Type Here to Get Search Results !

শাশ্বত প্ৰেম , তুমি যদি আহা কবিতা হৈ আহিবা

 দ্ৰোণা চাৰ্য্য হাজৰিকা 


কবিতা কবিতা ল'গা আবেলিত
তুমি মোৰ চকুত চকু থ'লা
আৰু
ক'লা;
মই তোমাৰ দেৱতা
যুগ দেৱতা

মোৰ মা আছিল এটা কবিতা
মোৰ দেউতা আছিল এটা কবিতা
পৰিয়াল
সৰ্বজন কবিতা

কবিতাৰ বুকুতে মোৰ জন্ম 
হাঁহি 
ধেমালি
আনন্দ
বিষাদ
আদি অনাদি সমস্ত ভৈৰৱ

কবিতাৰ বুকুতে মুদিব বিছাৰো মই দুচকু
শেষ চেতনা
নিশ্বাস

শৰত
হেমন্ত
শীত
বসন্ত
যেই সেই এসন্ধ্যাত
শাশ্বত প্ৰেম
তুমি যদি আহা
কবিতা হৈ আহিবা

বাহিৰে
ভিতৰে

আৰু
জন্ম দিবা
হাজাৰ
লক্ষ্য লক্ষ্য 
কবিতা
              
             তালাপ, ককৰাতলি 
             ৰে'ল পাৰা 
              তিনিচুকীয়া