসিকে চেষ্টা কৰিছে।
তাকে কৰিবলৈ গৈ ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিয়ে সৃষ্টি কৰা মূল চৰিত্ৰ ৰাষ্টকনিকভে এটি হত্যাকাণ্ডত জড়িত হৈ অতি শীঘ্ৰে বিবেকৰ তাড়নাত শাস্তি বা প্ৰায়শ্চিত্য গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছিল। ঔপন্যাসিকে ৰাস্কলনিকভৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডক ৰাস্কলনিকভৰ চিন্তাৰ প্ৰতীকি ৰূপত ব্যৱহাৰ কৰিছে।এই অপৰাধে উপন্যাসৰ নায়কক প্ৰেম-ভালপোৱা আৰু মানৱতাৰ পৰা বিচ্ছিন্ন কৰিছে। কাহিনীৰ ঘটনা-প্ৰবাহে ৰাস্কলনিকভৰ দ্বৈত চূড়ান্ত ব্যক্তিত্বৰ  এক সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে। সেয়ে, উপন্যাসৰ প্ৰথম খণ্ডত বুদ্ধিদীপ্ত যুৱক ৰাস্কলনিকভে অপৰাধত জড়িত হোৱাৰ বাবে মানুহৰ দক্ষতাৰ প্ৰকৃতি সম্পৰ্কে ধাৰণা পোষণ কৰিছে যে, অপৰিসীম দক্ষতাই এজন মানুহক অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তিলৈ ( Extra ordinary person) পৰিণত কৰে। কিন্তু, দক্ষতাৰ অভাৱত কিছুমান মানুহে সাধাৰণ মানুহ (Ordinary people) হিচাপে বৰ্তি থাকে। এনেকৈ  চৰিত্ৰৰ এই বুদ্ধিদীপ্ত দিশটি অনুভৱ কৰি ৰাস্কলনিকভে অপৰাধ কাৰ্যত জড়িত হৈ পৰি  তেওঁ বিবেকক অতিক্ৰম কৰিব বিচাৰিছিল। কিন্তু তেওঁ বিবেকক অতিক্ৰম কৰাব বিফল প্ৰচেষ্টা চলাই যোৱাৰ লগে লগে তেওঁৰ মনত অনুশোচনা-বোধ জাগ্ৰত হৈছিল। সেয়ে, তেওঁৰ চৰিত্ৰৰ এটা দিশ হ'ল, তেওঁ নিৰ্লিপ্ততা, অমানৱীয় আৰু বুদ্ধিদীপ্তিতাৰ সৈতে সংলগ্নতা  ; যিয়ে তেওঁক নিজস্ব ক্ষমতা আৰু নিজস্ব ইচ্ছাৰে সকলো শুভ কাৰ্য চলাই যোৱাৰ বাবে প্ৰলুব্ধ কৰিছিল। তাৰ বাবে তেওঁ কাৰো পৰা কোনো প্ৰশংসা বা কোনো যোগ্যতা-প্ৰাপ্ততা লাভ কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল। 
ক্ৰাইম এণ্ড পানিছমেন্ট, প্ৰকাশ কাল ১৮৬৬ (Crime  and Punishment) উপন্যাসৰ সংঘাতপূৰ্ণ, আকৰ্ষণীয়  , দাৰিদ্ৰ্য-ক্লীষ্ট আইনৰ প্ৰাক্তন ছাত্ৰ ৰডিয়ান ৰাস্কলনিকভে  মূল্যৱান বস্তুৰ বিনিময়ত উচ্চ হাৰত সুত লৈ টকাৰ লেনদেন কৰা ষাঠি বছৰীয়া বুঢ়ী এলিঅনা ইভানভনা ( Alyona Ivanovna ) আৰু তেওঁৰ সতীয়া ভনী  লিজাভেটাক (Lizavita) কুঠাৰেৰে আঘাত কৰি হত্যা কৰিছিল। ৰাস্কলনিকভৰ মূল সূত্ৰ মতে, তেওঁ এজন অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি  ; যিয়ে যিকোনো ধৰণৰ অসৎ পথ গ্ৰহণ কৰি হ'লেও মানৱতাক উত্থান ঘটাবলৈ সকলো আধ্যাত্মিক দায়িত্ব পালন কৰিবলৈ সক্ষম। যাৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছিল।
