Type Here to Get Search Results !

সন্তানৰ আত্ম-বিকাশত মাতৃ

  ৰঞ্জিত চুতীয়া


                        পিতৃ-মাতৃ তেতিয়াই আটাইতকৈ সুখী হয়, যেতিয়া তেওঁলোকৰ ল'ৰা-ছোৱালী প্ৰকৃতাৰ্থত মানুহ হিচাপে সমাজত স্বীকৃতি লাভ কৰে। ই হৈছে দীৰ্ঘ দিনীয়া সাধনাৰ ফল। এই প্ৰাপ্তিৰ আনন্দই নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিবলৈ জীৱনত যি কষ্ট তথা ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল সেই সকলোবিলাক পাহৰাই দিয়ে। শিশু এটি জন্ম হৈ নিজৰ ভৰিত থিয় দিব পৰা হোৱালৈকে এই দীৰ্ঘ সময়ছোৱাত মাক-দেউতাক দুয়োৰে যি অৱদান, তাক জীৱনকালত পৰিশোধ কৰাটো সন্তানৰ পক্ষে অসম্ভৱ।
                     সন্তান এটি ডাঙৰ-দীঘল কৰাত পিতৃ-মাতৃ দুয়োৰে ভূমিকা সমান বুলি কোৱা হয় যদিও বাস্তৱ ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা সম্পূৰ্ণ সুকীয়া আৰু অতুলনীয়। মাতৃগৰাকীৰ গৰ্ভত সন্তান থিতাপি লোৱা দিনৰ পৰাই তেওঁৰ ব্যক্তিগত জীৱন বুলি ভাৱিবলৈ একো নাই বুলিয়েই ক'ব পাৰি। সেই দিনাৰ পৰা তেওঁ যিকোনো কথা দুটা জীৱনৰ বাবে ভাৱিব লগা হয়, এবাৰ নিজৰ বাবে আৰু এবাৰ গৰ্ভত থকা সন্তানটোৰ বাবে। এটি শিশু এগৰাকী মাতৃৰ শৰীৰৰ পৰা বিছিন্ন হোৱা এক অংশ। এই বিলাক প্ৰকৃতিৰ দ্বাৰা পৰিচালিত পৰিঘটনা। সেয়ে কোৱা হয় "জননী জন্মভূমি স্বৰ্গাদপী গৰীয়সী"। এই প্ৰাকৃতিক নিয়মে নিৰ্ধাৰিত কৰিছে সন্তানৰ ওপৰত মাতৃৰ দায়িত্ব পিতৃতকৈ বেছি।
                     মাতৃ হ'ল এটি মিঠা শব্দ আৰু এক অনন্য অনুভূতিৰ কাৰক। এগৰাকী মাতৃয়ে সন্তান গৰ্ভত ধাৰণ কৰে আৰু জন্মৰ পৰা তুলি -তালি ডাঙৰ-দীঘল কৰাৰ লগতে অন্যতম প্ৰধান অভিভাৱক ৰূপে সন্তানৰ আত্ম-বিকাশত সহায় কৰে। 'ৰিপভান উইংকুল' খ্যাত আমেৰিকান গল্পকাৰ ৱাশ্বিংটন আৰভিঙে কৈছিল, " A mother is the truest we have, when trials heavy and sudden fall upon us when friends desert us; when trouble thickness around us, still will she cling to us, ang endeavour by her kind precepts and counsels to dissipate the clouds of darkness, and cause peace to return to our hearts."
