চৈয়দা চায়ৰা বেগম
একেধাৰে কবি,সাহিত্যিক,নাট্যকাৰ,চিত্ ৰকৰ,অভিনেতা আৰু মুক্তি যুঁজাৰু লগতে অসমীয়া জাতীয় জীৱনলৈ অমূল্য অৰিহণা আগবঢ়াই থৈ যোৱা আৰু যি জন মহান ব্যক্তিৰ গুণ গৰিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি সেই মহান ব্যক্তি জনেই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱ ৷
তেখেতৰ জন্ম ১৯০৯ চনৰ ৩১জানুৱাৰী আৰু মৃত্যু ২০জুন ১৯৬৯চনত ৷ তেখেতৰ মৃত্যু তিথিটো আমি 'ৰাভা দিৱস' হিচাবে পালন কৰি আহিছো ৷
ৰাভাদেৱে কবিতা,সাহিত্য,গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰৱন্ধ পুথি ৰচনা কৰি থৈ গৈছে ৷ ৰাভা দেৱৰ সংগীত সমূহ শিশুসকলৰ মাজত আজিও অতি জনপ্ৰিয় ৷'বিশেষকৈ 'বিলতে হালিছে', 'সুৰৰে দেউলৰে' এই গীতসমূহ চিৰ নতুন ৷
তেখেতৰ উপন্যাস'সোণপাহি' আৰু 'মিচিং কনেং'
নাটক 'গেঙনি ৰেঙনি
গল্পসমূহ 'মামীৰ হাৰ',
'কুৰী বছৰ জেইল' ,'জাল কেছ ' 'ফুংকা'(বড়ো ভাষাৰ)৷
ৰাভা দেৱৰ 'তাণ্ডৱ নৃত্য'ৰ বাবে ১৯৩৯চনত বাৰাণসীত কাশী হিন্দু বিশ্ববিদ্যালয়ত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে "কলাগুৰু" উপাধি প্ৰদান কৰিছিল ৷
অসমৰ কৃষ্টি আৰু সংস্কৃতি,কাব্য সাহিত্য সকলো দিশতে বহু উল্লেখযোগ্য অৰিহণা আগবঢ়াই যোৱা এই সৈনিক শিল্পীজনলৈ সশ্ৰদ্ধ প্ৰণাম ৷
নাজিৰা