এই উপন্যাসখনত ঔপন্যাসিকে এটি ৰুগ্ন মানসিকতাক মূল আধাৰ হিচাপে  দাঙি ধৰিছে। ৰাস্কলনিকভৰ দ্বৈত সংঘাতৰ মাজেৰে বিবেকৰ সৈতে আবেগৰ সংঘাত তীব্ৰ ভাবে ফুটি উঠিছে। যাৰ ফলত, গোটেই উপন্যাসখনত এক সন্দেহৰ বাতাবৰণ সৃষ্টি হৈ পাঠকক সকলো কথা নতুনকৈ ভৱাই তুলিবলৈ সক্ষম হৈছে।
ঔপন্যাসিকে  মাৰমেলাডভ(Marmeladov)নামৰ অতিৰিক্ত মদ্যপান কৰা চৰিত্ৰটি আৰু নৈতিকতাহীন জঘন্যতম চৰিত্ৰৰ  স্ভিড্ৰিগেইলভৰ (Svidrigailov) নামৰ মানুহজনৰ মনস্তাত্বিক দিশ সুন্দৰকৈ বিশ্লেষণ কৰিছে।  মাৰমেলেডভে মদ খাই খাই সংসাৰৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি ধ্বংস কৰি নিঃস্ব হৈ ঘৰৰ একমাত্ৰ শিক্ষিতা ধুনীয়া জীয়ৰী ছোনিয়াক (Sonya) বেশ্যা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। মদৰ নিচাত উন্মত্ত হৈ তেওঁ এদিন  অকাল মৃত্যুক আকোঁৱালি লোৱাত ৰাস্কলনিকভে আগবাঢ়ি গৈ ছোনিয়া আৰু ছোনিয়াৰ পৰিয়ালক মৃত মাৰমেলেভডৰ  সমাধিস্থলীৰ সকলো সকাম সুকলমে চলাবলৈ অৰ্থ সাহায্য প্ৰদান কৰিছিল।  ছোনিয়াৰ পিতৃৰ সকাম চলি থাকোঁতে লুঝিন নামৰ অসৎ চৰিত্ৰৰ মানুহজনে তেওঁৰ মূল্যবান বস্তু এটি ছোনিয়াই চুৰি কৰা বুলি অভিযোগ আনিলে। কিন্তু ৰাস্কলনিকভে তেওঁৰ মিথ্যা অভিযোগ দৃঢ়তাৰে খণ্ডন কৰিলে। ৰাস্কলনিকভে ঘপহ কৰে দুগৰাকী বুঢ়ীক হত্যা কৰাৰ কথা ছোনিয়াৰ আগত প্ৰকাশ কৰাৰ বাবে পত্নী থকা সত্বেও স্ভিড্ৰিগেইলভ নামৰ ঘৃণনীয় চৰিত্ৰটি ৰাস্কলনিকভৰ ভনী ডুনিয়াক (Dunya) বিয়া কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। যদি ডুনিয়াই তেওঁৰ প্ৰস্তাৱ নাকচ কৰে, তেনেহলে তাইৰ ককায়েক ৰাস্কলনিকভৰ গোপন হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰিব বুলি তাইক ব্লেকমেইল কৰিবলৈ ধৰিলে। ডুনিয়াই তেওঁৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে স্ভিড্ৰিগেইলভে অৱশেষত আত্মহননৰ পথ বাচি