                      হিন্দু ধৰ্মশাস্ত্ৰত আদ্যশক্তিক মাতৃ জ্ঞান কৰি পূজা কৰা হয়। চাণক্যই মাতৃৰ বিষয়ে কৈছিল, "সন্তানক মাতৃয়ে গৰ্ভত ধাৰণ কৰে আৰু লালন-পালন কৰে, সেয়ে মাতৃ পিতৃতকৈয়ো শ্ৰেষ্ঠ। ত্ৰিভুৱনত মাতৃৰ তুল্য গুৰু নাই।" ইছলাম ধৰ্মৰ এটি হাদীসত নবী মহম্মদে কৈছে, "মাতৃৰ পদতলতেই সন্তানৰ প্ৰকৃত স্বৰ্গ থাকে।" পৰম্পৰাগত অসমীয়া সমাজতো মাতৃৰ স্থান আৰু সন্মান যে অতি আদৰৰ সেই কথা প্ৰবচন, যোজনা আৰু ডাকৰ বচন আদিয়ে প্ৰমাণ কৰে। যেনে ____
            "আই সমান হ'ব কোন
             নৈ সমান ব'ব কোন।।"
                    মাথোঁ জন্মদাত্ৰী মাতৃহে প্ৰকৃত মাতৃ এনে নহয়। কোনো এগৰাকী নাৰীয়ে গৰ্ভত সন্তান ধাৰণ নকৰা সত্বেও এগৰাকী মাতৃ জন্মদাত্ৰী মাতৃতকৈ আপোন হ'ব পাৰে। হিন্দু ধৰ্মশাস্ত্ৰৰ কৃষ্ণৰ প্ৰতি থকা যশোদাৰ মমতাই প্ৰমাণ কৰে। সেইদৰে দুৰ্গত জনৰ প্ৰতি থকা কৰুণাৰ বাবে মাদাৰ টেৰেছাক সমগ্ৰ বিশ্বই মাতৃৰ সন্মান যাচিছে।
                    সময় গতিশীল, পাখি লগা কাঁড়ৰ দৰে। সময়ৰ লগত খোজ মিলাই সমাজ ব্যৱস্থাৰো দ্ৰুত সলনি হৈছে। আগৰ যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়াল ব্যৱস্থাই ঠাই লৈছে। মানুহৰ থকা, খোৱা, চিন্তাচৰ্চা সকলো সলনি হৈছে। আজিৰ এই যান্ত্ৰিক যুগৰ লগত খাপ খুৱাই এটি পৰিয়ালত নিম্নতম প্ৰয়োজনীয়খিনি পূৰণ কৰিবলৈ পতি-পত্নী দুয়োজনৰ উপাৰ্জনৰ পথ থাকিলেহে সকাহ পোৱা যায়। সন্তান এটি পঢ়াই শুনাই ডাঙৰ-দীঘল কৰিবলৈকে প্ৰতি মাহে এক মোটা অংকৰ ধনৰ প্ৰয়োজন হয়। অৱশ্য কিছুমান পৰিয়ালত ঘৰখনৰ মাতৃগৰাকী চাকৰিয়াল হ'লে এহাতে পাৰিবাৰিক কিছু বিশৃংখলতাই দেখা দিয়ে আৰু আনহাতে মাতৃগৰাকীয়ে ঘৰ আৰু চাকৰি দুয়োটা পৰিচালনা কৰাটো কষ্টকৰ হয়। এই ক্ষেত্ৰত ঘৰখনৰ আন সদস্যসকলৰ সহযোগিতাৰ লগতে মাতৃগৰাকীৰ মনোবল আৰু মানসিক প্ৰস্তুতি। ঘৰ-বাৰী, ল'ৰা-ছোৱালী, চাকৰি এই সকলো সমানে নিয়াৰিকৈ পৰিচালনা কৰি লগতে বিভিন্ন দিশত সুনাম কঢ়িয়াই অনা বহুতো মাতৃ আমাৰ মাজত আছে। চাকৰিয়াল মাতৃৰ সন্তানসকল আত্মনিৰ্ভলীল হ'বলৈ সৰুৰে পৰা ঘৰখনত এটি অনুকূল পৰিৱেশ পায়। এই পৰিৱেশ সৃষ্টিৰ মূলতে হৈছে মাতৃগৰাকীৰ চাকৰি আৰু পৰিয়াল দুয়োটাকে সমানে পৰিচালনা কৰা দক্ষতা।
                    এগৰাকী নাৰীয়ে কৰিব নোৱাৰা একো কাম নাই। মাথোঁ লাগে মনত জোৰ আৰু শৰীৰত শক্তি। সেয়ে কোৱা হয় "নাৰী দেশৰ ধৰণী স্বৰূপ"। নেপোলিয়ন বোনাপাৰ্টে কৈছিল, "মোক কেইগৰাকীমান ভাল মাতৃ দিয়া মই এখন ভাল দেশ দিম"।