Type Here to Get Search Results !

গণতন্ত্ৰ

জাবেদ আখটাৰ আলী


গণতন্ত্ৰ! এই যে আমাৰ গণতন্ত্ৰ
কিমান ধুনীয়া আমাৰ লোক তন্ত্ৰ 
স্বাধীনতা আৰু অধিকাৰেৰে পৰিপূৰ্ণ আমি। 

এই দেশৰ নিবাসী আমি 
এই দেশৰ নাগৰিক আমি 
আমিয়ে দেশৰ ভোটাৰ
ভোটদান আমাৰ অধিকাৰ। 

গঢ়িম আলোকৰ তন্ত্ৰ 
মৰম-চেনেহ আৰু একতাৰ কন্ঠ,
আমাৰ কন্ঠই গঢ়িব আমাৰ 
ভৱিষ্যত আৰু উন্নতিৰ তন্ত্ৰ,
জাতি, ধৰ্ম বৰ্ণ ভেদ ভাৱ নকৰি 
গঢ়িম আমি গণতন্ত্ৰ।