ল'লে। ৰাস্কলনিকভৰ ভনী ডুনিয়া বুদ্ধিমতী, আত্ম-গৌৰৱী, ধুনীয়া আৰু শক্তিশালী ইচ্ছাশক্তি থকা ছোৱালী। তাই ৰাস্কলনিকভৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ । কাৰণ, ৰাস্কলনিকভ হ'ল আত্মকেন্দ্ৰীক, নিষ্ঠুৰ আৰু বুদ্ধিমত্তাৰ প্ৰতি তীব্ৰ ভাবে সংলগ্ন ; অথচ ডুনিয়া আত্মত্যাগী, দয়ালু আৰু সদায় সহানুভূতিশীল ভাৱাপন্ন। পৰিয়ালৰ আৰ্থিক নিৰাপত্তা আৰু সামাজিক মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ লুঝিনৰ দৰে অসৎ চৰিত্ৰৰ মানুহজনৰ লগত ডুনিয়াই বিবাহ পাশত আৱদ্ধ হোৱাটো ককায়েক ৰাস্কলনিকভে কোনোমতে মানি লোৱা নাছিল। তেওঁ দৃঢ়তাৰে কৈছিল যে, "While I live, the marriage will never take place." অৱশেষত ৰাস্কলনিকভে ডুনিয়াক ক্ষমা কৰিছিল যেতিয়া তাই লুঝিনৰ(Luzhin )সৈতে বিবাহ বিচ্ছেদ ঘটাই তেওঁৰ বিশিষ্ট বন্ধু ৰাজুমিখিনৰ ( Razumikhin)লগত বিবাহ পাশত আৱদ্ধ হৈছিল। ৰাজুমিখিন হ'ল, এজন ধীৰ স্থিৰ আৰু কঠিন কামত লাগি থাকি জীৱনৰ শুদ্ধ পথত অগ্ৰসৰ হোৱা আদৰ্শ চৰিত্ৰ‌ ; যিজনে ডুনিয়াৰ সৈতে ৰাস্কলনিকভৰ জীৱনৰ শেষ মুহূৰ্তলৈকৈ সঙ্গ দিছিল।  
ষাঠি বছৰীয়া এলিঅনা ইভানভনা নামৰ বুঢ়ীজনী আছিল চুটি চাপৰ, শুকান চেহেৰা, শেঁতা ৰঙৰ চকু,  জোঙা বহল নাক , মটীয়া ৰঙৰ চুলি। তেওঁ মেঙ্গী পৰিধান কৰিছিল আৰু মূৰত সদায় ৰঙা টুপী পিন্ধিছিল। এদিন ৰাস্কলনিকভে বুঢ়ীজনীৰ দোকানত গৈ দেউতাকৰ ৰূপৰ ঘড়ী আৰু ভনী ডুনিয়াৰ সোণৰ আঙঠি বন্ধকত দি টকা ধাৰে বিচৰাত বুঢ়ীজনী তেওঁৰ পিনে অবিশ্বাসৰ দৃষ্টিৰে চাই কাঁহিবলৈ ধৰিলে। তেতিয়া ৰাষ্কলনিকভৰ মনত নিষ্ঠুৰ বুঢ়ীজনীক হত্যা কৰাৰ জীঘাংসা ভাৱ ফুটি উঠিছিল। 
এলিঅনা ইভানভনাৰ দোকানৰ পৰা ওলাই ৰাস্তাৰে গৈ থাকোঁতে ৰাস্কলনিকভে এজন ছাত্ৰ আৰু সৈন্যৰ মাজত হোৱা কথোপকথন শুনিবলৈ পালে। ছাত্ৰ জনে ক'লে যে, এই বুঢ়ীজনীয়ে নিজৰ সতীয়া ভনী লিজাভেটাক চাকৰৰ দৰে ব্যৱহাৰ কৰে আৰু যেতিয়াই তেতিয়াই তাইক মাৰ পিট কৰে। ছাত্ৰজনে ভাৱিছিল যে, " Hundred thousand good deeds" could be done with all of Alyona Ivanovna's collect other people money until she died and gives it to a monastery "  ছাত্ৰজনে সৈনিকজনক কৈছিল , তাই ইমানেই দুৰ্নীতিগ্ৰস্থা যে তাইক হত্যা কৰিলে মানৱ ধৰ্ম পালন কৰা হ'ব। তেতিয়া ৰাস্কলনিকভে নিজকে অসাধাৰণ ব্যক্তিত্ব-সম্পন্ন যুৱক হিচাপে মানৱ ধৰ্ম পালন কৰিবলৈ এই নিষ্ঠুৰ শোষক বুঢ়ী আৰু তেওঁৰ সতীয়া ভনী লিজাভেটাক কুঠাৰেৰে আঘাত কৰি হত্যা কৰিছিল।
