Type Here to Get Search Results !

জোনাকী পৰুৱাৰ স'তে

 ৰীতে ৰিদম


সন্ধিয়া সন্ধিয়া

জোনাকী পৰুৱাৰ স'তে 

খেলিবলৈ যোৱা বাবে

আইৰ হাতত এচাৰি

কিতাপৰ মাজৰ পৰা সৰকা বাবে

পিছদিনা চাৰৰ এশিকনি


খেলি খেলি কেতিয়াবা

হেৰাই যাওঁ এৰাতি... 

তেতিয়া আইৰ খং আৰু হাহাকাৰ


এদিন জুই জ্বলাই

এৰি থৈ গ'ল প্ৰেয়সী

মাজৰাতি মোকেই গালি পাৰি


বিচ্ছেদৰ বেদনা সহি 

ঘৰলৈ আহিছোঁ উভতি

আয়ে ভাবিলে চুৰি...।