Type Here to Get Search Results !

আই আৰু পিতাইৰ সপোন

 ৰীতে ৰিদম


মোৰ বিফলতাত যি

টোপনি আৰু ভোক পাহৰি থাকে

আৰু মোৰ নৰিয়াত 

যিয়ে কয় ল’ৰাৰ ঠাইত মোৰে হ’ব লাগে

তেৱেই আই আৰু পিতাই


মোৰ সফলতাত 

প্ৰাপ্তিৰ আনন্দত যাৰ দুচকু সেমেকি উঠে

হাঁহো নাহোঁ কৰি হাঁহে

আৰু গোটেই গাঁওখনক এপাক ঘূৰি আহে

তেৱেই আই আৰু পিতাই


য়াকামিলিহঁতৰ ঘৰত তামোল এখন খাই

আয়ে মোৰেই পাতনি মেলে

এক দুই তিনি…

পিতাইৰ আকৌ তামোল নহয়

এবাতি আপং নহ'লে নচলে


আই আৰু পিতাইৰ সপোন-

গাৱৰ ল’ৰাবোৰ উজ্জ্বলি উঠক

আশাৰ বন্তি জ্বলক প্ৰতি ঘৰে ঘৰে....