কিন্তু, জীৱনৰ প্ৰতিটো মুহূৰ্তত ছিজোফ্ৰেনিয়া, বি -পলাৰ দিছ অৰ্ডাৰ আৰু পেৰানৈইয়া মানসিক ৰোগত আক্ৰান্ত হৈ অতি শীঘ্ৰে তেওঁ বিবেকৰ সীমা অতিক্ৰম কৰিব নোৱাৰি অৱশেষত পুলিচ প্ৰশাসনৰ অপৰাধ শাখাৰ এজন বিষয়াৰ সোধাপোছত তেওঁ অপৰাধ কাৰ্যত জড়িত হৈছিল বুলি স্বীকাৰ কৰিলে। যাৰ ফলত তেওঁ ছাইবেৰিয়াত সাত বছৰ জে'ল খাটিবলগীয়া হৈছিল। ছাইবেৰিয়াৰ জে'লত আৱদ্ধ হৈ থাকোঁতে ছোনিয়াই তেওঁক অনুসৰণ কৰি তেওঁৰ কাষত গৈ সম্পূৰ্ণ সঙ্গ দিছিল। কিন্তু, ৰাস্কলনিকভৰ কৰ্কশ আচৰণত ছোনিয়া ভয়ত বিব্ৰত হৈছিল। ৰাস্কলনিকভে চিঞৰি চিঞৰি ছোনিয়া আৰু জে'লৰ কয়েদি সকলক জনালে যে তেওঁ দুগৰাকী বুঢ়ীক হত্যা কৰি মহান পবিত্ৰ কাম সাধন কৰিছে। 
তাৰ পিছ মুহূৰ্তত তেওঁ ছোনিয়াক কাষত মাতি ছোনিয়াৰ প্ৰতি তেওঁৰ আধ্যাত্মিক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা বুলি স্বীকাৰ কৰি তাইৰ প্ৰেমালিঙ্গন লাভ কৰিবলৈ উদ্বাউল হৈ পৰিল। ৰাস্কলনিকভৰ মতে পৃথিৱীত দুই প্ৰকাৰৰ পাপী আছে। সেয়া হ'ল, প্ৰকৃত পাপী আৰু পবিত্ৰ পাপী। ছোনিয়া হৈছে পবিত্ৰ পাপী  ; যিয়ে সংসাৰৰ মহাভাৰ গ্ৰহণ কৰিবলৈ বেশ্যা বৃত্তি গ্ৰহণ কৰিছিল। তেওঁ নতজানু হৈ ছোনিয়াৰ ভৰি চুই ক'লে যে, " I bow not to you, but bow to all suffering of all human beings. " তাৰ পিছত ছোনিয়াৰ উপদেশ মৰ্মে তেওঁ এদিন খোলা ময়দানৰ ভূমি স্পৰ্শ কৰি চিঞৰি চিঞৰি নিজৰ পাপকাৰ্যৰ কথা অকপটে স্বীকাৰ কৰি বিশ্ববাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে।
বিখ্যাত ৰাছিয়ান ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিয়ে ক্ৰাইম এণ্ড পানিছমেন্ট উপন্যাসখনত কোনে কাক হত্যা কৰিছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই  ; কি কাৰণত হত্যা-কাণ্ড সংঘটিত হৈছিল তাৰ মনস্তাত্বিক বিশ্লেষণ আগবঢ়াই পাপ আৰু পৰাচিতৰ এটি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

শিমলাবাৰী গোৱালপাৰা