Type Here to Get Search Results !

নাজিৰা নগৰৰ কাষতে লাগি থকা এখন গাঁও ৰেৱতী গাঁও

 দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )


 নাজিৰা নগৰৰ একেবাৰে দাঁতিতে লাগি থকা এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও ৰেৱতী গাঁও ৷য’ত স্বৰ্গদেউ প্ৰতাপ সিংহই ল’ৰালি কাল এনায়েকৰ ঘৰ ৰেৱতী গাওঁত পাৰ কৰিছিল ৷ৰেৱতী গাঁৱৰ কাষতে আছে কপহুৱা গাঁও । এই গাঁওতে ফুটুকলাৰে ভৰি থকা কুৰুকা ভঙোৱাই স্বৰ্গদেউ প্ৰতাপ সিংহই ডয়- খাম-ডাং -খাট নিৰ্মাণ কৰোৱাইছিল ৷সেইয়ে ক’পহুৱাক ফুটুকলা তলি বুলি ও জনা যায় ৷কপহুৱা আৰু ৰেৱতী গাৱঁৰ মাজেদি গৈছে এখন সৰু অথচ বাৰিষা কোবাল ৰূপ ধাৰণ কৰা না --ফুক , যাক মাদুৰিৰ ফালে গেলা ডিমৌ নামেৰে জনা যায়৷ বাৰিষা বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী ৷ৰেৱতী গাঁও মানৰ আক্ৰমণ মহামাৰী সদৃশ কলা জ্বৰে ৰেৱতী আৰু ক’পহুৱা গাঁৱৰ মানুহক জুৰুলা কৰিছিল ৷ৰেৱতী ক’পহুৱা গাঁৱত বৰ গোহাঁই সকলৰ ৰেৱতী খেলৰ হাতীমুৰীয়া সকলৰ লগতে  চাবুক ধৰা আৰু জ্যোতিষ গণনাৰ কৰা গণক আদি ফৈদৰ জপৰজল চেতিয়া , মপ্লং দেউধাই  আদি ফৈদৰ লোক সকলে বসবাস কৰি আহিছে ৷ মৌখিক বুৰঞ্জীৰ মতে ৰেৱতী গাঁওতে স্বৰ্গদেউ গদাপাণিয়ে আত্মৰক্ষাৰ বাবে বিভিন্ন অঞ্চলত  ঘুৰি ফুৰোতে এৰাতি ৰেৱতী অঞ্চলৰ এঘৰ নিচলা গণকৰ ঘৰত এৰাতি কটাইছিল ৷গণকে গদাপাণিৰ হাতৰ ৰেখা গণনা কৰি কৈছিল যে তোমাৰ হাতৰ ৰেখাই ৰজা হোৱাৰ যুগ দেখুৱাইছে ৷সচাকৈয়ে কিছুদিনৰ পাচতে গদাপাণি ভিনিয়েক বন্দৰ বৰফুকনৰ সহায়ত আহোম ৰাজ্যৰ ৰাজপাটত বহিছিল । সেই গণকৰ নাম আছিল চে্ঙেলী গণক ৷ তেখেতৰ ঘৰত পানী খোৱাৰ সু-ব্যৱস্থা নথকাৰ বাবেই খন্দোৱাই দিছিল সুবিশাল এটা পুখুৰী যাক আজিও চেঙেলী পুখুৰী নামেৰে জনাজাত৷ অলপ আগুৱাই গৈ আৰু এটা পু খুৰী খন্দোৱাই দিছিল যাৰ নাম আজিও গণকৰ পুখুৰী ৷দক্ষিণলৈ ঐতিহাসিক বাঁহগড়ৰ কাষত এখন বাৰী পাতিছিল যাৰ নাম আজিও বয়োজেষ্ঠ সকলে ৰংঘৰ বাৰী বুলি কয় । ৰেৱতী গাঁৱৰ মাজেৰে  যোৱা ধোদৰ আলিৰ পৰা কিছু নিলগতে আছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰংমতী লিগিৰীৰ স্মৃতিত খন্দোৱা লিগিৰী পুখুৰী ৷যাৰ পানী আজিও চকচকীয়া দাপোণ যেন ৷ৰেৱতী গাঁৱৰ কাষতে আছে ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঁইৰ চতুৰ্থ পুত্ৰ ৰামচন্দ্ৰ  খনিকৰ বৰুৱাই খন্দোৱা চেপেটা ইটাৰে নিৰ্মিত গা -ধুবৰ বাবে ব্যৱহাৰ কৰা খটখটী পুখুৰী কাষতে লাইথেপেনা বৰগোহাঁইৰ বাসস্থানৰ বাৰীৰ ওখ ওখ ঢাপৰ অৱশিষ্ট ৷মুঠৰ ওপৰত ৰেৱতী গাওঁ এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও ৷যাৰ বুকুত লুকাই আছে ছশবছৰীয়া আদসম ৰাজত্ব কালৰ বহু স্বৰ্ণীল ইতিহাস এতিয়াও যাৰ বক্ষ খুচৰিলে উদ্ঘাটন হব আহোম ৰাজত্ব কালৰ বহু উন্মোচিত নোহোৱা স্বৰ্ণময় ইতিহাসৰ মেট  মৰা সম্ভাৰ  ৰেৱতী গাঁওতে অৱস্থিত শ্ৰীকৃষ্ণ দেৱে  শংকৰ দেৱৰ উত্তৰসুৰী ধৰ্মগুৰু সকলে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰ য’ত বিভিন্ন সম্প্ৰদায়ৰ লোকক ধৰ্মত দিক্ষিত কৰা হৈছিল ৷